ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লাউচ
লাউচ (ເມືອງລາວ মিয়াং লাউ বা ປະເທດລາວ পাঠেট্ লাউ) দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ। চৰকাৰী নাম গণতান্ত্ৰীক গণপ্ৰজাতন্ত্ৰী লাউচ (লাউ ভাষা: ສາທາລະນະລັດ ປະຊາທິປະໄຕ ປະຊາຊົນລາວ চাঠালানালাট্ পাচাঠিপাটাই পাচাছন্ লাউ)। দেশখন পূৰ্বতে ইন্দো-চীন ইউনিয়ন তথা ফৰাচী ইন্দোচীনৰ অংশ আছিল।
-
গঙ্গা নদী
গঙ্গা (गङ्गा गंगा گنگا Ganga ) ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তঃসীমান্ত নদী। এই নদী ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদীও। গঙ্গাৰ দৈৰ্ঘ্য 2525 কি.মি.; উৎসস্থল পশ্চিম হিমালয়ত ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য। দক্ষিণ আৰু পূৰ্বে গাঙ্গেয় সমভূমি অঞ্চলৰ উপৰেদি প্ৰবাহিত হৈ গঙ্গা মিলিছে বঙ্গোপসাগৰত।
-
ইজৰাইল
ইজৰাইল হৈছে মধ্যপ্ৰাচ্যৰ এখন সংসদীয় গণতন্ত্ৰ। ভূমধ্য সাগৰৰ পূৱ উপকূলত অৱস্থিত এই ৰাষ্ট্ৰৰ ৰাজধানী হৈছে জেৰুজালেম। বিশ্বৰ ৫০খন মুছলিম ৰাষ্ট্ৰৰ ৩০খন দেশে ইজৰাইলক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব নিবিচাৰে।
-
নিউজিলেণ্ড
নিউজিলেণ্ড ( ইং: New Zealand, ) হ'ল দক্ষিণপশ্চিম প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ। দেশখন দুটা প্ৰধান দ্বীপ – উত্তৰ দ্বীপ (নৰ্থ আইলেণ্ড), বা Te Ika-a-Māui, আৰু দক্ষিণ দ্বীপ (চাউথ আইলেণ্ড), বা Te Waipounamuৰ লগতে ষ্টুৱাৰ্ট দ্বীপ আৰু অসংখ্য সৰু সৰু দ্বীপপুঞ্জৰে গঠিত।
-
ছুইজাৰলেণ্ড
ছুইজাৰলেণ্ড ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। ইয়াৰ ৰাজধানী হৈছে বাৰ্ণ।
-
তিব্বত স্বায়ত্তশাসিত অঞ্চল
তিব্বত স্বায়ত্তশাসিত অঞ্চল (TAR), ছিজাং স্বায়ত্তশাসিত অঞ্চল, চুটিকৈ তিব্বত বা ছিজাং (চীনা ভাষাত:西藏; পিন্যিন লিপিত: Xīzàng; তিব্বতী ভাষাত: བོད་, ৱিলিত: Bod ) গণপ্ৰজাতন্ত্ৰী চীনৰ এক আঞ্চলিক পৰ্যায়ৰ স্বায়ত্তশাসিত অঞ্চল।
-
পেৰিছ
পেৰিছ হৈছে ফ্ৰান্সৰ আটাইতকৈ জনবহুল তথা ৰাজধানী চহৰ। ইয়াৰ মাটিকালি প্ৰায় ১০৫ বৰ্গ কিলোমিটাৰ (৪১ বৰ্গ মাইল)। ২০১৯ চনৰ তথ্যমতে পেৰিছৰ জনসংখ্যা আনুমানিক ২,১৬৫,৪২৩ জন। ২০২০ চনত ই বিশ্বৰ ৩৪ সংখ্যক আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰ হিচাপে পৰিগণিত হৈছিল।
-
কাঠমাণ্ডু
কাঠমাণ্ডু হৈছে নেপালৰ ৰাজধানী তথা বৃহত্তম চহৰ। ইয়াক সৌন্দৰ্য্য আৰু শান্তিৰ এক অপূৰ্ব মিলনভূমি বুলি কোৱা হয়। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩৫০ মিটাৰ উচ্চতাত অৱস্থিত এই ৰোমাণ্টিক নগৰী ইয়াৰ নৈশজীৱনৰ বাবেও বিখ্যাত। কাঠমাণ্ডু নেপালৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নগৰ যত পৰ্যটকৰ সকলোতকৈ বেছি আগমন হয়।
