অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ফেশ্বন (চলচ্চিত্ৰ)

ফেশ্বন (Fashion) হ'ল মধুৰ ভাণ্ডাৰকাৰৰ দ্বাৰা নিৰ্দেশিত, সহ-প্ৰযোজিত, সহ-ৰচিত ২০০৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। ইয়াত প্ৰিয়ংকা চোপ্ৰা, কংগণা ৰাণাৱট, নৱাগতা মুগ্ধা গডছে, অৰ্জন বজৱা আদিয়ে অভিনয় কৰিছে। ছবিখনে মূল নায়িকা প্ৰিয়ংকা চোপ্ৰাৰ চকুৰে ফেশ্বন বিশ্বৰ এক অন্ধকাৰ দিশৰ ছবি দাঙি ধৰে।

হালনাগাদ: ১ ডিচেম্বৰ ২০২৫ ৯০১ শব্দ · ৫ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ফেশ্বন (Fashion) হ'ল মধুৰ ভাণ্ডাৰকাৰৰ দ্বাৰা নিৰ্দেশিত, সহ-প্ৰযোজিত, সহ-ৰচিত ২০০৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। ইয়াত প্ৰিয়ংকা চোপ্ৰা, কংগণা ৰাণাৱট, নৱাগতা মুগ্ধা গডছে, অৰ্জন বজৱা আদিয়ে অভিনয় কৰিছে। ছবিখনে মূল নায়িকা প্ৰিয়ংকা চোপ্ৰাৰ চকুৰে ফেশ্বন বিশ্বৰ এক অন্ধকাৰ দিশৰ ছবি দাঙি ধৰে। এই ছবিখনত কৰা অভিনয়ৰ বাবে প্ৰিয়ংকা চোপ্ৰা আৰু কংগণা ৰাণাৱতে ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

কাহিনীৰ সাৰাংশ

উচ্চাকাংক্ষী মডেল মেঘনা মাথুৰে (প্ৰিয়ংকা চোপ্ৰা) মুম্বাইলৈ গৈ এক চুপাৰ মডেল হ'ব বিচাৰে। দেউতাকৰ অনিচ্ছা সত্ত্বেও মেঘনাই দুচকুত সপোনৰ মেটমৰা বোজা কঢ়িয়াই সদাব্যস্ত চহৰ মুম্বাইত খোজ দিয়ে। বাৰে বাৰে সাক্ষাত্‍কাৰত অৱতীৰ্ণ হৈয়ো নিৰ্বাচিত নহৈ প্ৰথমাৱস্থাত তাই অসহায় অনুভৱ কৰে। কিন্তু বিখ্যাত ডিজাইনাৰ বিনয় খোচলা (হৰ্ষ চায়া)ৰ সহকাৰী হিচাপে কাম কৰা তাইৰ পুৰণি চিনাকি সমকামী ডিজাইনাৰ ৰোহিতে (অশ্বিন মুশ্ৰণ) তাইক যথেষ্ট সহায় কৰে। সেই সময়তে সংগ্ৰামৰত মডেল মানৱ (অৰ্জন বজৱা)কো তাই লগ পায়।

ৰাহুল অৰোৰাৰ এক ফেশ্বন শ্বোত তেওঁ ফেশ্বন বিশ্বৰ ৰথী মহাৰথী সকলৰ লগতে চুপাৰমডেল সোণালী গুজৰাল (কংগণা ৰাণাৱত)কো লগ পায়। কৰিঅগ্ৰাফাৰ ক্ৰিষ্টিনে তাইক কাৰ্ত্তিক (ৰোহিত ৰয়)ৰ হতুৱাই ফটো তোলাবলৈ পৰামৰ্শ দিয়ে। কাৰ্ত্তিকৰ উচ্চহাৰৰ মাচুল পৰিশোধ কৰিবলৈ মেঘনাই জেনেট (মুগ্ধা গড্‌ছে) নামৰ মডেল এজনীৰ কথামতে অন্তৰ্বাসৰ বিজ্ঞাপনো কৰিবলগীয়া হয়। কিন্তু সেই ফটো দেখি মেঘনাৰ আশ্ৰয়দাতা মোমায়েক মামীয়েকে তাইক ঘৰৰ পৰা উলিয়াই দিয়ে আৰু মেঘনাই মানৱৰ লগত একেটা ঘৰতে থাকিবলৈ লয়।

