অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৱাইয়া

ভাৱাইয়া (ইংৰাজী: Bhawaiya) উত্তৰ বংগ বিশেষকৈ বাংলাদেশৰ ৰংপুৰ সংমণ্ডল, ভাৰতৰ পশ্চিম বংগৰ কোচ বেহাৰ জিলা আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাত উৎপত্তি আৰু প্ৰচলিত হোৱা এক প্ৰকাৰৰ সংগীতৰ ৰূপ বা জনপ্ৰিয় লোক-সংগীত।

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ভাৱাইয়া (ইংৰাজী: Bhawaiya) উত্তৰ বংগ বিশেষকৈ বাংলাদেশৰ ৰংপুৰ সংমণ্ডল, ভাৰতৰ পশ্চিম বংগৰ কোচ বেহাৰ জিলা আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাত উৎপত্তি আৰু প্ৰচলিত হোৱা এক প্ৰকাৰৰ সংগীতৰ ৰূপ বা জনপ্ৰিয় লোক-সংগীত।১২৩৪ এই গীতসমূহত "শ্ৰমিক শ্ৰেণী" যেনে মাউত, ম’হপালক, আৰু গাড়ীয়াল (গৰু বা ঘোঁৰাগাড়ী চালক) সকলৰ জীৱনবৃত্তিমূলক বিষয়বস্তু সন্নিবিষ্ট কৰা হয়। গীতৰ কথাবোৰে তেওঁলোকৰ নাৰীসকলৰ সৈতে হোৱা বিচ্ছেদ আৰু নিসংগতাৰ যন্ত্ৰণা প্ৰকাশ কৰে,৫ দীঘলীয়া সুৰেৰে বেদনা, আকাংক্ষা আৰু "গভীৰ আৱেগ"ক প্ৰকাশ কৰা হয়।৬ সাধাৰণতে ভাৱাইয়াৰ উৎপত্তি ষোড়শ শতিকাত বিশ্ব সিংহৰ ৰাজত্বকালত হোৱা বুলি বিশ্বাস কৰা হয়,৭ আৰু ১৯৫০ চনৰ পৰাই ই মঞ্চ পৰিবেশনলৈ বিকশিত হয়।৮ ভৱাইয়া গীতৰ কথা কোনো সম্প্ৰদায়ভিত্তিক নহয়।৯ বাংলা ঈদ-উল-ফিটৰ আৰু ঈদ-উল-জুহা উপলক্ষে পৰিবেশিত ভাৱাইয়া বিশেষভাবে জনপ্ৰিয়।১০

ব্যুৎপত্তি

ভাৱাইয়াৰ অৰ্থ সম্পৰ্কে বিভিন্ন ব্যাখ্যা পোৱা যায়। জোপোহা আৰু অন্যান্য শাক-পাচলি থকা নিম্নভূমিক ভৱা বোলা হয়। একাংশ গৱেষকৰ মতে ভাৱাইয়া বাৱাইয়া শব্দৰ পৰা উদ্ভৱ হৈছে, যিটো শব্দ বাও (বতাহ) শব্দৰ পৰা উদ্ভৱ হৈছে। ভাৱাইয়া শব্দৰ অন্য এক ব্যুৎপত্তি হৈছে ভাব > ভাৱ + ইয়া = ভাৱাইয়া; এই শব্দটোৰ অৰ্থ আৱেগ সৰ্বস্ব। আব্বাছুদ্দিন আহমেদৰ মতে এই সংগীত ভাৱাইয়া হৈছে উত্তৰ বংগৰ পৰা বোৱা এচাতি এৰাব নোৱাৰা আৰু সুখদায়ক বতাহৰ দৰে। ভাৱাইয়া পৰিবেশকসকলৰ ওপৰত কৰা এক সমীক্ষা (পশ্চিম বংগ চৰকাৰৰ লোক সাংস্কৃতিক আৰু জনজাতীয় সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা পৰিচালিত) অনুসৰি এই নামটো ভাব শব্দৰ পৰাই উদ্ভৱ হৈছে, যিটো ভাৱ শব্দলৈ ৰূপান্তৰিত হৈছিল। এই গীতবোৰে বিৰহ বা বিচ্ছেদ আৰু নিসংগতাৰ গভীৰ আৱেগ কঢ়িয়াই লৈ ফুৰে।১১

চলচ্চিত্ৰ

বাংলাদেশী চলচ্চিত্ৰ পৰিচালক শ্বাহনেৱাজ কাকোলীৰ উত্তৰেৰ সুৰ ছবিখন ভাৱাইয়া গায়কৰ জীৱনৰ আধাৰত নিৰ্মিত আৰু বাংলাদেশৰ উত্তৰ অংশত দৰিদ্ৰতাৰ বাবে এই সংগীতৰ ক্ৰমান্বয়ে অৱসান ঘটাৰ কাহিনী বৰ্ণনা কৰা হৈছে। ১৮ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখন প্ৰদৰ্শন কৰা হৈছিল।১২