-
তেলংগানা
তেলঙ্গানা (తెలంగాణ,; ) হৈছে ভাৰতৰ ২৯ তম ৰাজ্য। ই ভাৰতৰ দাক্ষিণাত্যত অৱস্থিত। ইয়াৰ সৰহভাগ অংশ নিজামৰ দ্বাৰা শাসিত হায়দৰাবাদ ৰাজ্যৰ (মেডাক আৰু ৱাৰাংগাল মহকুমা) অংশ আছিল। ব্ৰিটিছ শাসন কালত ১৯৪৭ চনলৈ আৰু স্বাধীনতাৰ পিছত ১৯৪৮ চনত ভাৰতৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে ই নিজামৰ দ্বাৰা শাসিত আছিল।
-
টাইৱান
টাইৱান (Taiwan), চৰকাৰীভাবে চীন প্ৰজাতন্ত্ৰ (Republic of China (ROC)), পূব এছিয়াৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান ইউৰেছিয়া ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু ফিলিপাইনৰ দক্ষিণত অৱস্থিত।
-
ছ'ভিয়েট সংঘ
ছ'ভিয়েট সংঘ (ৰুছ ভাষাত: Сове́тский Сою́з, ছ'ভেতস্কিয়্ ছ'য়ুজ, আইপিএ: [sɐ'vʲetskʲɪj sɐˈjʉs]), আনুষ্ঠানিকভাৱে ইউনিয়ন অৱ ছ'ভিয়েট চ'চিয়েলিষ্ট ৰিপাব্লিক্স (ৰুছ ভাষাত: Сою́з Сове́тских Социалисти́ческих Респу́блик, ছ'য়ুজ ছ'ভেটস্কিখ ছৎচিয়েলিষ্টিছেস্কিখ ৰেস্প'ব্লিক, আইপিএ: [sɐˈjus sɐˈvʲɛtskʲɪx…
-
চণ্ডীগড়
চণ্ডীগড় (Chandigarh) উত্তৰ ভাৰতত অৱস্থিত এখন চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ই চুবুৰীয়া ৰাজ্য পঞ্জাব আৰু হাৰিয়ানাৰ ৰাজধানী। এই চহৰ দুয়োখন ৰাজ্যৰে অংশ নহয় আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ শাসন চলায়। চণ্ডীগড়ৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ দিশত পঞ্জাব আৰু পূব দিশত হাৰিয়ানা অৱস্থিত।
-
মক্কা
মক্কা হৈছে চৌদি আৰৱৰ হিজাজত অৱস্থিত এখন নগৰ। মক্কা হৈছে দেশৰ মাকাহ অঞ্চলৰ ৰাজধানী। এই নগৰখন জেদাহৰ পৰা প্ৰায় 70 কি.মি. দূৰৈৰ এটা ঠেক উপত্যাকাত, সমূদ্ৰ পৃষ্ঠৰ পৰা 277 মিটাৰ উচ্চতাত অৱস্থিত। ২০১২ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ২ নিযুত।
-
গোৱালপাৰা
গোৱালাপাৰা, (Pron: ) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যত অৱস্থিত গোৱালপাৰা জিলাৰ সদৰঠাই। এই নগৰখন গুৱাহাটী মহানগৰীৰ পশ্চিমে ১৩৪ কিমি দূৰত্বত অৱস্থিত। এই নগৰখন ঐতিহাসিকভাৱে কোঁচ ৰাজবংশী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
-
বংগ
বংগ (বাংলা ভাষাত: বঙ্গ/ বাংলা) এটি ভৌগোলিক, সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল, যি দক্ষিণ এছিয়াৰ পূব দিশে স্থিত, বংগোপসাগৰৰ উত্তৰ দিশে। ই ঘাইকৈ বৰ্তমানৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ ৰাজ্য সামৰে। ভৌগোলিকভাৱে, ই গংগা-ব্ৰহ্মপুত্ৰ ব-দ্বীপ সামৰে, যি বিশ্বৰ সৰ্ববৃহৎ ব-দ্বীপ।
