কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰূপক তাল
ৰূপক তাল হৈছে হিন্দুস্তানী সংগীতত এটা জনপ্ৰিয় তাল, যি ভজন আৰু গীতত সাধাৰণ। ইয়াত সাতটা মাত্ৰা (বিট) তিনিটা বিভাগত বিভক্ত। জনপ্ৰিয় তিনতালৰ বিপৰীতে, ৰূপক তালৰ বিভাগসমূহৰ দৈৰ্ঘ্য সমান নহয়। লগতে, ৰূপক তালৰ খালি আৰু সম দুয়োটা প্ৰথম মাত্ৰাত পৰে।
-
ৰেলৰ আলিৰ দুবৰি বন
ৰেলৰ আলিৰ দুবৰি বন (Relar Alir Dubori Bon) ১৯৯৩ত মুক্তি পোৱা এখন অসমীয়া ছবি। ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল পুলক গগৈ। সঙ্গীত দশৰথ দাসৰ। গাইছিল বলিউদৰ কণ্ঠশিল্পী কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিয়ে। ছবিখনে ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ 'ৰজতকমল' বঁটা লাভ কৰিছিল।
-
ব্লুজ
ব্লুজ হৈছে ১৮৬০ চনৰ আশে-পাশে আমেৰিকাৰ গভীৰ দক্ষিণ অঞ্চলত আফ্ৰিকান আমেৰিকানসকলৰ মাজত উৎপত্তি হোৱা এটা সংগীত ধাৰা আৰু সংগীতৰ ৰূপ। ব্লুজ সংগীতৰ বৈশিষ্ট্য হৈছে ইয়াৰ গীতৰ কথা, বেছ লাইন, আৰু বাদ্যযন্ত্ৰ। প্ৰাথমিক পৰম্পৰাগত ব্লুজ পদ্যবোৰ চাৰিবাৰ পুনৰাবৃত্তি কৰা এটা শাৰীৰে গঠিত আছিল।
-
অপেচৰা সবাহৰ নাম
অপেচৰা সবাহৰ নাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা ভাগ। লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি। সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক। অপেচৰা সবাহৰ নাম আখ্যানমূলক গীতৰ অন্তৰ্গত। অপেচৰা সবাহ এবিধ লোক-বিশ্বাসৰ গইনা লৈ সৃষ্টি হোৱা অনুষ্ঠান।
-
অপেশ্বৰী সবাহ
অপেশ্বৰী সবাহ বা অপেচৰা সবাহ হৈছে অসমীয়া সমাজত লোকবিশ্বাস অনুসৰি পতা এক অনুষ্ঠান। অসমীয়া লোকসকলৰ মাজত ল'ৰা-ছোৱালী শুকাই-খীণাই গ'লে বা কোনো বেমাৰ আজাৰ হ'লে বা বয়স অনুসাৰে মাত নুফুটিলে বা ছোৱালী সন্তান পুষ্পিতা হোৱাৰ সময় উকলি গ'লে সৰগৰ অপেশ্বৰীৰ কুদৃষ্টি পৰা বুলি জনবিশ্বাস প্ৰচলিত।
-
অল উই ইমাজিন এজ লাইট
অল উই ইমাজিন এজ লাইট (All We Imagine as Light) হৈছে পায়ল কাপাডিয়াৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ চনৰ এখন ড্ৰামাধৰ্মী চলচ্চিত্ৰ। ছবিখনত কানি কুশ্ৰুতি, দিব্যা প্ৰভা, ছায়া কদম আৰু হৃদু হাৰুণে কেইটিমান মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
অসমৰ ঢোল
ঢোল অসমৰ জনসংস্কৃতিৰ এবিধ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলৰ আন দুটা নাম হৈছে খাম আৰু মাদল। খাম মূলত চীনা-তিব্বতীয় তিব্বতীয়-বাৰ্মীয় ভাষাৰ শব্দ।
-
আখুনি (চলচ্চিত্ৰ)
