অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভোৰতাল নৃত্য

ভোৰতাল নৃত্য বৰপেটা সত্ৰৰ সৈতে সম্পৰ্ক যুক্ত ই এবিধ প্ৰখ্যাত নৃত্য। বিখ্যাত সত্ৰীয়া নৃত্যশিল্পী নৰহৰি বুঢ়া ভকতে এই পদ নৃত্যৰ বিকাশত যত্ন কৰি সফল হয়। এই নৃত্যই সত্ৰৰ চাৰিবেৰৰ ভিতৰতে আৱদ্ধ হৈ নাথাকি ভাৰত ভূমিৰ বিভিন্ন মঞ্চত প্ৰদৰ্শিত হৈ কলা ৰসিকসকলৰ পৰা প্ৰশংসা বুটলিবলৈ সমৰ্থ হোৱাটো উল্লেখ…

হালনাগাদ: ২১ মে’ ২০২৫ ৩৪৬ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ভোৰতাল নৃত্য বৰপেটা সত্ৰৰ সৈতে সম্পৰ্ক যুক্ত ই এবিধ প্ৰখ্যাত নৃত্য। বিখ্যাত সত্ৰীয়া নৃত্যশিল্পী নৰহৰি বুঢ়া ভকতে এই পদ নৃত্যৰ বিকাশত যত্ন কৰি সফল হয়। এই নৃত্যই সত্ৰৰ চাৰিবেৰৰ ভিতৰতে আৱদ্ধ হৈ নাথাকি ভাৰত ভূমিৰ বিভিন্ন মঞ্চত প্ৰদৰ্শিত হৈ কলা ৰসিকসকলৰ পৰা প্ৰশংসা বুটলিবলৈ সমৰ্থ হোৱাটো উল্লেখ কৰিবলগীয়া।

শৈলী

নৃত্যত ভোৰতাল আৰু নাগাৰা সংগত কৰি বৰগীত আৰু ঘোষা গোৱা নিয়ম। আৰম্ভণিতকৈ বৰ্তমানে ইয়াৰ সাজ-পাৰৰ কিছু সলনি হৈছে। বৰ্তমানে এই নৃত্যত সত্ৰীয়া পাগুৰী, বগা ধুতি, চৌকন চোলা, বগা চাদৰ, কাণত মণি-কুণ্ডল, হাতত বাজু আৰু ভৰিত জুনুকা ব্যৱহাৰ কৰে। এই নাচত সমভংগী, আভংগী আৰু বহুভংগীৰ প্ৰয়োগ দেখা যায়।১ বৰপেটা ৰ সত্ৰীয়া-সংস্কৃতিত ভোৰতাল নৃত্য এক মহৎ অৱদান। বৰ্তমান ভোৰতাল নৃত্য অসমৰ উপৰিও সৰ্বভাৰতীয় পৰ্যায়লৈ বিয়পি পৰিছে। শংকৰী-সত্ৰীয়া সংস্কৃতিৰ এই আকৰ্ষণীয় নৃত্যবিধ থিয়নামৰ পৰাই সুকীয়াকৈ সৃষ্টি হৈছে বুলি ক'ব পাৰি। থিয়নামত ব্যৱহাৰ হোৱা ভোৰতালৰ মাধুৰ্য্যই ভোৰতাল নৃত্যৰ সৃষ্টিত অৰিহণা যোগাইছে। সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে সত্ৰীয়া গীত-মাতেৰে থিয়নামৰ সাঁচত ভোৰতাল নৃত্য পৰিবেশন কৰা হয়। ভোৰতাল নৃত্যৰ শৈলীয়ে নৃত্যত ব্যৱহাৰ হোৱা মুদ্ৰাই ৰাগ-তালযুক্ত গীত-মাতে অনুষ্ঠানটো উপভোগ্য কৰি তোলে। ২

ভোৰতাল নৃত্যৰ স্ৰষ্টা

ভোৰতাল নৃত্যৰ সৃষ্টিৰ লগত প্ৰধানকৈ বৰপেটাৰ দুজন মহন্ত পুৰুষ আছিল। এজন হ'ল সত্ৰীয়া শিল্পী, গীত-মাত-নৃত্য, পাঠ-প্ৰসংগৰ পুৰোধা বৰপেটা সত্ৰৰ নৰহৰি বুঢ়াভকত। তেওঁ আছিল বৰপেটা সত্ৰৰ বৰবাহাৰ দশমজন বুঢ়াভকত। আনজন খোল-বাদ্য, সত্ৰীয়া নৃত্যৰ সাধক মহানন্দ সূত্ৰধাৰ।

