অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মনালিছা

মনালিছা (Monalisa) ষষ্ঠদশ শতিকাৰ বিখ্যাত চিত্ৰশিল্পী ইটালীৰ লিঅ'নাৰ্ডো ডা-ভিন্সিয়ে (Leonardo da Vinci, ১৪৫২-১৫১৯) অংকন কৰা এখন প্ৰসিদ্ধ শিল্পকৃতি, নাম 'মনালিছা'। লিঅনাৰ্ডোৱে ১৫০৩ চনৰ পৰা ১৫০৭ চনৰ ভিতৰত এই ছবিখন সম্পূৰ্ণ কৰিছিল। ছবিখনৰ দৈৰ্ঘ্য ৭৭ চেণ্টিমিটাৰ আৰু প্ৰস্থ ৫৩ চেণ্টিমিটাৰ।

হালনাগাদ: ১২ জুন ২০২০ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

মনালিছা (Monalisa) ষষ্ঠদশ শতিকাৰ বিখ্যাত চিত্ৰশিল্পী ইটালীৰ লিঅ'নাৰ্ড' দা ভিন্সিয়ে (Leonardo da Vinci, ১৪৫২-১৫১৯) অংকন কৰা এখন প্ৰসিদ্ধ শিল্পকৃতি, নাম 'মনালিছা'।

লিঅনাৰ্ডোৱে ১৫০৩ চনৰ পৰা ১৫০৭ চনৰ ভিতৰত এই ছবিখন সম্পূৰ্ণ কৰিছিল। ছবিখনৰ দৈৰ্ঘ্য ৭৭ চেণ্টিমিটাৰ আৰু প্ৰস্থ ৫৩ চেণ্টিমিটাৰ। এই ছবিখনত লিঅ'নাৰ্ডো ডা-ভিন্সিয়ে তেওঁৰ নিজৰে অংকন শৈলী 'ছুমেটো' (Sumato) পদ্ধতি ব্যৱহাৰ কৰিছিল। ছবিখনৰ মনালিছাৰ দেহাটো খণ্ডিত কঁকালৰ ওপৰত চিত্ৰিত হৈছে। মুখখন আছে দৰ্শকৰ ফালে। হাত দুখন ওপৰাউপৰিকৈ এক বিশেষ ভংগীত আছে।

মনালিছা ছবিখনত তিনিটা প্ৰধান বৈশিষ্ট্য দেখা পোৱা যায়, প্ৰথমতে, ইটালীয়ান আৰ্টৰ আৰ্হিৰে হাতখন অংকিত কৰা হৈছে। বাহু তথা হাতৰে গঠিত ডিম্বাকৃতিৰ গঢ়ৰ দ্বাৰা নিম্নভাগৰ ছবিক ওচৰ চপোৱা হৈছে। দ্বিতীয়তে, ছবিখনৰ স্থলভাগ আৰু পাৰ্শ্বচিত্ৰণ চমত্কাৰ। তৃতীয় আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল মনালিছাৰ মুখৰ ৰহস্যময়ী হাঁহিটো। এই হাঁহিটোক লৈ মানুহৰ গৱেষণা, জল্পনা-কল্পনাৰ অন্ত নাই। কিছুমানে কয় মনালিছাৰ দাঁতৰ বিষ আছিল, আন কিছুমানৰ মতে মনালিছাৰ দাঁতেই নাছিল বা অতি বেয়া দাঁত আছিল (তাকে ঢাকি ৰাখিবলৈ যাওঁতে হাঁহিটো তেনে ধৰণৰ হ'ল !!) কোনো কোনোৰ মতে মনালিছাৰ এই হাঁহিয়ে চতুৰ মহিলাৰ ৰহস্যময়তা ইংগিত কৰিছে, আন এচামৰ মতে মনালিছাৰ গোপন প্ৰেম এই হাঁহিত প্ৰস্ফূটিত হৈছে। ইটালীৰ এজন চিকিত্সক ফিলিপো ছুৰানোৰ মতে মনালিছা অতিশয় উত্কণ্ঠা আৰু মানসিক চাপত ভুগি আছিল। তদুপৰি ছবিখন ফ্লোৰেন্সৰ এজন চহকী ব্যক্তি ডেল জিঅ'ক'ণ্ড'ৰ পত্নী মনালিছা ঘেৰাৰ্ডিনিৰ ছবি বুলি বহুতে ক'ব খোজে। ছবিখন অঁকা হ'লত জিঅ'ক'ণ্ড'ই হেনো ছবিখন পছন্দ নকৰিলে আৰু শিল্পীজনক ছবিখন অঁকাৰ বাবে পইচাও নিদিলে। ১৫১৭ চনত ফ্ৰান্সৰ ৰজা প্ৰথম ফ্ৰান্সিছে তেওঁৰ গা-ধোৱা ঘৰৰ বেৰত আঁৰিবলৈ ছবিখন ৪,০০০ সোণৰ ফ্লোৰিণ (প্ৰায় চাৰে পোন্ধৰ কিলোগ্ৰাম সোণ) দি কিনি লয়। মনালিছাৰ মূল ছবিখন বৰ্তমান ফ্ৰান্সৰ পেৰিছত অৱস্থিত লুভেৰ (Louvre) মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে। মনালিছা ছবিখনৰ অন্তৰ্নিহিত কাবিক্য সৌন্দৰ্যই আজিও শিল্পৰসিকসকলক আপ্লুত কৰি তোলে।

সম্পৰ্কিত শ্ৰেণী

চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনালিছা” প্ৰবন্ধৰ সংশোধন ২৩৮০৪৯ (১২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।