দিলৱালে দুলহনিয়া লে জায়েংগে (DDLJ) হৈছে আদিত্য চোপ্ৰাৰ পৰিচালনাত ১৯৯৫ চনৰ ২০ অক্টোবৰত মুক্তি পোৱা এখন হিন্দী ছবি।১ প্ৰযোজক যশ চোপ্ৰা৷ এই ছবিখনত শ্বাহৰুখ খান আৰু কাজল মূল চৰিত্ৰত অভিনয় কৰিছে৷ দিলৱালে দুলহনিয়া লে জায়েংগে ভাৰতৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি। হাজাৰ সপ্তাহৰ অন্তত ২০১৪ চনৰ ১২ ডিচেম্বৰত মুম্বাইৰ মাৰাঠা মন্দিৰ থিয়েটাৰত এই ছবিখনে ইতিহাস ৰচনা কৰে।২ শ্ব’টো এতিয়াও চলি আছে।
১৯৯৫ চনৰ ২০ অক্টোবৰত মুক্তি পোৱা ছবিখনে ভাৰতত ১.০৬ বিলিয়ন ₹ আৰু বহিঃৰাজ্যত ১৬ কোটি ₹ উপাৰ্জন কৰি সেই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা বলীউড ছবি আৰু ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম সফল ছবি হিচাপে পৰিগণিত হয়। ছবিখনে শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ স্বাস্থ্যকৰ মনোৰঞ্জনৰ জনপ্ৰিয় ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি ১০টা শাখাত ফিল্মফেয়াৰ বঁটা লাভ কৰে ৷ ছবিখনৰ মিউজিক এলবামটো নব্বৈৰ দশকৰ অন্যতম জনপ্ৰিয় এলবাম।
ৰাজ (শ্বাহৰুখ) আৰু ছিমৰাণ (কাজল) পৰিয়ালসহ বহিঃৰাজ্যত বাস কৰা ভাৰতীয়। বন্ধু-বান্ধৱীৰ সৈতে ইউৰোপ ভ্ৰমণত লগ হয় আৰু প্ৰেমত পৰে।৩ স্থানীয় বন্ধু এজনৰ পুত্ৰৰ লগত চিমৰনৰ দেউতাকে বিয়াৰ ব্যৱস্থা কৰিছে। বিয়াৰ বাবে ঘৰলৈ যোৱা ছিমৰনৰ পিছে পিছে ৰাজও ভাৰতলৈ আহে। দেউতাকৰ সন্মতি সাপেক্ষে ৰাজে ছিমৰণক ধৰিবলৈ কৰা প্ৰচেষ্টাক কেন্দ্ৰ কৰি ছবিখন আবদ্ধ। ভাৰত, লণ্ডন আৰু ছুইজাৰলেণ্ডত ডিডিএলজেৰ শ্বুটিং হৈছিল।
অভিনয়
- শ্বাহৰুখ খান - ৰাজ মালহোত্ৰা
- কাজল - ছিমৰণ "চিমি" সিং
- অমৰিশ পুৰী - চৌধুৰী বলদেৱ সিং
- ফৰিদা জালাল - লাজৱনতী "লাজো" সিং
- অনুপম খেৰ - ধৰম্ভীৰ মালহোত্ৰা
- অনুমতি ছেঠী - কুলজীত সিং
- সতীশ শ্বাহ - অজিত সিং
- হিমানী শিৱপুৰী - কাম্মা কৌৰ
- পূজা ৰূপৰেল - ৰাজেশ্বৰী "চুটকী" সিং
- আচালা সচদেৱ - ছিমৰণৰ আইতা
- মন্দিৰা বেদী - প্ৰীতি সিং
- কৰণ জোহৰ - ৰকি
- অনিতা শ্ৰফ আদাজানিয়া - সীনা
তথ্যসূত্ৰ
- ↑ Suhasini; Loke, Atul . "India's Love Story Movie".90sPopular Movie(19 January 2023)
- ↑ "27 years of DDLJ". Timesnownews.com. 27 Years of DDLJ Retrieved 5 August 2024
- ↑ Mashal, Mujib; Raj, Suhasini; Loke, Atul (19 January 2023). "India's Love Story with a Movie Still on the Big Screen After 27 Years".BOLLYWOOD-DDLJ The New York Times. Archived from the original on 22 January 2023. Retrieved 22 January 2023.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলৱালে দুলহনিয়া লে জায়েংগে” প্ৰবন্ধৰ সংশোধন ৪৬৪১১৪ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।