বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলা জিলাৰ জামুগুৰিহাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ।১ 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।২
ইতিহাস
আনুমানিক ১৭৯৭-৯৮ চনত জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল৩। কেনেকৈ ইয়াৰ সূত্ৰপাত হয় তাৰ লিখিত সমল নাই। কিন্তু বাৰেচহৰীয়া ভাওনাৰ পাতনিত কলিয়াবৰ মহকুমাৰ "হেজাৰী ভাওনা", কামপুৰৰ "বাৰেগঞা ভাওনা" আদিৰ প্ৰভাৱ থকাটো অনুমান কৰা হয়৩।
১৮৯৭ চনৰ পৰা মুঠ ২৪ বাৰ এই মহোৎসৱ অনুষ্ঠিত হৈছে। দক্ষিণ জামুগুৰিৰ অন্তৰ্গত পাছিগাঁৱৰ পশ্চিমে থকা 'ৰঘুদলনি' পথাৰত প্ৰথম ২১খন ভাওনাৰে ইয়াৰ আৰম্ভ হৈছিল। ১৮০৭ চনত সেই গাঁৱৰে বৰ্তমানৰ নামঘৰ থকা ঠাইৰ খুনখোৱাহাটৰ কাষত, ১৮১২ চনত বৰভগীয়া গাঁৱৰ পশ্চিমৰ 'ফাকুৱা পথাৰ'ত, ১৮১৭ চনত পুনৰ 'ৰঘুদলনি'ত, ১৮৯৫ চনত শলগুৰি গাঁৱৰ পশ্চিমে থকা 'ডোমৰ বাকৰি'ত এই বাৰচহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল। ১৯০০ চনত কাঠবাৰী গাঁৱৰ উত্তৰে থকা ঢাকৰি পথাৰত ১৮খন খলাত ১৮খন ভাওনাৰে বাৰেচহৰীয়া ভাওনা উদ্যাপন হয়। ১৯০৫ চনত ২১খন খলাৰে ডেকাসুন্দৰ গাঁৱৰ 'পকামূৰা পথাৰ'ত বৃহৎ মণ্ডপ সাজি এই ভাওনা উদ্যাপন কৰা হয়।৪ তাৰ পাছত ১৯১০ চনত বৰহমপুৰ-সৰুভগীয়া গাঁৱৰ মাজৰ বালিপৰা পথাৰত এই ভাওনা পতা হয়। ১৯১৭চনৰ পৰা ২০০৭ চনলৈ চৈধ্যবাৰ পকামূৰা পথাৰতে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছে। মাজতে এবাৰ ১৯৫৩চনত পাতলৰ চুক গাঁৱৰ উত্তৰে থকা 'ফুটুকাতলি' পথাৰত এই অনুষ্ঠান উদ্যাপিত হয়। ২০১৩ চনত পকামূৰা পথাৰতে ২৪-২৭ ফেব্ৰুৱাৰীত বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল।৫
বাৰেচহৰীয়া ভাওনাৰ প্ৰসাৰ আৰু স্বীকৃতিৰ ক্ষেত্ৰত 'শোণিতকোঁৱৰ' গজেন বৰুৱাই আগভাগ লৈছিল১৬।
গঠন



বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপটো পদুম ফুলৰ চকাৰ আৰ্হিত নিৰ্মাণ কৰা হয়। পদুমৰ প্ৰতিটো পাহত একোখনকৈ 'খলা' নিৰ্মাণ কৰা হয়। একোখন খলাত সাতযোৰকৈ খুঁটা থাকে। বাঁহৰ কামিৰে নিৰ্মাণ কৰা চালৰ ওপৰত ন-খেৰেৰে চাঁৱনি দিয়া হয়। মণ্ডপৰ সোঁমাজত গম্বুজ সাজি তাৰ ওপৰত স্বৰ্ণাভ কলচী প্ৰতিষ্ঠা কৰা হয়। প্ৰতিখন খলাৰ কেন্দ্ৰস্থল দৌলত সিংহাসন প্ৰতিষ্ঠা কৰা হয়। খলাবোৰৰ সন্মুখত একোটাকৈ বাটচ'ৰা থাকে আৰু তাৰ কাষতে একোটা ছোঁঘৰ থাকে। প্ৰত্যেক খলা, বাটচ'ৰা আৰু ছোঁঘৰৰ আৰ্হি সম্পূৰ্ণ একে৩।
গম্বুজৰ সৈতে ৰভাখন আৰু খলাসমূহক সাতটা ভাগত বিভক্ত কৰা হয়। সেইকেইটা হৈছে৩:
(ক) গুৰু আসন
(খ) বিশিষ্ট লোকসকলৰ আসন
(গ) গুৰু আসন প্ৰদক্ষিণ পথ
(ঘ) ৰংগভূমি বা অভিনয় ক্ষেত্ৰ