উল্লেখযোগ্য গায়ক

  • আব্বাছুদ্দিন আহমেদ, সমগ্ৰ বাংলাদেশত ভাৱাইয়া গীত জনপ্ৰিয় কৰাৰ কৃতিত্ব দিয়া হয়।১৩
  • প্ৰতিমা বৰুৱা পাণ্ডে, অসম তথা ভাৰতৰ কিছু অংশত ভাৱাইয়াক জনপ্ৰিয় কৰি তোলাৰ কৃতিত্ব।
  • পাপন, জনপ্ৰিয় সংগীতত ভাৱাইয়াক অভিযোজিত কৰাৰ কৃতিত্ব।
  • জুবিন গাৰ্গ, জনপ্ৰিয় সংগীতত ভাৱাইয়াক অভিযোজিত কৰাৰ কৃতিত্ব।
  • কল্পনা পাটোৱাৰী, ভাৱাইয়াক জনপ্ৰিয় সংগীতত অভিযোজিত কৰাৰ কৃতিত্ব।
  • ৰথিন্দ্ৰনাথ ৰায়, বাংলাদেশৰ ভৱাইয়া গায়ক।
  • মহেশ চন্দ্ৰ ৰায়, বাংলাদেশৰ ভৱাইয়া গায়ক৷

তথ্যসূত্ৰ

  1. ↑ Rahman, Urmi. (2014). Bangladesh - culture smart!: the essential guide to customs & culture. Kuperard. পৃ. 121. ISBN 978-1-85733-696-2
  2. ↑ Ahmed, A. F. Salahuddin; Chowdhury, Bazlul Mobin. (2004). Bangladesh, national culture, and heritage: an introductory reader. University of Michigan. পৃ. 407. ISBN 984-8509-00-3
  3. ↑ Khan, Mobarak Hossain. (1988). Music and its study. Sterling Publishers. পৃ. 69. ISBN 81-207-0764-8
  4. ↑ "The Goalpariya folk music genre (which combines both song and dance), originating in the Goalpara region of Assam, contains several characteristic yet diverse themes, principally spirituality, longing, desire, and separation. Based on these themes, the songs and dances are categorized into different groups. Two important categories of Goalpariya lokageet (the Assamese term for folk music) are bhawaiya and chatka." Sarma Monteiro 2019, পৃ. 331
  5. ↑ "(T)he popular image that the term bhawaiya still conjures up is a form of plaintive ballads that speak of love and loss and endless longing within a woman's heart." Dutta 2019a
  6. ↑ Sarma Monteiro 2019, পৃ. 332
  7. ↑ "There is an approximate consensus that the origins of the form may be dated back to at least the sixteenth century, during the reign of Raja Bishwa Sinha, who established the kingdom of Koch Bihar."Dutta 2019a
  8. ↑ "The initial set of changes started to unfold in the 1950s when the folk genre was transferred from its natural setting to the 'stage'. Although initially the performances were confined to Goalpara, gradually they began to be staged across Assam. With the technological revolution and the opening up of the economy in the 1990s, Goalpariya lokageet began entering the realm of the Internet, giving global audiences access. Sarma Monteiro 2019, পৃ. 334
  9. ↑ "(B)hawaiya developed as an integral cultural expression of the Rajbanshis, and these songs are composed in Rajbanshi (or Kamrupi or Kamtapuri), the most widely spoken Bengali dialect across this belt. Despite the influence of Brahminical Hinduism, Islam and Vaishnavism over the preceding centuries, the popular culture of these communities has retained matriarchal influences, evident from the many extant folk rituals and practices." Dutta 2019a
  10. ↑ Alom, Zahangir. (5 June 2018). Eid albums from Bengal. The Daily Star
  11. ↑ "[W]hen Mahouts went away (often to Bhutan, which was close to Goalpara and is sometimes mentioned in the songs) to catch the elephants, they were unable to return home for six months to a year. Their wives, who stayed at home, would express the pangs of separation and loneliness through these lokageet. Hence, the element of biraha, 'deep emotion', comes out very strongly through such songs." Sarma Monteiro 2019
  12. ↑ (Nov 13, 2012). Bangladeshi filmmaker idolises Ritwik Ghatak. News Track India
  13. ↑ Bhawaiya. Banglapedia

সম্পৰ্কিত শ্ৰেণী

লোক-সংস্কৃতিলোকগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৱাইয়া” প্ৰবন্ধৰ সংশোধন ৪৯৫০৯৭ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।