অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ন-খোৱা উৎসৱ

ন-খোৱা হৈছে অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ। আঘোণমাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা কাৰ্যকে ন-খোৱা বুলি কোৱা হয়। এই উৎসৱক কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়।

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ন-খোৱা হৈছে অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ। আঘোণমাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা কাৰ্যকে ন-খোৱা বুলি কোৱা হয়। এই উৎসৱক কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। লোকবিশ্বাসমতে ন-খোৱা উৎসৱ বা ন চাউলৰ ভাতসাঁ‌জ সাধাৰণতে আঘোণ মাহত খাব লাগে, কাতি বা পুহত নহয়। অৱশ্যে কিবা কাৰণত আঘোণত ন-খাব নোৱাৰিলে মাঘ মাহত ন-খোৱাৰ প্ৰথা এটা কিছু কিছু অঞ্চলত আছে।১

ইতিহাস আৰু উদ্দেশ্য

ন-খোৱা উৎসৱটো ক'ত কেতিয়া আৰু কেনেকৈ সৃষ্টি হ'ল সঠিককৈ গম পোৱা নাযায়। কৃষিভিত্তিক সমাজ জীৱনত এজন মানুহ আন এজনৰ লগত পৰস্পৰ নিৰ্ভৰশীল। এটা সময়ত জীৱ-জন্তুৰ পৰা শস্য ৰক্ষা কৰিব লগা হৈছিল আৰু কৃষি কাৰ্যত ইজনে-সিজনক সহায়-সহযোগিতা কৰাটো অপৰিহাৰ্য আছিল। আঘোণ মাহত পথাৰৰ ধান কাটি আজৰি হোৱাৰ পাছত নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা পৰম্পৰাগত নিয়মটোৱে কৃষিকাৰ্যত জড়িত সকলোৰেই সহযোগিতাৰ কথাকেই বুজায়।১

ঠাইভেদে পৰম্পৰা আৰু পদ্ধতি

ন-খোৱা সাধাৰণতে এক আনন্দদায়ক উৎসৱ। ঠাইবিশেষে ইয়াৰ পৰম্পৰা আৰু নিয়ম বেলেগ যদিও ইয়াৰ মূল উদ্দেশ্য একেই।২

ন-খোৱা উৎসৱৰ কাৰণে এটা শুভ দিন-বাৰ চাই লোৱা হয়। সাধাৰণতে নামঘৰত প্ৰথমে সমূহিয়াকৈ ন-খোৱাৰ আয়োজন কৰা হয়। নামঘৰত ন-খোৱাৰ দিনা গাঁ‌ৱৰ সকলো মানুহ নামঘৰলৈ যায় আৰু কীৰ্তন পাঠ কৰি গুৰুসেৱা কৰে। নামঘৰত ন খাওঁতে নতুন চাউলৰ পায়স আৰু প্ৰসাদ দিয়া হয়, ভাতৰ ব্যৱস্থা নহয়। নামঘৰত ন-খোৱাৰ পাছত গাঁ‌ৱৰ ৰাইজে ওচৰ-চুবুৰীয়া, মিটিৰ-কুটুম্বৰ সৈতে মিলি ঘৰে ঘৰে ন খায়।

অঞ্চলবিশেষে ন-খোৱাৰ দিনা গো সেৱা কৰা হয়। ন-চাউলৰ ভাত ৰান্ধি এখন আগলতি কলপাতত গোহালিত নি তাত নিজ পথাৰৰ পৰা কেঁচা ধান এমুঠি দি এডোখৰ ঠাই পৰিষ্কাৰ কৰি পানীৰে গোহালিৰ মুখ্য গৰুটোৰ ঠেং চাৰিখন ধোৱাই দি সকলো গৰুকে সেৱা কৰি ভাতখিনি খোৱাৰ পিছত সিহঁতক আদৰ সন্মানেৰে গোহালিত বান্ধি থোৱা হয়। কোনো কোনো ঠাইত ন-খোৱাৰ দিনা মহিলাসকলে আই লখিমীক আদৰাৰ নাম গায় আৰু উৰুলি দিয়ে। কিছুমান ঠাইত মাঙ্গলিক চিন স্বৰূপ পদূলিমুখত কলপুলিও পোতা দেখা পোৱা যায়।৩২

নামনি অসমত বিশেষকৈ নলবাৰী জিলাত প্ৰচলিত নিয়ম অনসৰি ন-খোৱাৰ দিনা গৃহস্থৰ ভাগিন-ভাগিনী উপস্থিত থকাটো একপ্ৰকাৰ বাধ্যতামূলক। ভাগিন-ভাগিনীক ন’ খুৱালেহে আই-লখিমী সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।৪

যোৰহাট নগৰৰ কাষৰীয়া শ্ৰীশ্ৰী অষ্টভুজদেৱৰ পুণ্যতীৰ্থ বৰভেটিত আঘোণ মাহৰ নিৰ্দিষ্ট দিনত ন-লগোৱা উৎসৱ উদ্‌যাপন কৰা হয়। মায়ামৰা সম্প্ৰদায়ৰ লোকৰ লগতে আন বহুলোকে এই উৎসৱত ভাগ লৈ ন-চাউলৰ জুতি লোৱাৰ লগতে কৃষিজীৱী অসমীয়াৰ মাজত ঐক্য-সংহতি গঢ়ি তুলিছে।১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ বৰদলৈ, অজিত কুমাৰ. (12 December 2017). আঘোণৰ ন-খোৱা. janambhumi
  2. ↑ তালুকদাৰ নগেন. (২০২২). কৃষকৰ সোণোৱালী শস্য চপোৱা আঘোণ মাহ আৰু ’ন-খোৱা’ উৎসৱ. অসমীয়া খবৰ. পৃ. ৫
  3. ↑ (4 December 2018). আঘোন মাহ আৰু ন খোৱা উৎসৱৰ কিছু পৰম্পৰা. nefocus
  4. ↑ মেধী, ৰমেশ. কৃষি সম্পৰ্কীয় কিছু পৰম্পৰা – Some Agriculture Related Customs. কৃষক বন্ধু

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন-খোৱা উৎসৱ” প্ৰবন্ধৰ সংশোধন ৪৯৪৯১৩ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।