১৯৪৬ চনত নৰহৰি বুঢ়াভকতে কিছুমান শিল্পীৰ সৈতে লগ লাগি শংকৰী নৃত্য-কলা প্ৰচাৰ সমিতি নামৰ অনুষ্ঠান এটিৰ জন্ম দিছিল। সভাপতি আছিল তেওঁ নিজে, সম্পাদক আছিল কুলদেৱ শৰ্মা। বুঢ়াভকতৰ বহা আছিল এই অনুষ্ঠানৰ কাৰ্যালয়। এই অনুষ্ঠানৰ লগত জড়িত বৰগীতৰ পাৰঙ্গদ বলোৰাম বায়ন আৰু নৃত্য-খোল আদিৰ পুৰোধা মহানন্দ সূত্ৰধাৰ, যিয়ে সৃষ্টিশীল চিন্তা চেতনাৰে থিয়নামৰ তাল সঞ্চালনৰ কৌশল প্ৰয়োগ কৰি তাত মুদ্ৰা সংযোগ কৰি ভোৰতাল নৃত্য উদ্ভাৱন কৰে।

ভোৰতাল নৃত্যৰ প্ৰসাৰ

ভোৰতাল নৃত্য বিখ্যাত কৰি তোলে নৰহৰি বুঢ়াভকতে। তেওঁৰ সুদৰ্শন চেহেৰা, আটিল শৰীৰেৰে বুঢ়াভকতে হাতত ভোৰতাল লৈ নৃত্য কৰি দৰ্শকক চমকৃত কৰিছিল। বুঢ়াভকতে ভোৰতাল নৃত্যক জগত সভালৈ লৈ গৈছে। বুঢ়াভকতৰ ভোৰতাল নৃত্যত আন্তৰ্জাতিক খ্যাতি সম্পন্ন নৃত্য শিল্পী উদয়শংকৰ, ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু মুগ্ধ হোৱাৰ তথ্য আছে। ভূপেন হাজৰিকাদেৱে 'এৰাবাটৰ সুৰ' কথাছবিত বৰপেটা সত্ৰৰ পৰিৱেশত সৃষ্ট নৰহৰি বুঢ়াভকত পৰিৱেশিত ভোৰতাল নৃত্যক স্থান দিছে। ভোৰতাল নৃত্য সম্পৰ্কতভূপেন হাজৰিকাই লিখিছে – “ভোৰতাল নৃত্যক বহিঃবিশ্বত বিখ্যাত কৰি তুলিছিল শ্ৰদ্ধেয় নৰহৰি বুঢ়াভকতে। - বুঢ়াভকতৰ সেই নৃত্য পাহৰিব নোৱৰা বিধৰ।” ৩

লগতে চাওক

ভোৰতাল

তথ্যসূত্ৰ

  1. ↑ নাৰায়ণ দাস( মুখ্য সম্পাদক) অসমৰ সংস্কৃতি- কোষ(২০২১),প্ৰকাশক: জ্যোতি প্ৰকাশন পৃষ্ঠা.৪৮৭
  2. ↑ চিত্তৰঞ্জন দাস( সম্পাদক) বৰপেটা সত্ৰৰ ৰূপৰেখা (২০২৫ ),প্ৰকাশক: ৰেখা প্ৰকাশন, পৃষ্ঠা ১২৪
  3. ↑ চিত্তৰঞ্জন দাস( সম্পাদক) বৰপেটা সত্ৰৰ ৰূপৰেখা,সত্ৰীয়া সংস্কৃতিত বৰপেটা, অপূৰ্ব কুমাৰ তালুকদাৰ (২০২৫ ),প্ৰকাশক: ৰেখা প্ৰকাশন, পৃষ্ঠা ১২৪, ১২৫

সম্পৰ্কিত শ্ৰেণী

নৃত্যঅসমৰ নৃত্যসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোৰতাল নৃত্য” প্ৰবন্ধৰ সংশোধন ৫১১১১৯ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।