আখুনি ( Axone) নিক’লাছ খাৰকংগ’ৰ পৰিচালিত মূলতঃ হিন্দী ভাষাৰ এখন হাস্যমধুৰ তথা নাটকীয় উপাদানযুক্ত চলচ্চিত্ৰ। সাৰেগামা ইণ্ডিয়া আৰু য়ুডলি ফিল্মছৰ প্ৰযোজনাৰে এই চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ ২০১৯ চনত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত সম্পন্ন হয়। ২০২০ চনৰ ১২ জুনত আখুনিয়ে নেটফ্লিক্সৰ মাধ্যমেৰে ভাৰতত মুক্তিলাভ কৰে।
-
আতি কালেঞ্জা
আতি কালেঞ্জা ( Aati Kalenja) হৈছে ভাৰতৰ তুলু নাডু অঞ্চলৰ তুলু লোকসকলে চৰ্চা কৰা এক প্ৰাচীন পৰম্পৰাগত লোকশিল্প যিয়ে আতিৰ সময়ত সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয় যিটো তুলু কেলেণ্ডাৰৰ অন্যতম মাহ। সাধাৰণতে ই জুলাই আৰু আগষ্ট মাহত আহে।
-
আন্তৰ্জাতিক অহিংসা দিৱস
আন্তৰ্জাতিক অহিংসা দিৱস (International Day of Non-Violence) প্ৰতি বছৰে অক্টোবৰ মাহৰ ২ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা গোটেই বিশ্বজুৰি পালন কৰা হয়। ভাৰতত এই দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।
-
আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস
আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস পৃথিৱীৰ যৌন আৰু লৈংগীক সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য আৰু ঘৃণাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে মে মাহৰ ১৭ তাৰিখে এই দিৱস পালন কৰা হয়।
-
আলোকৰ আহ্বান
আলোকৰ আহ্বান (Alokar Ahban) ১৯৮৩ৰ এখন অসমীয়া চলচ্চিত্ৰ। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মচৰ। সঙ্গীত নয়নৰ। ছবিখনে ১৯৮৩ৰ ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ভাষা শিতান শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।
-
আৰাট্টু
আৰাট্টু (Ārāttu) হ’ল ভাৰতৰ কেৰালাৰ হিন্দু মন্দিৰৰ উৎসৱৰ সময়ত পালন কৰা এক বাৰ্ষিক ৰীতি, য’ত এজন পুৰোহিতে নদী বা মন্দিৰৰ পুখুৰীত ডুবাই দেৱতাৰ বিগ্ৰহ স্নান কৰায়। ই মূলতঃ মন্দিৰৰ উৎসৱৰ শেষত সম্পন্ন কৰা হয়। আৰাট্টু বছৰত দুবাৰকৈ উদযাপন কৰা হয়— বসন্ত উৎসৱ (মাৰ্চ-এপ্ৰিল) আৰু শৰৎ উৎসৱ (অক্টোবৰ-নৱেম্বৰ)।
-
উধৌলি
উধৌলি (আক্ষৰিক অৰ্থ- তললৈ গৈ থকা) নেপাল, ভাৰত আৰু বিশ্বৰ অন্যান্য বিভিন্ন দেশৰ সুনুৱাৰ, লিম্বু, যক্ষ্খা, খাম্বু ৰায় আদি খিলঞ্জীয়া লোক বসতিপ্ৰধান অঞ্চলত কিৰাট জনগোষ্ঠীয়ে বিশেষভাৱে পালন কৰা এক জনগোষ্ঠীয় উৎসৱ।
-
উভৌলি
উভৌলি ( उभौলি; আক্ষৰিক অৰ্থ: ’উপৰলৈ যোৱা’) ভাৰত আৰু লেপালৰ লগতে সমগ্ৰ বিশ্বৰ কিৰাট সম্প্ৰদায়ৰ সুনুৱাৰ, লিম্বু, যক্ষ্খা আৰু ৰায়ৰ কিৰাটী লোকে প্ৰতি বছৰে গ্ৰীষ্মকাল আহিলে পাহাৰীয়া অঞ্চলৰফালে ওপৰলৈ উঠি যোৱাৰ পৰ্যায় চিহ্নিত কৰি উদ্যাপন কৰা এক উৎসৱ।
-
এখন নেদেখা নদীৰ সিপাৰে
