বদন বৰফুকন (Badan Borphukan) পঞ্চম অসমীয়া বোলছবি। কমল নাৰায়ণ চৌধুৰী প্ৰমুখ্যে গুৱাহাটীৰ কেইগৰাকীমান লোকৰ প্ৰচেষ্টাত ‘ইষ্টাৰ্ণ মুভিজ লিমিটেড’ নামৰ এটা কোম্পানী খুলি ছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনৰ ১৫ এপ্ৰিলত১ মুক্তি পোৱা এই ছবিখনৰ পৰিচালনা আৰু সঙ্গীত আছিল কমল নাৰায়ণ চৌধুৰীৰ। অসম বুৰঞ্জীৰ এজন খলনায়ক, ৰাজনৈতিক উচ্চাকাঙ্ক্ষা আৰু প্ৰতিশোধৰ বশৱৰ্তী হৈ অসমলৈ মানসেনা মাতি অনা বদন বৰফুকনৰ জীৱনৰ আধাৰত লক্ষ্যধৰ চৌধুৰীয়ে ছবিৰ কাহিনী ৰচনা কৰিছিল। চিত্ৰনাট্য আৰু সংলাপ লক্ষ্যধৰ চৌধুৰীৰ।২ চিত্ৰগ্ৰহণ কৰা হৈছিল কলিকতাৰ কালী ফিল্ম ষ্টুডিঅ’ত।৩
অভিনয়
বদন বৰফুকনৰ নাম ভূমিকাত অভিনয় কৰিছিল মঞ্চাভিনেতা কামাখ্যানাথ ঠাকুৰে। চন্দ্ৰকান্ত সিংহৰ ভূমিকাত আছিল নৃত্যশিল্পী চাৰুচন্দ্ৰ বৰদলৈ। অন্যান্য ভূমিকাত আছিল দেৱবালা চলিহা- ৰাজমাও, অমলেন্দু বাগচী- মানৰজা আৰু সৰ্বেশ্বৰ চক্ৰৱৰ্তী- সন্ন্যাসী।৩
গীত
বদন বৰফুকন ছবিৰ সঙ্গীত পৰিচালনা গৌৰ গোস্বামীৰ।৪ গীত লিখিছিল পুৰুষোত্তম দাস আৰু আনন্দিৰাম দাসে। গাইছিল প্ৰেম শইকীয়া।৫
- তুমি আহিবা তুমি আহিবা মন ফুলনিৰ ফুলাম বাটেৰে, বাঁহীটি বজাই আহিবা (কথা পুৰুষোত্তম দাস, কণ্ঠ- প্ৰেম শইকীয়া)
- ৰূপত ৰঙে চৰা খোজত মাণিক সৰা পৰ্বতৰ কুঁৱৰী অ’, আমি ৰূপ কুঁৱৰী (কথা-আনন্দিৰাম দাস, কণ্ঠ- প্ৰেম শইকীয়া আৰু অন্যান্য)৫
তথ্যসূত্ৰ
- ↑ (2020). Badan Borphukan
- ↑ অসমীয়া চিনেমাৰ তথ্যকোষ. cinekatha.com
- ↑ (১৯৯৫). মঞ্চলেখা, পৃঃ ৩০৭, অতুল চন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী
- ↑ Rajkonwar, Manjit. অসমীয়া চলচ্চিত্ৰৰ গীত. muktosinta.org/
- ↑ অসমীয়া বোলছবিৰ গীতৰ সংকলন, পৃঃ ১২ বাবুল দাস, বাণীমন্দিৰ, ডিব্ৰুগড়, ১৯৮৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বদন বৰফুকন (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৩২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।