বৰনদী ভটিয়ায় (Bornodi Bhotiai) হৈছে ২০১৯ চনৰ ৩ মে' তাৰিখে মুক্তি লাভ কৰা এখন সামাজিক বিদ্ৰুপাত্মক অসমৰ চলচ্চিত্ৰ। মাজুলীৰ পটভূমিত নিৰ্মিত ছবিখন ভাৱৰীয়া টি পজিটিভ প্ৰডাকশ্যনৰ বেনাৰত অনুপম কৌশিক বৰাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত।১ জনপ্ৰিয় অভিনেতা কেনী দেউৰী বসুমতাৰীৰ লগতে এশৰো অধিক মাজুলীৰ অভিনেতা অভিনেত্ৰীয়ে এই ছবিখনত অভিনয় কৰিছে। ছবিখনৰ সংগীত পৰিচালনা কৰিছে কণ্ঠশিল্পী তৰালি শৰ্মাই। এই চলচ্চিত্ৰখনৰ মুখ্য পৰিকল্পনাকাৰী হৈছে অনুপম কৌশিক বৰা। কাহিনী আৰু চিত্ৰনাট্য অনুপম কৌশিক বৰাৰ।২
কাহিনী
কাহিনীৰ গতিশীলতা মৌকণ, লুইত, সীমান্ত, জয়, তপন আৰু ভাস্কৰৰ ওপৰত কেন্দ্ৰীভূত। মৌকণ এজনী নিৰ্ভীক তথা সাহসী ছোৱালী; কিন্তু তাই ৰহস্যজনকভাৱে গাঁওখনত হোৱা এক মৃত্যুৰ লগত সাঙোৰ খাই পৰে। সীমান্ত, জয়, তপন আৰু ভাস্কৰ বৰ্তমান যুৱপ্ৰজন্মৰ জ্বলন্ত প্ৰতীক। উচ্চ-শিক্ষা থকাৰ পিছতো কৰ্ম-সংস্থাপন পৰা আটায়েই বঞ্চিত। ইফালে লুইতে ঘৰে-ঘৰে বীমা বিক্ৰী কৰি দৈনন্দিন জীৱন অতিবাহিত কৰিছে। এই আটাইকেইটা চৰিত্ৰক কেন্দ্ৰ কৰিয়েই চিনেমাখনে গতি কৰে। আৰু শেষত প্ৰেমৰ এক অনন্য উদাহৰণেৰে চিনেমাখন শেষ হয়।৩
সংগীত
বৰনদী ভটিয়াৰৰ সংগীত পৰিচালক তৰালি শৰ্মা।
বঁটা/সন্মান
বৰনদী ভটিয়ায় ছবিখনে চতুৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা (২০১৯)ৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে।৪
তথ্যসূত্ৰ
- ↑ (৩ মে' ২০১৯). আজি ছবিঘৰলৈ মাজুলীৰ জীৱনক লৈ নিৰ্মিত ছবি বৰনদী ভটিয়ায়. নিউজ ১৮ অসম
- ↑ বৰনদী ভটিয়াই
- ↑ বৰনদী ভটিয়ায়. Adnan Ashraf
- ↑ "বৰনদী ভটিয়ায়" ছবি খনলৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান. the sentinel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰনদী ভটিয়ায়” প্ৰবন্ধৰ সংশোধন ৩৮৯৩৬০ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।