ছিৰিয়া ( سوريّة'Sūrriya or Sūrya), চৰকাৰীভাৱে ছিৰিয়ান আৰৱ গণতন্ত্ৰ (আৰবী:الجمهورية العربية السورية'), দক্ষিণ পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ইয়াৰ পশ্চিমত লেবানন আৰু ভূমধ্য সাগৰ, দক্ষিণ-পশ্চিমত ইজৰাইল, দক্ষিণত জৰ্ডান, পূবত ইৰাক আৰু উত্তৰে তুৰস্ক অৱস্থিত। ইজৰাইল তথা ইৰাকৰ মাজত স্থিত হোৱা বাবে ই মধ্যপ্ৰাচ্য এছিয়াৰ এখন গুৰুত্বপূৰ্ণ দেশ। ডামাস্কাছ ইয়াৰ ৰাজধানী। পূৰ্বতে ডামাস্কাছ উমৈয়দ খিলাফত আৰু মামলুক সাম্ৰাজ্যৰ ৰাজধানী আছিল।
১৯৪৬ চনৰ এপ্ৰিল মাহত ফ্ৰান্সৰ পৰা স্বাধীনতা পোৱাৰ পিছত ইয়াত বাথ পাৰ্টিৰ প্ৰভুত্ব বিস্তাৰ হয়। ১৯৬৩ চনৰ পৰা ছিৰিয়াত অপাতকালীন আইন চলি আছে তাৰ বাবে ১৯৭০ চনৰ পৰা ইয়াৰ শাসন ভাৰ অসাদ পৰিয়ালৰ লোকে চলাই আছে। ছিৰিয়া গৃহ যুদ্ধৰ বাবে এক অস্থিৰ পৰিৱেশ বিৰাজ কৰি আছে। বৰ্তমান ছিৰিয়া বিশ্বৰ ভিতৰতে অন্যতম অশান্ত দেশ।
নামৰ উৎপত্তি
ছিৰিয়া নাম গ্ৰীক ভাষাৰ পৰা আহিছে। প্ৰাচীন কালত যৱন সকলে এই অঞ্চলক ছিৰিয়ইবুলি কৈছিল। পণ্ডিত সকলৰ মতে গ্ৰীক সকলে ব্যৱহাৰ কৰা অছিৰিয়া শব্দৰ পৰায়ে ছিৰিয়া নামৰ উৎপত্তি হৈছে। অছিৰিয়া শব্দ অক্কদি ভাষাৰ অচ্ছুৰৰ পৰা আহিছে।১
সময়ৰ লগে লগে ছিৰিয়া শব্দৰ অৰ্থ সলনি হৈ গৈ থাকিল। পূৰ্বতে ভূমধ্যসাগৰৰ পূবত মিছৰ আৰু আৰৱৰ উত্তৰ তথা চিলিছিয়াৰ দক্ষিণ অঞ্চলক ছিৰিয়া বোলা হৈছিল। ইয়াৰ বিস্তাৰ মেচুপেটামিয়া লৈকে আছিল আৰু ইয়াক অছিৰিয়া বুলিও কোৱা হৈছিল।২ ৰোমান সম্ৰাজ্যৰ সময়ত এই ছিৰিয়া অঞ্চলক কেইবাটাও বিভাগত ভাগ কৰা হয়। মধ্য প্ৰাচ্যৰ কেইবাখনো দেশ যেনে, ইজৰাইল, জৰ্ডান, লেবানন ইত্যাদি এই অঞ্চলৰ অন্তৰ্গত আছিল।
ৰাজনীতি
ছিৰিয়া এখন সংসদীয় প্ৰজাতন্ত্ৰ দেশ। ৰাষ্ট্ৰৰ ক্ষমতা ৰাষ্ট্ৰপতি আৰু বাথ পাৰ্টিৰ হাতত ন্যস্ত। ছিৰিয়া সংবিধানমতে এখন সংসদীয় প্ৰজাতন্ত্ৰ হ’লেও ১৯৬৩ চনৰ পৰা দেশখনত জৰুৰী অৱস্থা জাৰি কৰা হৈছে। বৰ্তমানে ইয়াৰ জনগণৰ হাতত চৰকাৰৰ পৰিৱৰ্তনৰ কোনো ক্ষমতা নাই। সেয়ে ছিৰিয়া আচলতে এক একনায়কতান্ত্ৰীক ৰাষ্ট্ৰ। ছিৰিয়াৰ চৰকাৰে ইজৰাইলৰ লগত ক্ৰমাগত যুদ্ধক জৰুৰী অৱস্থাৰ মূল কাৰণ হিচাপে উল্লেখ কৰিছে।
