ভাইমন দা (Bhaimon Da) হৈছে শশাংক সমীৰ পৰিচালিত, ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন জীৱনীমূলক নাট্য চলচ্চিত্ৰ।১ ছবিখনত বন্দীপ শৰ্মা, যশশ্ৰী ভূঞা, নিৰুপম শইকীয়া, নিলিম দত্ত আৰু অৰ্ঘদীপ বৰুৱাকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে।২ অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰবাদপুৰুষ, চলচ্চিত্ৰ নিৰ্মাতা মুনিন বৰুৱাৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। জিল ক্ৰিয়েশ্যন্সৰ বেনাৰৰ অধীনত ছবিখন প্ৰযোজনা কৰে শ্যামন্তক গৌতম আৰু অনুপম শৰ্মাই।১
কাহিনী
ছবিখন পৰিচালক মুনীন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত হৈছে। ছবিখনত গোলাঘাটৰ প্ৰথম বছৰবোৰৰ পৰা আৰম্ভ কৰি অৱনতিৰ সময়ত অসমীয়া চিনেমাক পুনৰুজ্জীৱিত কৰাৰ যাত্ৰালৈকে সকলো চিত্ৰিত কৰা হৈছে। ছবিখনত বৰুৱাৰ সংগ্ৰাম, কলাত্মক অৱদান, আঞ্চলিক চিনেমাত স্থায়ী প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে।১
অভিনয় শিল্পী
- মুনিন বৰুৱাৰ চৰিত্ৰত বন্দীপ শৰ্মা২
- যশশ্ৰী ভূঞা
- অৰ্ঘদীপ বৰুৱা
- নিৰুপম শইকীয়া
- নিলিম দত্ত
- কৌশিক ভৰদ্বাজ
- গুণাকৰ দেৱ গোস্বামী
- পাকিজা বেগম
- পাৰ্থ হাজৰিকা
- উজ্জ্বল কুমাৰ
- ৰাজদ্বীপ হাজৰিকা
- গীতাৰ্থ শৰ্মা
- হৰপল শইকীয়া
সংগীত মুক্তি
২০২৪ চনৰ ৭ অক্টোবৰ তাৰিখে গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’-ৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত এখন পোষ্টাৰ উন্মোচন আৰু সংগীত মুক্তিৰ অনুষ্ঠান অনুষ্ঠিত হয়। উন্মোচনী অনুষ্ঠানৰ অংশ হিচাপে মুনীন বৰুৱাক শ্ৰদ্ধাঞ্জলি জনাই এটি লাইভ পেইণ্টিং অধিবেশনৰো আয়োজন কৰা হৈছিল।২
সংগীত
কণ্ঠশিল্পী জুবিন গাৰ্গে ছবিখনৰ এটি গীতৰ সংগীত ৰচনা কৰে আৰু পৰাণ বৰকটকীয়ে আনকেইটি গীতৰ সংগীতৰ লগতে ছবিখনৰ আৱহ সংগীত ৰচনা কৰে।
মুক্তি
২০২৫ চনৰ ২৩ মে’ তাৰিখে চিত্ৰগৃহত মুক্তি পোৱা ছবিখনে সমালোচক তথা দৰ্শকৰ পৰা অনুকূল সমালোচনা লাভ কৰে।
তথ্যসূত্ৰ
- ↑ 'Bhaimon Da': A Cinematic Tribute to Munin Barua's Legacy. Sentinel Assam
- ↑ Poster and Music Release of Assamese Movie 'Bhaimon Da'. ETV Bharat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাইমন দা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৬১৭৪০ (৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।