এখন নেদেখা নদীৰ সিপাৰে (Akhon Nedekha Nodir Sipare, ইংৰাজী শিৰোনাম As the River Flows) হৈছে ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে (National Film Development Corporation, চমুকৈ NFDC) বোলছবিখন প্ৰযোজনা কৰে।
-
এঘাৰ-গুটি
এঘাৰ-গুটি হৈছে ভাৰত, বিশেষকৈ মধ্য প্ৰদেশত প্ৰচলিত দুজন খেলুৱৈৰ বিমূৰ্ত কৌশলগত খেল আৰু ইয়াৰ বৰ্ণনা এইচ.জে.আৰ. মাৰে ইন এ হিষ্ট্ৰী অৱ ব'ৰ্ড-গেমছ অদাৰ দেন চেছ (১৯৫২)ত কৰিছে। খেলখন ড্ৰাফ্টৰ সৈতে জড়িত আৰু তাতোকৈ বেছি আলকুয়াৰৰ সৈতে জড়িত। টুকুৰাবোৰ জঁপিয়াই ধৰি ধৰা পৰে।
-
ক: য়াদ
ক: য়াদ (ইংৰাজী নাম: Ko: Yad -A Silent Way) হৈছে মঞ্জু বৰা পৰিচালিত মিচিং ভাষাত নিৰ্মিত ২০১৪ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। বিহু সংখ্যাৰ সাদিনত প্ৰকাশিত অনিল পাংগিঙৰ দ্বাৰা ৰচিত বহু পঠিত আৰু উচ্চ প্ৰশংসিত কঃ য়াদ নামৰ উপন্যাসখনৰ আধাৰত এই ছবিখন নিৰ্মিত হৈছে।
-
কলকা
কলকা বা পেইজলি হৈছে অলংকাৰিক বস্ত্ৰ ডিজাইন বা বুটা। যিটো ওপৰৰ মূৰৰফালে বক্ৰৰ সৈতে চকুলোৰ টোপাল আকৃতিৰ মটিফ। পাৰ্চী মূলৰ পেইজলি ডিজাইনসমূহ ১৮ আৰু ১৯ শতিকাত পশ্চিমীয়া দেশত জনপ্ৰিয় হৈ পৰে, ভাৰতৰ পৰা এই ডিজাইনৰ মোগল সাম্ৰাজ্যৰ পিছৰ সংস্কৰণ আমদানি কৰাৰ পিছত, বিশেষকৈ কাশ্মীৰ চাদৰ আকাৰত আৰু তাৰ পিছত…
-
কল্যাণজী-আনন্দজী
কল্যাণজী-আনন্দজী ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ সুৰকাৰ যুটি আছিল: কল্যাণজী ভিৰজী শ্বাহ ( জন্ম ৩০ জুন ১৯২৮ –মৃতু্,২০০০ চনৰ ২৪ আগষ্ট) আৰু তেওঁৰ ভাতৃ আনন্দজী ভিৰজী শ্বাহ (জন্ম ২ মাৰ্চ ১৯৩৩)। দুয়োজন হিন্দী চলচ্চিত্ৰৰ চাউণ্ডট্ৰেকত তেওঁলোকৰ কামৰ বাবে জনাজাত, বহুতো চিৰসেউজ গান তেওঁলোকে ৰচনা কৰিছে।
-
কুম্মাট্টিকলি
কুম্মাট্টিকলি (ইংৰাজী: Kummattikali) হৈছে কেৰালাৰ এক বিখ্যাত আৰু ৰঙীন মুখা-নৃত্য। এই নৃত্য প্ৰধানকৈ ত্ৰিছূৰ জিলা, পালক্কাড জিলা আৰু দক্ষিণ মালাবাৰৰ কিছু অংশত প্ৰচলিত। ওনাম উৎসৱৰ সময়ত কুম্মাট্টিকলি শিল্পীসকলে মানুহৰ ঘৰে ঘৰে গৈ সৰু সৰু উপহাৰ সংগ্ৰহ কৰে আৰু লোকসকলক মনোৰঞ্জন প্ৰদান কৰে।
-
খামাজ ঠাট
খামাজ হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী সংগীতৰ দহটা ঠাট (মূল স্কেল)ৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়। খামাজ ঠাট পাবলৈ বিলাৱল ঠাটৰ শুদ্ধ নিষাদৰ সলনি কোমল নিষাদ ব্যৱহাৰ কৰা হয়।
-
গান্ধী স্মৃতি
গান্ধী স্মৃতি, যি পূৰ্বতে 'বিৰলা হাউচ' বা 'বিৰলা ভৱন' বুলি জনাজাত, ভাৰতৰ নতুন দিল্লীৰ টিচ জানুৱাৰী ৰোড (পূৰ্বৰ আলবুকুৰ্ক ৰোড)-ত অৱস্থিত মহাত্মা গান্ধীৰ বাবে উৎসৰ্গিত এক যাদুঘৰ। ই সেই স্থান য'ত মহাত্মা গান্ধীয়ে জীৱনৰ অন্তিম ১৪৪ দিন অতিক্ৰম কৰিছিল আৰু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মৃত্যু হৈছিল।
