বুলবুলি চৰাইৰ যুঁজ অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হোৱা এক ঐতিহ্যবাহী খেল। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে।
ইতিহাস
এই বুলবুলি চৰাইৰ যুঁজৰ আৰম্ভণি কেতিয়া সেয়া পৰিষ্কাৰ নহয়। কথিত কাহিনী অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰে পৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে।
যুঁজৰ প্ৰস্তুতি
ইয়াৰ বাবে বিশেষ ফান্দৰ সহায়ত বুলবুলি চৰাই ধৰা হয় আৰু এমাহ মান যুঁজৰ প্ৰশিক্ষণ দিয়া হয়। উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলি বোৰ উত্তেজিত কৰি ৰখা হয় আৰু পাছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা বিশেষ মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়।
যুঁজৰ নিয়ম
এখন যুঁজত দুটা বুলবুলিয়ে অংশ লয় আৰু যিটো চৰাই বিজয়ী হয়, তাক পাছৰ যুঁজলৈ বাচনি কৰা হয়। যুঁজত হৰা বুলবুলি চৰাইবোৰক আঁতৰাই দিয়া হয়। সাধাৰণতে এডোখৰ ভীমকলৰ লোভ দেখুৱাই দুটা বুলবুলিৰ মাজত যুঁজ লগোৱা হয়। যুজঁ পৰিচালনা কৰা লোকজনক "মাহচিং" বোলা হয়। যুঁজত দেখুওৱা পাৰদৰ্শিতাৰ ভিতৰত তিনিটা বুলবুলি চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়, চৰাইৰ মালিকে এই বঁটা লাভ কৰে। যুঁজ শেষ হোৱাৰ পাছত চৰাইবোৰ মুকলি কৰি দিয়া হয়।
বৰ্তমান বুলবুলি চৰাইৰ যুঁজ হাজো অঞ্চলত প্ৰচলিত হোৱা দেখা যায়। অৱশ্যে মাজে মাজে জীৱ-জন্তু প্ৰেমী সংগঠন সমূহে এই যুঁজৰ ব্যাপক সমালোচনা কৰাও দেখা যায়।১
তথ্যসূত্ৰ
- ↑ ব্ল'গ: মই আৰু মোৰ পৃথিৱী, হিমজ্যোতি তালুকদাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুলবুলি চৰাইৰ যুঁজ” প্ৰবন্ধৰ সংশোধন ৩৮৫৫১১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।