(ঙ) বাটচ'ৰা
(চ) মুকলি ঠাই
(ছ) মূল বাটচ'ৰা
বৈশিষ্ট্য
জাতি,ধৰ্ম,বৰ্ণ নিবিৰ্শেষে সৰ্বজনীনভাৱে উদযাপন কৰা শংকৰী কলা-কৃষ্টিৰ এনে ধৰ্মীয়-সাংস্কৃতিক ৰংগানুষ্ঠান খুবেই জনপ্ৰিয় আৰু কেবা লক্ষ্য দৰ্শকে উপভোগ কৰিব পৰাটো ইয়াৰ মূল বৈশিষ্ট্য। কোনো আনুস্থানিক কাৰিকৰী প্ৰশিক্ষণ নথকা গাঁৱলীয়া ৰাইজে কোনো বিশেষজ্ঞ কিম্বা অভিযন্তাৰ সহায় নোলোৱাকৈ নিজৰ সহায় আৰু বুদ্ধি-অভিজ্ঞতাৰে এটি সৰ্ব্বাংগ সুন্দৰ সুবৃহত মণ্ডপ পৰিকল্পনা কৰি তাক বাস্তৱত ৰূপদান কৰে৫। কোনে প্ৰথম এনে ৰংগমঞ্চ উদ্ভাৱন কৰিছিল, কাৰো সুকীয়াকৈ নাম জনা নাযায়। এই ভাওনাৰ মূল বৈশিষ্ট্য হ'ল ১৪ ৰ পৰা ২১খন বেলেগ বেলেগ খলাত একে সময়তে অনুষ্ঠিত নাট ভাওনা। মূলমণ্ডপক কেন্দ্ৰ কৰি চাৰিওদিশে তৈয়াৰ কৰা ১৪ ৰ পৰা ২১খন খলাই এক বৃত্তাকাৰ ৰূপ ধাৰণ কৰে। সিংহাসন প্ৰতিষ্ঠিত মণ্ডপৰ পশ্চিম দিশৰ খলা খনক মূল খলা হিচাপে গণ্য কৰি বাকীবোৰ খলাৰ নাম দিয়া হয়। প্ৰতিখনি খলাকে গছ-লতা-ফুলেৰে সুদৃশ্য কৰি তাৰ সন্মুখত একোটাকৈ তোৰণ সাজি মঞ্চসমূহক আৰু অধিক সুন্দৰ কৰি তুলিবলৈ যত্ন কৰা হয়। এই সকলো খলাতে একে সময়তে ডবা, বৰকাঁহ বাজি ভাওনা আৰম্ভ কৰা হয়। প্ৰথম খলাৰ পৰাই গায়ন-বায়নে ঢেৰাপাক দিয়া আৰম্ভ কৰে। লগে লগে সকলো খলাৰপৰাই সোঁহাতেদি প্ৰথম খলাৰ গায়ন-বায়নে ক অনুসৰণ কৰি সম্পূৰ্ণ কলাসমূহত তিনি পাক দিয়াৰ পিছত নিজ নিজ খলাত গণিকাৰ কাম শেষ কৰে। গায়ন-বায়নেৰ ঢেৰাপাকৰ এই দৃশ্যটো বাৰে চহৰীয়া ভাওনাৰ এক অন্যতম দৃশ্য৫। ইয়াৰ পিছত প্ৰতিখন খলাতে সুকীয়া ভাওনা হয়। প্ৰতিখন খলাত গায়ন বায়ন, সূত্ৰধাৰ, নাট আদি ভিন ভিন।
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Syed Zarir Hussain. Dance-drama extravaganza in Assam with 2,500 actors (FEATURE). india-forums.com
- ↑ শাক্য সৌমিক. Baresohoriya Bhaona. এনাজৰী
- ↑ কিশোৰ কুমাৰ ভূঞা. (২৪ ফেব্ৰুৱাৰী, ২০১৩). বাৰেচহৰীয়া ভাওনা- অনন্য সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন. আমাৰ অসম- পূৰ্বাচল. পৃ. ৮-১১
- ↑ শোভাকৃষ্ণা ফুকন. (২০১৫). বাৰেচহৰীয়া ভাওনা. নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন. পৃ. ৭১
- ↑ ড° প্ৰদীপ ভূঞা. (২০১৩). বাৰেচহৰীয়া ভাওনাৰ ঐতিহ্য আৰু মহত্ত্ব. অসমীয়া খবৰ. পৃ. পৃ:৪
- ↑ অসমীয়া সংস্কৃতিৰ কণিকা, সম্পাদনা- ড° নাৰায়ণ দাস, ড° পৰমানন্দ ৰাজবংশী, পৃষ্ঠা- ২৪৫-২৪৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰেচহৰীয়া ভাওনা মহোৎসৱ” প্ৰবন্ধৰ সংশোধন ৪০৯১৩৬ (২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।