অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দুৱাৰ (চলচ্চিত্ৰ)

দুৱাৰ - The Voyage Out হৈছে ২০১৩ চনৰ ৪ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সঞ্জীৱ নাৰায়ণ আৰু বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে বিদ্যুৎ চক্ৰৱৰ্তীয়ে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দুৱাৰ - The Voyage Out হৈছে ২০১৩ চনৰ ৪ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। সঞ্জীৱ নাৰায়ণ আৰু বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে বিদ্যুৎ চক্ৰৱৰ্তীয়ে। অপূৰ্ব শৰ্মাৰ শুভবাৰ্তা (১৯৮৫) নামৰ গল্প সংকলনটোত সন্নিৱিষ্ট বাহিৰলৈ যোৱা বাট নামৰ গল্পটোৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হয়। গল্পটোৰ চলচ্চিত্ৰ অভিযোজনা আৰু চিত্ৰনাট্য বিদ্যুৎ চক্ৰৱৰ্তীৰ। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে শ্বেৰ চৌধুৰীয়ে।১

কাহিনী

চলচ্চিত্ৰখনত বৰ্ণোৱা হৈছে মানুহৰ এনে এটা মানসিক অৱস্থা, যেতিয়া কোনো ব্যক্তিয়ে অনুভৱ কৰে যেন তেওঁৰ জীৱন কোনো সুনিৰ্দিষ্ট লক্ষ্য অবিহনে গতি কৰি আছে। বস্তুবাদী আৰু স্বাৰ্থপৰ সমাজে আগুৰি থকা মানুহৰ আধুনিক যান্ত্ৰিক জীৱনৰ ওপৰত চলচ্চিত্ৰখনৰ কাহিনীটো আধাৰিত। চৌৰাশীৰ ছাত্ৰ আন্দোলনৰ সময়ৰ আৰু তাৰ পাছৰ কালছোৱাৰ ভয়াবহতা, নায়কৰ ব্যৰ্থ কমিউনিষ্ট আদৰ্শ, এখন নিৰ্দোষ পৃথিৱীৰ দৃষ্টিভংগী থকা নায়কৰ আধুনিক বাস্তৱ জীৱনৰ লগত আপোচ আদি হ'ল চলচ্চিত্ৰখনৰ বিষয়বস্তু।২৩

দ্বিজেন ভট্টাচাৰ্য নামৰ চৰিত্ৰটোৰ মানসিক অৱস্থাক কেন্দ্ৰ কৰি চলচ্চিত্ৰখন আগবাঢ়ে। ভট্টাচাৰ্য এজন শিক্ষক, সাহিত্যিক যি বৰ্তমানৰ যান্ত্ৰিক পৃথিৱী আৰু পুৰণি দিনৰ বেদনাগধুৰ স্মৃতিৰপৰা মুক্ত হৈ বাহিৰলৈ ওলাই আহিব বিচাৰি নিজৰ মনৰ মাজতে এক স্নায়বিক যুঁজত লিপ্ত। তেওঁৰ মনত সজীৱ হৈ আছে ১৯৮৪ চনৰ আন্দোলনৰ সময়ৰ ৰাজনৈতিক পৰিৱেশত পাৰ কৰি অহা বিবৰ্ণ কৈশোৰ আৰু যৌৱনৰ ভয়াবহ স্মৃতি। নতুনকৈ লিখিবলৈ লোৱা প্ৰেমৰ উপন্যাসখনৰ আৰম্ভণি বিচাৰি তেওঁ হাবাথুৰি খায়। পত্নী মানসীৰ লগত তেওঁৰ এতিয়া প্ৰেমহীন সম্পৰ্ক। তেওঁ উভতি যাব খোজে অতীতৰ প্ৰেমময় মোহনীয়া দিনবোৰলৈ। অতীত আৰু বৰ্তমানৰ, সপোন আৰু বাস্তৱৰ এই বিভ্ৰমৰপৰা ওলাই যোৱাৰ বাটটো যেন বন্ধ কৰি ৰাখিছে তেওঁৰ ঘৰৰ টেৰেছলৈ ওলাই যোৱা বাটৰ বন্ধ দুৱাৰখনে।১ হতাশ আৰু বিভ্ৰান্ত ভট্টাচাৰ্যই নিজকে সকলোৰেপৰা মুক্ত কৰিব বিচাৰি তেওঁ সকলো বৃত্তিমূলক, পাৰিবাৰিক আৰু ব্যক্তিগত দায়িত্বৰপৰা নিজকে আঁতৰাই আনে আৰু শেষত আত্মহত্যাৰ পথ বাছি লয়।৩

অভিনয়-শিল্পী

  • কপিল বৰা (চৰিত্ৰ- দ্বিজেন ভট্টাচাৰ্য )
  • জেৰিফা ৱাহিদ (চৰিত্ৰ- মানসী)
  • তনভী শৰ্মা
  • সৃজনী ভাস্বা মহন্ত
  • মিণ্টু বৰুৱা
  • বুলগানিন বৰুৱা

তথ্যসূত্ৰ

  1. ↑ বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত ‘দুৱাৰ'ৰ শুভমুক্তি, দৈনিক জনমভূমি, ৩ জানুৱাৰী, ২০১৩
  2. ↑ "Dwaar- The Voyage Out" to be Released on 4th January 2013, Pranjal Borah, Assam Portal, December 31, 2013
  3. ↑ - Film traces youth’s plight - Dwaar, featuring Kapil Bora, dubbed ‘well-directed but complex’, The Telegraph, January 4, 2013

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১৩ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৱাৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫২২৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।