-
জয়পুৰ
জয়পুৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী তথা বৃহত্তম চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ৩১ লাখ লোকৰ সৈতে ই ভাৰতৰ দশম আটাইতকৈ জনবহুল চহৰ। ইয়াক গোলাপী নগৰ (Pink City) বুলিও জনা যায় কাৰণ ইয়াৰ অধিকাংশ অট্টালিকাৰ ৰং গুলপীয়া। ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ইয়াৰ দূৰত্ব ২৬৮ কি:মি: (১৬৭ মাইল)।
-
কোচি
কোচি (Kochi,, ) ভাৰতৰ এখন প্ৰধান বন্দৰ নগৰ। ইয়াক আগতে কোচিন ( Cochin, ), বুলি জনা গৈছিল। এই চহৰখন মালাবাৰ উপকূলত অৱস্থিত। ইয়াৰ কাষতে লাক্ষাদ্বীপ সাগৰ আছে। কোচি চহৰখন কেৰালা ৰাজ্যৰ এৰ্নাকুলাম জিলাৰ অন্তৰ্গত। ইয়াৰ প্ৰধান বাণিজ্যিক অঞ্চলটোক এৰ্নাকুলাম বুলি কোৱা হয়।
-
আৰ্জেণ্টিনা
আৰ্জেণ্টিনা আনুষ্ঠানিকভাৱে আৰ্জেণ্টাইন গণৰাজ্য দক্ষিণ পূব দক্ষিণ আমেৰিকাৰ এখন ৰাষ্ট্ৰ। আৰ্জেণ্টিনা দক্ষিণ আমেৰিকাত অৱস্থিত এখন দেশ। ভৌগোলিক আকাৰ আৰু জনসংখ্যাৰ ক্ষেত্ৰত ব্ৰাজিলৰ পিছতেই দক্ষিণ আমেৰিকাৰ দ্বিতীয় বৃহত্তম দেশ (ভৌগোলিক ক্ষেত্ৰফল: ২৭,৭৬,৬৫৬ বৰ্গ কিমি)।
-
হংকং
হংকং, চৰকাৰীভাৱে প্ৰজাতান্ত্ৰিক চীনৰ হংকং বিশেষ প্ৰশাসনিক অঞ্চল, হৈছে চীনৰ পাৰ্ল নদীৰ ব-দ্বীপ আৰু দক্ষিণ চীন সাগৰৰ দক্ষিণ তীৰত অৱস্থিত এখন স্বায়ত্ত্বশাসিত ৰাজ্য।
-
উত্তৰ আমেৰিকা
উত্তৰ আমেৰিকা (North America; América del Norte বা Norteamérica; Amérique du Nord; Noord-Amerika; Nort Amerika; Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত।
-
প্ৰয়াগৰাজ
পূৰ্বতে এলাহাবাদ নামেৰে পৰিচিত প্ৰয়াগৰাজ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এখন প্ৰধান মহানগৰ ৷ ই প্ৰয়াগৰাজ জিলাৰ মুখ্য কাৰ্যালয় আৰু হিন্দুসকলৰ বাবে এক প্ৰধান তীৰ্থস্থান ৷ হিন্দু শাস্ত্ৰত উল্লেখ কৰা প্ৰয়াগৰ স্থান পবিত্ৰ গংগা আৰু যমুনা নদীৰ সংগমস্থলত অৱস্থিত ৷ এই সংগমতে সৰস্বতী নদী আহি লগ হৈছে, সেয়েহে…
-
দাৰ্জিলিং
দাৰ্জিলিং (Darjeeling) ভাৰতবৰ্ষৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত এখন চহৰ। ই পৰ্য্যটকৰ কেন্দ্ৰস্থল হিচাপে বিশ্ববিখ্যাত। ই চাহ উদ্যোগ আৰু ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ কেন্দ্ৰস্থল, দাৰ্জিলিং হিমালয়ান ৰেলৱে বাবেও খ্যাত।
-
তেহৰাণ