মুম্বাইৰ বিখ্যাত মডেলিং প্ৰতিষ্ঠান পনাছৰ উচ্চ বিষয়া অনিশা ৰয় (কিতু গীডৱানী)ৰ নজৰ মেঘনাৰ ওপৰত পৰে তেওঁ মেঘনাক পনাছৰ মালিক অভিজিত ছৰিণ (আৰবাজ খান)ৰ লগত চিনাকি কৰায় দিয়ে। সেঈ সময়ত সোণালীয়ে পনাছক প্ৰতিনিধিত্ব কৰি থাকে যদিও তাইৰ ড্ৰাগছ সেৱনৰ অভ্যাসে সকলোকে অস্বস্তিত পেলায়। ইপিনে এক ফেশ্বন শ্ব'ত মেঘনাৰ ঠাই আন এক মডেলে দখল কৰাত মেঘনা দুঃখিত হয়। অভিজিতে তেতিয়া সোণালীক আঁতৰাই মেঘনাক পনাছৰ নতুন মুখ হিচাপে নিৰ্বাচন কৰে। সোণালীয়ে মেঘনাক কয় যে তাইৰ দৰে মেঘনায়ো এদিন নিজকে হেৰুৱাই পেলাব।

নিশাটোৰ ভিতৰতে মেঘনা বিখ্যাত হৈ পৰে আৰু ইয়ে মানৱৰ লগত তাইৰ সম্পৰ্কৰ ইতি পেলায়। ইপিনে সোণালীৰ ড্ৰাগছ সেৱনৰ পৰিমাণ বাঢ়ি যোৱাত তাইক পুনৰসংস্থাপন কেন্দ্ৰত ভৰ্ত্তি কৰিবলগীয়া হয়। অভিজিতৰ ওচৰ চাপি গৈ মেঘনা শেষত গৰ্ভৱতী হয় আৰু এই কথা অভিজিতৰ পত্নীক কৈ দিয়াত অভিজিতে মেঘনাক পনাছৰ পৰা আঁতৰাই দিয়ে। খঙত মেঘনা এক পাৰ্টীলৈ যায় আৰু এক অচিনাকি লোকৰ লগত ৰাত্ৰিযাপন কৰে। নিজৰ পতন দেখি মেঘনা হতাশ হৈ পৰে আৰু চণ্ডীগড়ৰ নিজ গৃহলৈ গুচি যায়। ভাগি পৰা মেঘনাই এবছৰমান ঘৰত থাকি দেউতাকৰ উত্‍সাহত পুনৰ মুম্বাইলৈ আহে। সোণালীক তাই নিজৰ লগলৈ লৈ আহে। সোণালীয়েও তাইক উত্‍সাহ দিয়ে। অৱশেষত সোণালীৰ মৃত্যু হয় আৰু মেঘনা পুনৰ এক ডাঙৰ মডেল হৈ পৰে। শেষত মেঘনাক পেৰিছত মডেলিং কৰি থকা দেখা যায়।

