অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পদ্মাৱত (২০১৮ চনৰ চলচ্চিত্ৰ)

পদ্মাৱত (হিন্দী: पद्मावत) সঞ্জয় লীলা ভণশালীৰ দ্বাৰা পৰিচালিত ২০১৮ চনত মুত্তি লাভ কৰা হিন্দী ভাষাৰ এখন ভাৰতীয় ঐতিহাসিক নাট্য ছবি। মালিক মহম্মদ জায়চীৰ একে নামৰ মহাকাব্যৰ আধাৰত নিৰ্মিত এই ছবিখনৰ মুখ্য চৰিত্ৰ, সৌন্দৰ্য্যৰ বাবে পৰিচিত সিংহলীত জন্মগ্ৰহণ কৰা ৰাজপুত ৰাণী তথা মহাৰাৱল ৰতন সিংহৰ পত্নী…

হালনাগাদ: ৬ এপ্ৰিল ২০২৫ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পদ্মাৱত (হিন্দী: पद्मावत) সঞ্জয় লীলা ভণশালীৰ দ্বাৰা পৰিচালিত ২০১৮ চনত মুত্তি লাভ কৰা হিন্দী ভাষাৰ এখন ভাৰতীয় ঐতিহাসিক নাট্য ছবি। মালিক মহম্মদ জায়চীৰ একে নামৰ মহাকাব্যৰ আধাৰত নিৰ্মিত এই ছবিখনৰ মুখ্য চৰিত্ৰ, সৌন্দৰ্য্যৰ বাবে পৰিচিত সিংহলীত জন্মগ্ৰহণ কৰা ৰাজপুত ৰাণী তথা মহাৰাৱল ৰতন সিংহৰ পত্নী পদ্মাৱতীৰ ভূমিকাত দীপিকা পাডুকনে অভিনয় কৰিছে। ৰতন সিংহৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ছাহিদ কাপুৰে আৰু পদ্মাৱতীৰ ৰূপৰ কথা শুনি তেওঁক পাবলৈ ৰজ্য আক্ৰমণ কৰা চুলতান আলাউদ্দিন খিলজীৰ চৰিত্ৰত ৰণবীৰ সিঙে অভিনয় কৰিছে। ইয়াৰোপৰি অদিতি ৰাও হায়দৰী, জিম সৰভ, ৰাজা মুৰাদ আৰু অনুপ্ৰিয়া গোৱেংকাই সহযোগী চৰিত্ৰত অভিনয় কৰিছে।১

₹১৮০ কোটি (২৬.৩২ মিলিয়ন মাৰ্কিন ডলাৰ)–₹১৯০ কোটি (২৭.৭৮ মিলিয়ন মাৰ্কিন ডলাৰ) বাজেটৰ সৈতে পদ্মাৱত এতিয়ালৈকে নিৰ্মিত আটাইতকৈ ব্যয়বহুল ভাৰতীয় ছবিসমূহৰ ভিতৰত অন্যতম। প্ৰথমতে ২০১৭ চনৰ ১ ডিচেম্বৰত মুক্তি পাবলগীয়া ছবিখনে অসংখ্য বিতৰ্কৰ সন্মুখীন হৈছিল। হিংসাত্মক প্ৰতিবাদৰ মাজতে ইয়াৰ মুক্তি অনিৰ্দিষ্টকাললৈ পলম হয়। পিছলৈ চেণ্ট্ৰেল ব'ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনে কিছু পৰিৱৰ্তনেৰে ছবিখনক অনুমোদন জনায়। এই পৰিবৰ্তন সমূহৰ ভিতৰত একাধিক স্পষ্টীকৰণৰ সংযোজন আৰু মূল শিৰোনাম পদ্মৱতীৰ সলনি পদ্মাৱত আদি পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰা হয়।২৩ ছবিখন ২০১৮ চনৰ ২৫ জানুৱাৰীত ২ডি, থ্ৰীডি আৰু আইমেক্স ৩ডি ফৰ্মেটত মুক্তিৰ দিন পুনৰ নিৰ্ধাৰণ কৰা হয়। পদ্মাৱত হৈছে আইমেক্স ৩ডিত মুক্তি পোৱা প্ৰথমখন ভাৰতীয় ছবি।৪