-
গুৰু নানক জয়ন্তী
গুৰু নানক জয়ন্তী বা গুৰু নানক দেৱ জী গুৰুপৰব বা গুৰু নানক প্ৰকাশ উৎসৱ শিখ ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰথম শিখ গুৰু গুৰু নানকৰ জন্মদিন। ই হৈছে শিখ ধৰ্মাৱলম্বী বা শিখী সকলৰ আটাইতকৈ পৱিত্ৰ উৎসৱ। শিখ সকলে ১০ গৰাকী শিখ গুৰুৰ তিথি পালন কৰে। এই গুৰুসকল শিখসকলৰ বিশ্বাস আৰু পৰম্পৰাক ৰূপ দিয়াৰ বাবে দায়বদ্ধ আছিল।
-
গুৱাহাটী গৌৰৱযাত্ৰা
কুইয়াৰ প্ৰাইড গুৱাহাটী বা গুৱাহাটী গৌৰৱযাত্ৰা (Queer Pride Guwahati) অসমৰ গুৱাহাটীত অনুষ্ঠিত বাৰ্ষিক গৌৰৱ যাত্ৰা। ২০১৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত স্থানীয় এলজিবিটি সম্প্ৰদায়ৰ সদস্য আৰু এলজিবিটি অধিকাৰ সমৰ্থকসকলে প্ৰথমবাৰৰ বাবে এই প্ৰাইডৰ আয়োজন কৰিছিল।
-
গোল-স্কুইছ
গোল-স্কুইছ ভাৰতৰ পৰা অহা, বিশেষকৈ মধ্য প্ৰদেশৰ পৰা অহা দুজন খেলুৱৈৰ বিমূৰ্ত কৌশলগত খেল আৰু ইয়াৰ বৰ্ণনা এইচ.জে.আৰ. মাৰে ইন এ হিষ্ট্ৰী অৱ ব’ৰ্ড-গেমছ অদাৰ দেন চেছ (১৯৫২)। খেলখন ড্ৰাফ্ট আৰু আলকুৱেৰক পৰিয়ালৰ কাৰণ টুকুৰাবোৰ তেওঁলোকৰ ওপৰেৰে জপিয়াই ধৰি ধৰা পৰে।
-
চল' দিল্লী
চলো দিল্লী ২০১১ চনত ৰিলিজ হোৱা শশান্ত শ্বাহ পৰিচালিত আৰু ২০১০ চনৰ আমেৰিকান ছবি "দিউ দেট"ৰ (Due Date) আধাৰত নিৰ্মিত কম বাজেটৰ এখন অলপ অগতানুগতিক হিন্দী ছবি। ইয়াত বিনয় পাঠক আৰু লাৰা দত্তই অভিনয় কৰিছে। অভিনেতা অক্ষয় কুমাৰে ইয়াত অতিথি শিল্পী ৰূপে ভূমুকি মাৰিছে।
-
চাম নৃত্য
চাম নৃত্য (Cham dance) তিব্বতীয় বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ উৎসৱৰ লগত জড়িত পৰম্পৰাগত লোকনৃত্য। তিব্বতীয় কিছুমান সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত জীৱন্ত মুখাযুক্ত আৰু পোছাক পৰিহিত চাম নৃত্য চীন, ভাৰত আৰু ভূটানত প্ৰচলিত। নৃত্যৰ সৈতে পৰম্পৰাগত তিব্বতীয় বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি সন্ন্যাসীসকলে লোক সংগীত গায়।
-
চাৰুলতা
চাৰুলতা (Charulata) ১৯৬৪ চনত মুক্তি পোৱা সত্যজিৎ ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ নস্তনীড় শীৰ্ষক উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, মাধৱী মুখাৰ্জী আৰু শৈলেন মুখাৰ্জীয়ে। এই ছবিখনক সত্যজিৎ ৰায়ৰ অন্যতম শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰা হয়।
-
চাৰ্কাছ
চাৰ্কাছ (Circus)-ৰ উৎপত্তি নতুন নহয়, ই বহু পুৰণি। আদিতে অৱশ্যে ইয়াক চাৰ্কাছ বোলা হোৱা নাছিল। প্ৰথম চাৰ্কাছ হৈছিল খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত ৰোমত। সেই সময়ত ৰোমানসকলৰ ৰজা আছিল তাৰ্কিনিয়াছ প্ৰিছকাছ (Tarquinus Priscus)।