অভিনয়

  • মেঘনা মাথুৰৰ ভূমিকাত প্ৰিয়ংকা চোপ্ৰা,সৰু চহৰৰ এজনী ছোৱালী যিয়ে এক বিখ্যাত মডেল হ'ব বিচাৰে
  • সোণালী গুজৰালৰ ভূমিকাত কংগণা ৰাণাৱট, এক অত্যন্ত সফল মডেল যিয়ে ক্ৰমে বিফলতাৰ গৰাহত সোমাই যায়
  • মডেল জেনেট ছিকুৱেৰাৰ ভূমিকাত মুগ্ধা গড্‌ছে
  • সংগ্ৰামৰত মডেল মানৱৰ ভূমিকাত অৰ্জন বজৱা
  • ডিজাইনাৰ ৰাহুল অৰোৰাৰ ভূমিকাত সমীৰ চোনি
  • ডিজাইনাৰ ৰোহিত খান্নাৰ ভূমিকাত অশ্বিন মুশ্ৰণ
  • অনিশা ৰয়ৰ ভূমিকাত কিতু গীডৱানী
  • অভিজিত ছৰিণৰ ভূমিকাত আৰবাজ খান
  • অভিজিতৰ পত্নী অৱন্তিকা ছৰিণৰ ভূমিকাত সুচিত্ৰা পিল্লাই মালিক
  • ফটোগ্ৰাফাৰ কাৰ্ত্তিক সুৰীৰ ভূমিকাত ৰোহিত ৰয়
  • মেঘনাৰ পিতৃৰ ভূমিকাত ৰাজ বব্বৰ
  • মেঘনাৰ মাতৃৰ ভূমিকাত কিৰণ জুনেজা
  • ছোমুৰ ভূমিকাত চিত্ৰাশী ৰাৱত
  • শীনা বাজাজৰ ভূমিকাত মানিনী মিশ্ৰা
  • বিনয় খোচলাৰ ভূমিকাত হৰ্ষ চায়া
  • নিজৰ চৰিত্ৰত কংকনা সেন শৰ্মা
  • নিজৰ চৰিত্ৰত ৰণবীৰ শ্বোৰী
  • নিজৰ চৰিত্ৰত ৱেণ্ডেল ৰড্ৰিস্ক
  • নিজৰ চৰিত্ৰত মণীষ মলহোট্ৰা
  • নিজৰ চৰিত্ৰত কৰণ জোহৰ
  • নিজৰ চৰিত্ৰত মধুৰ ভাণ্ডাৰকাৰ
  • নিজৰ চৰিত্ৰত ডায়েণ্ড্ৰা ছোৰ্ছ
  • মডেলৰ নিজৰ সংক্ষিপ্ত চৰিত্ৰত কনিষ্ঠা ধনখৰ
  • নিজৰ চৰিত্ৰত আঁচল কুমাৰ (জলৱা ফেশ্বন শ্বোত)
  • শীতলৰ ভূমিকাত ঊষা বচ্চানি
  • এক সাংবাদিকৰ সংক্ষিপ্ত ভূমিকাত ৰক্ষন্দা খান
  • ৱিৰেনৰ ভূমিকাত ৰোহিত বাৰ্মা (বিশেষ ভূমিকা)
  • এক ফটোগ্ৰাফাৰৰ সংক্ষিপ্ত ভূমিকাত অতুল কছবেকৰ

সমালোচকৰ সঁহাৰি

ফেশ্বনে ঘাইকৈ যোগাত্মক মন্তব্যই লাভ কৰে। ইণ্ডিয়া এফএমৰ তৰণ আদৰ্শই ইয়াক পাঁচৰ ভিতৰত ৩.৫ নম্বৰ দি কয় যে "বাস্তৱধৰ্মী ছবিৰ মুকুটবিহীন সম্ৰাট মধুৰ ভাণ্ডাৰকাৰৰ এই ছবিখনে আপোনাৰ মনক পোহৰাই তোলে,গতিপ্ৰদান কৰে,অনুপ্ৰাণিত কৰে,আশ্চৰ্য্যান্বিত আৰু নিশ্চিতভাৱে মনোৰঞ্জন প্ৰদান কৰে"।১ আনহাতে চিএনএন আইবিএনৰ ৰাজীৱ মাচান্দে ইয়াক ৫ৰ ভিতৰত ৩ নম্বৰ দি কয় যে "ইয়াক এক বাস্তৱধৰ্মী চিনেমা বুলি নাভাবি এক আঞ্জাত গৰম তোলা মছলাযুক্ত চিনেমা বুলি চাওক আৰু মই ভাবো আপুনি কোনো অভিযোগ নকৰিব। "২ সুভাষ কে ঝাই ইয়াক প্ৰকৃতাৰ্থত এক ভাল ছবি বুলি মন্তব্য দি কৈছে যে ছবিখনৰ চৰিত্ৰবোৰে প্ৰায় সকলোখিনি হেৰুৱাই পেলালেও দৰ্শকে মনত এক স্থায়ী ধাৰণা লৈ যাব।৩