মুক্তিৰ লগে লগে পদ্মাৱতে সমালোচকৰ পৰা মিশ্ৰিত-ধনাত্মক সমালোচনা লাভ কৰে, ভিজুৱেল, সাজ-পোছাকৰ ডিজাইন, চিনেমাট'গ্ৰাফী, চিত্ৰনাট্য, সংগীত আৰু অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰে, কিন্তু ইয়াৰ গতি, চলচ্চিত্ৰৰ সময় আৰু পশ্চাদপসৰণশীল পিতৃতান্ত্ৰিক আচাৰ-ব্যৱহাৰৰ আনুগত্যৰ বাবে সমালোচনাৰ সন্মুখীন হয়। খিলজীক কু-সংস্কাৰপূৰ্ণ দুষ্ট মুছলমান ৰজা আৰু ৰতন সিংহক সৎ হিন্দু ৰজা হিচাপে চিত্ৰিত কৰাটোও সমালোচকসকলে অপছন্দ কৰিছিল, যাৰ ফলত নিজ নিজ ধৰ্মীয় সম্প্ৰদায়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল।৫৬৭৮৯১০ ভাৰতৰ কিছুমান ৰাজ্যত মুক্তি পোৱাত বাধা আৰোপ কৰা সত্ত্বেও ছবিখনে বক্স অফিচত ₹৫৭১.৯৮ কোটি (৬৫ মিলিয়ন মাৰ্কিন ডলাৰ)তকৈ অধিক উপাৰ্জন কৰি ব্যৱসায়িকভাৱে এক বৃহৎ সফলতা আৰু ২০১৮ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।১১১২

৬৪ সংখ্যক ফিল্মফেয়াৰ বঁটাত পদ্মাৱতে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক (দুয়োটা ভাঞ্চালীৰ বাবে), শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ অভিনেতা আদি ১৮টা বিভাগত মনোনয়ন লাভ কৰে আৰু শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সংগীত পৰিচালককে ধৰি ৪টা বঁটা লাভ কৰে।১৩ ইয়াৰ উপৰিও ছবিখনে শ্ৰেষ্ঠ সংগীত পৰিচালনাকে ধৰি ৩টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে।১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bhansali, Viacom18 Motion Pictures join hands for 'Padmavati'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Censor Board Wants "Padmavati" Renamed "Padmavat", 5 Changes To Film. NDTV
  3. ↑ (30 December 2017). India film Padmavati 'cleared by censors'. BBC News
  4. ↑ Shruti, Shiksha. (11 January 2018). Padmaavat Is Officially The Title of Deepika Padukone's Film Now. See Changed Name on Social Media. NDTV
  5. ↑ Thakur, Tanul. 'Padmaavat' Is an Opulent Combination of Dazzling Technology and Regressive Values. The Wire
  6. ↑ Someshwar, Savera R. Padmaavat review: Nothing new to offer. Rediff
  7. ↑ Vetticad, Anna MM. Padmaavat movie review: Bhansali couches regressive, opportunistic messaging in exhausting visual splendour. Firstpost
  8. ↑ Sharma, Betwa. (25 January 2018). Padmavati Was Never A Role Model For These Rajput Women, And Now She's A Curse. Huffington Post India
  9. ↑ Chatterjee, Saibal. (26 January 2018). "Padmaavat" Movie Review: Despite Deepika Padukone's Inspired Performance, Sanjay Leela Bhansali's Film Is A Slog. NDTV.com
  10. ↑ Naqvi, Bobby. (28 January 2018). Why 'Padmaavat' bothers me as an Indian Muslim. Gulf News
  11. ↑ (19 February 2018). Padmaavat box office collection: Sanjay Leela Bhansali film mints Rs 525 crore worldwide. The Indian Express
  12. ↑ (26 January 2018). Box Office: Worldwide collections and day wise break up of Padmaavat. Bollywood Hungama
  13. ↑ (23 March 2019). Winners of the 64th Vimal Filmfare Awards 2019. Filmfare
  14. ↑ (9 August 2019). National Film Awards 2019: 'Andhadhun', 'Uri:The Surgical Strike' bag awards. The Hindu

সম্পৰ্কিত শ্ৰেণী

২০১৮ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মাৱত (২০১৮ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০২৬০১ (৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।