ছিৰিয়াৰ প্ৰয়াত ৰাষ্ট্ৰপতি হাফিজ আল আসাদ পাঁচ বাৰ গণভোটৰ মাধ্যমত বিজয় কৃতিত্ব বজায় ৰাখে। তেওঁৰ পুত্ৰ আৰু বৰ্তমান ৰাষ্ট্ৰপতি বাশ্বৰ আল-আসাদে ২০০০ চনত এক গণভোটত ছিৰিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি আৰু তেওঁৰ মূল সহযোগীসকলে, বিশেষত সামৰিক আৰু নিৰাপত্তা বাহিনীৰ লোকসকল, ছিৰিয়াৰ ৰাজনীতি আৰু অৰ্থনীতিৰ মূল সিদ্ধান্তসমূহ গ্ৰহণ কৰে।
ছিৰিয়াৰ গৃহযুদ্ধ ২০১০ চনত আৰম্ভ হোৱা আৰৱ বসন্ত বিপ্লৱৰ দ্বাৰা অনুপ্ৰাণিত হয়। ছিৰিয়ান সেনাৰ এক কঠোৰ ব্যৱস্থাৰ দ্বাৰা অনুসৃত শান্তিপূৰ্ণ প্ৰতিবাদৰ এটি শাৰী হিচাপে ২০১১ চনত আৰম্ভ হয়। ২০১১ চনৰ জুলাই মাহত সেনাবাহিনীৰ দলত্যাগী সকল ফ্ৰী ছিৰিয়ান সেনা গঠনৰ ঘোষণা কৰে আৰু যুদ্ধ ইউনিট গঠন আৰম্ভ হয়। এই বিৰোধিতা চুন্নি মুছলমানৰ দ্বাৰা প্ৰভাৱিত হয়। আলাউয়ি সকলে ইয়াৰ নেতৃত্ব দিয়ে।
ভাষা
আৰবী ভাষা ছিৰিয়াৰ চৰকাৰী ভাষা। ইয়াৰ প্ৰায় চাৰি-পঞ্চমাংশ লোকে আৰবী ভাষাত কথা বতৰা পাতে। ছিৰিয়াত প্ৰচলিত অন্যান্য ভাষাৰ ভিতৰত আদিজে ভাষা, আৰামীয় ভাষা, আৰ্মেনীয় ভাষা, আজাৰবাইজানি ভাষা, দোমাৰি ভাষা (ৰোমান ভাষা), কুৰ্ডি ভাষা আৰু ছিৰিয় ভাষা উল্লেখযোগ্য। আন্তঃৰাষ্ট্ৰীয় কাম-কাজত ফৰাচী ভাষা ব্যৱহাৰ কৰা হয়।
মেলা আৰু উৎসৱ
| উৎসৱ | নগৰ | মাহ |
|---|---|---|
| ফুলৰ উৎসৱ | লতাকীয়া | এপ্ৰিল |
| পাৰম্পৰিক | পালমিৰা | মে |
| আন্তৰাষ্ট্ৰীয় ফুল মেলা | ডামাস্কাছ | মে |
| ছিৰিয়ান গীত মেলা | এলেপ্প | জুলাই |
| মাৰমৰিতা | মাৰমৰিতা | আগষ্ট |
| লোত্তি উৎসৱ | অচ্ছুবায়দা | ছেপ্টেম্বৰ |
| কঁপাহ উৎসৱ | এলেপ্প | ছেপ্টেম্বৰ |
| ডামাস্কাছ আন্তঃৰাষ্ট্ৰীয় মেলা | ডামাস্কাছ | ছেপ্টেম্বৰ |
| প্ৰেম আৰু শান্তিৰ উৎসৱ | লতাকীয়া | ২-১২ আগষ্ট |
| বছড়া উৎসৱ | বছড়া | ছেপ্টেম্বৰ |
| চলচ্চিত্ৰ আৰু নাট্য মহোৎসৱ | ডামাস্কাছ | নৱেম্বৰ |
| চেমেলিৰ উৎসৱ | ডামাস্কাছ | এপ্ৰিল |
বহিঃসংযোগ
চৰকাৰ
সংস্কৃতি
- ছিৰিয়াৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংস্থা
- ৰেডিঅ আৰু টেলিভিছন সাধাৰণ সন্থা, ছিৰিয়া
- আল অসাদ ৰাষ্ট্ৰীয় পুথিভঁৰাল
অৰ্থনীতি
তথ্যসূত্ৰ
- ↑ সৰ্বপ্ৰথম Theodor Nöldeke দ্বাৰা ১৮৮১ চনত; cf. Harper, Douglas. (2001). Syria. Online Etymology Dictionary
- ↑ Pliny. Natural History. University of Chicago Website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিৰিয়া” প্ৰবন্ধৰ সংশোধন ৬১২৬৮৯ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।