সংগীত

ফেশ্বনৰ সংগীত পৰিচালনা ছলিম-ছুলেইমানৰ আৰু গীতৰ কথা সন্দীপ নাথ তথা ইৰফান ছিদ্দিকৰ। ছানছিল্কে নিজৰ বিজ্ঞাপনৰ অৰ্থে এই সংগীতৰ লগত চুক্তি স্বাক্ষৰ কৰিছে আৰু ছবিখনৰ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে।৪

সঁহাৰি

বিশেষকৈ "মৰ জাৱা" আৰু বিষয় সংগীতটোৰ বাবে গোটেই এলবামটোৱেই যথেষ্ট প্ৰশংসা লাভ কৰে। নিউজডোজ ডট কমে কৈছে " "মৰ জাৱা" আৰু বিষয় সংগীতটোৰ দৰে ভাল গীত সমূহে ইয়াক উচ্চ মধ্যমীয়া পৰ্যায়ত ৰাখিছে। মধুৰ ভাণ্ডাৰকাৰে তেওঁৰ ছবিৰ বাবে এক ভাল সংগীত লাভ কৰিছে আৰু ছলিম-ছুলেইমানে যথেষ্ট ভাল কাম কৰিছে। ইয়াক সকলোৱে শুনা উচিত। "৫ বলীউদ হাংগামাই কয় "ফেশ্বনৰ আটাইবোৰ গীতেই ভাল আৰু "কুছ খাছ","আছিয়ানা","ফেশ্বন কা জলৱা" গীতকেইটা খুবেই ভাল। ইয়াৰ মাজতো "মৰ জাৱা" আৰু বিষয় সংগীতটো হৃদয়স্পৰ্শী। কৰ্পোৰেট,পেজ৩ আদিৰ সংগীত কিছু সফল হ'লেও ফেশ্বনৰ আগলৈকে ভাণ্ডাৰকাৰ ছবি সংগীতৰ বাবে জনা নগৈছিল। সেই অভিশাপ ভংগ কৰি ভাণ্ডাৰকাৰৰ এইখন ছবি যথেষ্ট সফল হ'ব। "৬

গীতসমূহ

গীতগায়ক(সকল)টোকাদৈৰ্ঘ্য
"ফেশ্বন কা জলৱা"সুখৱিন্দৰ সিং, সত্যা হিন্দুজা আৰু ৰবাৰ্ট বব ওমুলোপ্ৰিয়ংকাই প্ৰথম ফেশ্বন শ্বো চাবলৈ যাঁওতে চিত্ৰিত৪:৪০
"মৰ জাৱা"ছলিম মাৰ্চেণ্ট আৰু শ্ৰুতি পাঠকপ্ৰিয়ংকাই প্ৰথম ফেশ্বন শ্বোত অংশগ্ৰহণ কৰোঁতে চিত্ৰিত৩:৫৯
"কুছ খাছ"মোহিত চৌহান আৰু নেহা ভাছিনপ্ৰিয়ংকা আৰু অৰ্জন বজৱাৰ অন্তৰংগ মুহূৰ্ত্ত সমূহত চিত্ৰিত৪:৫৯
"আছিয়ানা"ছলিম মাৰ্ছেণ্টপ্ৰিয়ংকাৰ সাফল্যৰ মুহূৰ্ত্ত সমূহত চিত্ৰিত৫:২৭
"ফেশ্বন কা জলৱা (ৰিমিক্স)"সুখৱিন্দৰ সিং, সত্যা হিন্দুজা আৰু ৰবাৰ্ট বব ওমুলোএটা ক্লাবত পতনমুখী প্ৰিয়ংকাৰ ওপৰত চিত্ৰিত৪:১০
"মৰ জাৱা (ৰিমিক্স)"ছলিম মাৰ্ছেণ্ট আৰু শ্ৰুতি পাঠকপ্ৰধান সংগীত হিচাপে গোটেই ছবিখনতে উপস্থিত৩:৩৯

বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ

ফিল্মফেয়াৰ বঁটা

  • শ্ৰেষ্ঠ নিৰ্দেশক-মধুৰ ভাণ্ডাৰকাৰ
  • শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়ংকা চোপ্ৰা
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী-কংগণা ৰাণাৱট
  • শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী-নেহা ভাছিন
  • শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী-শ্ৰুতি পাঠক
  • শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী-মুগ্ধা গোডচে
  • শ্ৰেষ্ঠ চিত্ৰনাট্য-অজয় মংগা,অনুৰাধা তিৱাৰী,মধুৰ ভাণ্ডাৰকাৰ

ষ্টাৰ স্ক্ৰীণ বঁটা

  • শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়ংকা চোপ্ৰা
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী-কংগণা ৰাণাৱট
  • শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী-শ্ৰুতি পাঠক
  • শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী-মুগ্ধা গোডচে
  • শ্ৰেষ্ঠ কাহিনী-অজয় মংগা,অনুৰাধা তিৱাৰী,মধুৰ ভাণ্ডাৰকাৰ

আইফা বঁটা

  • শ্ৰেষ্ঠ নিৰ্দেশক-মধুৰ ভাণ্ডাৰকাৰ
  • শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়ংকা চোপ্ৰা
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী-কংগণা ৰাণাৱট
  • শ্ৰেষ্ঠ কাহিনী-অজয় মংগা,অনুৰাধা তিৱাৰী,মধুৰ ভাণ্ডাৰকাৰ

ষ্টাৰডাষ্ট বঁটা

  • শ্ৰেষ্ঠ নিৰ্দেশক-মধুৰ ভাণ্ডাৰকাৰ
  • শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়ংকা চোপ্ৰা
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী-কংগণা ৰাণাৱট
  • শ্ৰেষ্ঠ নৱাগত অভিনেতা-অৰ্জন বজৱা
  • শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী-মুগ্ধা গোডচে
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ

অপ্সৰা ফিল্ম এণ্ড টেলিভিছন প্ৰডিউচাৰছ গীল্ড বঁটা

  • শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়ংকা চোপ্ৰা
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী-কংগণা ৰাণাৱট
  • শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী-মুগ্ধা গোডচে

বলীউদ হাংগামা চাৰ্ফাৰছ চইছ বঁটা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Taran Adarsh review of Fashion. bollywoodhungama.com Retrieved on 2008-12-23
  2. ↑ Masand's Verdict: Fashion is all masala, no reality . ibnlive.in.com Retrieved on 2008-11-01
  3. ↑ Fashion movie review by Subhash K.Jha .nowrunning.com Retrieved on 29-10-2008
  4. ↑ IANS. (16 October 2008). 'Fashion' earns Rs.85 mn from in-film advertising. দ্য হিন্দু
  5. ↑ Fashion music review TheNewsdose.com Retrieved on 2008-12-23
  6. ↑ Fashion Music review বলিউড হাংগামা Retrieved on 2008-12-23

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেশ্বন (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৫৯৫৬৮ (১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।