তেহৰাণ হৈছে ইৰাণ আৰু তেহৰাণ প্ৰদেশৰ ৰাজধানী। নগৰৰ জনসংখ্যা প্ৰায় ৯ নিযুত আৰু বৃহৎ মহানগৰীয় এলেকাত প্ৰায় ১৬ নিযুত, তেহৰান হৈছে ইৰানৰ সৰ্ববৃহৎ মহানগৰ আৰু নগৰীয় এলেকা, পশ্চিম এছিয়াৰ দ্বিতীয় বৃহৎ মহানগৰ, আৰু মধ্য পূৱ তৃতীয় বৃহৎ মহানগৰীয় এলেকা।
-
দক্ষিণ এছিয়া
দক্ষিণ এছিয়া হৈছে এছিয়াৰ দক্ষিণ উপঅঞ্চল, যাক ভৌগোলিক লগতে জাতিগত-সাংস্কৃতিক দিশৰ আধাৰত সংজ্ঞায়িত কৰা হয়। ২.০৪ বিলিয়ন জনসংখ্যা থকা দক্ষিণ এছিয়াত বিশ্বৰ জনসংখ্যাৰ প্ৰায় এক চতুৰ্থাংশ (২৫%) লোক বাস কৰে।
-
নাইজেৰিয়া
নাইজেৰিয়া ( ইংৰাজী: Nigeria) পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম আবুজা। তেল সমৃদ্ধ নাইজেৰিয়া আফ্ৰিকাৰ আটাইতকৈ বেছি জনবহুল দেশ। ইয়াৰ পশ্চিমে বেনিন, পূবে চাদ আৰু কেমেৰুণ, উত্তৰে নাইজাৰ আৰু দক্ষিণে গিনি উপসাগৰ অৱস্থিত। নাইজেৰিয়া ১৯৬০ চনৰ ১ অক্টোবৰ তাৰিখে ব্ৰিটেনৰ পৰা স্বাধীনতা লাভ কৰে।
-
বংগোপসাগৰ
বংগোপসাগৰ বিশ্বৰ বৃহত্তম উপসাগৰ। ই ভাৰত মহাসাগৰৰ উত্তৰপশ্চিম অংশত অৱস্থিত প্ৰায় ত্ৰিভূজাকৃতি উপসাগৰ। এই উপসাগৰৰ পশ্চিম দিশত ভাৰত আৰু শ্ৰীলংকা, উত্তৰ দিশত ভাৰত আৰু বাংলাদেশ আৰু পূব দিশত ম্যানমাৰ আৰু ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। বংগোপসাগৰৰ কালি ২১,৭২,০০০ বৰ্গ কিলোমিটাৰ।
-
মুখ
1. মুখচিদ্ৰ (Mouth): নাকৰ ঠিক তলতে অৱস্থিত অনুপ্ৰস্থীয় বহল মুখচিদ্ৰটো ওপৰোষ্ঠ আৰু নিম্নোষ্ঠৰে আবেষ্ঠিত হৈ থাকে। মুখচিদ্ৰটো খাদ্য গ্ৰহণ কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়।
-
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ সন্ধিস্থলৰ এলানি দ্বীপ মালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। অঞ্চলটি ইণ্ডোনেছিয়াৰ আচেহ অঞ্চলৰ উত্তৰত অৱস্থিত, আন্দামান সাগৰে ইয়াক থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা পৃথক কৰি ৰাখিছে।
-
ছিৰিয়া
ছিৰিয়া ( سوريّة'Sūrriya or Sūrya), চৰকাৰীভাৱে ছিৰিয়ান আৰৱ গণতন্ত্ৰ (আৰবী:الجمهورية العربية السورية), দক্ষিণ পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ইয়াৰ পশ্চিমত লেবানন আৰু ভূমধ্য সাগৰ, দক্ষিণ-পশ্চিমত ইজৰাইল, দক্ষিণত জৰ্ডান, পূবত ইৰাক আৰু উত্তৰে তুৰস্ক অৱস্থিত।
-
মালদ্বীপ
মালদ্বীপ ভাৰত মহাসাগৰৰ এটি দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম মালে। দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থাৰ সদস্য দেশ। অপৰূপ সৌন্দৰ্য্যৰ লীলাভূমি এই দেশ বিশ্বৰ সবাতোকৈ নিম্ন। পৰ্যটনৰ বাবে বিখ্যাত এই দেশ সমুদ্ৰপৃষ্ঠৰ পৰা সৰ্বোচ্চ উচ্চতা মাত্ৰ ২.৩ মিটাৰ আৰু গড় উচ্চতা মাত্ৰ ১.৫ মিটাৰ।