অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পানী (২০১৪ চলচ্চিত্ৰ)

পানী ( Pani) হৈছে ২০১৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। যদুমণি দত্তই পৰিচালনা কৰা বোলছবিখনৰ প্ৰযোজনা যুটীয়াভাৱে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু জে পি ফিল্ম্‌ছৰ বেনাৰত যদুমণি দত্তৰ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পানী ( Pani) হৈছে ২০১৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। যদুমণি দত্তই পৰিচালনা কৰা বোলছবিখনৰ প্ৰযোজনা যুটীয়াভাৱে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু জে পি ফিল্ম্‌ছৰ বেনাৰত যদুমণি দত্তৰ। দীপক কুমাৰ গগৈৰ এখন একাংকিকা নাটকৰ আধাৰত যদুমণি দত্তৰ চিত্ৰনাট্যৰে পানী এখন সমসাময়িক সামাজিক-ৰাজনৈতিক পটভূমিত নিৰ্মিত চলচ্চিত্ৰ। ২০১৩ চনৰ নৱেম্বৰ মাহত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বোলছবিখনৰ প্ৰীমিয়াৰ হয়।১

কাহিনী

চৰকাৰৰ কথা আৰু কামৰ মাজত সদায় পাৰ্থক্য দেখা যায়। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আৰু সেই প্ৰতিশ্ৰুতি কিমান দূৰ পূৰণ হয় তাৰ আধাৰতেই বোলছবিখনৰ কাহিনী নিৰ্মিত।১

অভিনয়ত

কলা-কুশলী

  • পৰিচালনা/চিত্ৰনাট্য - যদুমণি দত্ত
  • প্ৰযোজক - যদুমণি দত্ত
  • কাহিনী/সংলাপ - দীপক কুমাৰ গগৈ
  • চিত্ৰগ্ৰহণ - সুমন দুৱৰা
  • সংগীত পৰিচালনা - অনিৰুদ্ধ বৰুৱা
  • সম্পাদনা - ৰূপম কলিতা
  • কলা নিৰ্দেশনা - জয়ন্ত ফুকন১
  • ছাউণ্ড ডিজাইন আৰু মিক্সিং - দেৱব্ৰত চলিহা

সন্মান

  • উনবিংশ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১০-১৭ নৱেম্বৰ, ২০১৩) প্ৰদৰ্শিত
  • দ্বিতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (২১-২৭ ডিচেম্বৰ, ২০১৩) প্ৰদৰ্শিত
  • ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১০-১৮ জানুৱাৰী, ২০১৪) প্ৰদৰ্শিত১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Paani - New Assamese Film by Jadumoni Dutta. Assam Trends

সম্পৰ্কিত শ্ৰেণী

২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০১৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানী (২০১৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮১৭২২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।