বংগোপসাগৰ বিশ্বৰ বৃহত্তম উপসাগৰ।১ ই ভাৰত মহাসাগৰৰ উত্তৰপশ্চিম অংশত অৱস্থিত প্ৰায় ত্ৰিভূজাকৃতি উপসাগৰ। এই উপসাগৰৰ পশ্চিম দিশত ভাৰত আৰু শ্ৰীলংকা, উত্তৰ দিশত ভাৰত আৰু বাংলাদেশ আৰু পূব দিশত ম্যানমাৰ আৰু ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।
বংগোপসাগৰৰ কালি ২১,৭২,০০০ বৰ্গ কিলোমিটাৰ। কেইবাখনো বৃহৎ নদী এই উপসাগৰত পৰিছে। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হল গংগা আৰু ইয়াৰ প্ৰধান দুই উপনদী পদ্মা আৰু হুগলী, ব্ৰহ্মপু্ত্ৰ আৰু তাৰ উপনদী যমুনা আৰু মেঘনা, ইৰাৱতী, গোদাৱৰী, মহানদী, কৃষ্ণা আৰু কাবেৰী নদী। বংগোপসাগৰৰ নিকটবৰ্তী গুৰুত্বপূৰ্ণ বন্দৰ সমূহ হল: চেন্নাই, চট্টগ্ৰাম, কলিকতা, মংগলা, পাৰাদীপ, টুটিকোৰিন, বিশাখাপট্টনম আৰু য়াংগুন। বিশ্বৰ বৃহত্তম সমুদ্ৰতীৰ (Beach) কক্সবাজাৰ এই উপসাগৰৰ পাৰত বাংলাদেশ ৰাষ্ট্ৰত অৱস্থিত।
বিস্তাৰ
আন্তৰ্জাতিক হাইড্ৰগ্ৰাফিক সন্থায়ে বংগোপসাগৰৰ সীমাৰেখা নিৰ্দিষ্ট কৰি ৰাখিছে। সেই অনুসৰি২ পূব দিশত ম্যানমাৰৰ নেগ্ৰাইছ অন্তৰীপৰ (১৬°০৩' উত্তৰ) পৰা এটা ৰেখা আন্দামান দ্বীপপুঞ্জৰ দ্বীপসমূহৰ ওপৰেৰে এনেভাৱে টনা হৈছে যে, যাতে দ্বীপসমূহৰ মধ্যভাগৰ সংকীৰ্ণ জলভাগ ৰেখাৰ পূব দিশত পৰে আৰু বংগোপসাগৰৰ পৰা বিচ্ছিন্ন থাকে। এই ৰেখা লিটল আন্দামান দ্বীপ (১০°৪৮' উত্তৰ অক্ষৰেখা আৰু ৯২°২৪' পূব দ্ৰাঘিমা ৰেখা) পৰ্যন্ত প্ৰসাৰিত। তাৰ পিছত ম্যানমাৰ সাগৰৰ দক্ষিণপশ্চিম সীমা পৰ্যন্ত বংগোপসাগৰৰ সীমা প্ৰসাৰিত। (সুমাত্ৰাৰ ওয়েজং ৰাজ্যৰ পৰা পোয়েলো ব্ৰু পৰ্যন্ত এটি ৰেখা নিকোবৰ দ্বীপপুঞ্জৰ পশ্চিম দিশৰ দ্বীপসমূহৰ ওপৰেৰে এনেভাৱে প্ৰসাৰিত, যাতে দ্বীপসমূহৰ মধ্যভাগৰ সংকীৰ্ণ জলভাগ ম্যানমাৰ সাগৰত পৰে। এই ৰেখা দক্ষিণে লিটল আন্দামান দ্বীপৰ চেন্দী পইন্ট পৰ্যন্ত প্ৰসাৰিত। দক্ষিণ দিশত আদম’ছ ব্ৰিজ (ভাৰত আৰু শ্ৰীলংকাৰ মাজত) আৰু ডোন্দ্ৰা হেডেৰ (শ্ৰীলংকাৰ দক্ষিণ বিন্দু) পৰা পোয়েলো ব্ৰুৰ উত্তৰ বিন্দু পৰ্যন্ত।
নামকৰণ
প্ৰাচীন হিন্দু ধৰ্মৰ শাস্ত্ৰত বংগোপসাগৰক 'মহোদধি' (महोदधि, অৰ্থাৎ বিতাট জলাধাৰ) বোলা হৈছে।৩৪ প্ৰাচীন মানচিত্ৰ সমূহত এই উপসাগৰ চাইনাছ গেঞ্জেটিকাছ বা গেঞ্জেটিকাছ চাইনাছ নামে পৰিচিত। ইয়াৰ অৰ্থ গংগা উপসাগৰ (Gulf of the Ganges)। ৫ বংগোপসাগৰৰ অন্যান্য সংস্কৃত নামসমূহ হল: 'বঙ্গোপসাগৰ' (সংস্কৃত: वङ्गोपसागर), 'বংগসাগৰ' (সংস্কৃত: वङ्गसागर) ও 'পূৰ্বপয়োধি' (সংস্কৃত:पूर्वपयोधि, পূৰ্ব মহাসাগৰ)।
নদ-নদী

বাংলাদেশ আৰু ভাৰতৰ অনেক বৃহৎ নদী পূবৰ পৰা পশ্চিমে প্ৰবাহিত হৈ বংগোপসাগৰত পৰিছে। তাৰে ভিতৰত উত্তৰ দিশৰ পৰা গংগা, মেঘনা আৰু ব্ৰহ্মপুত্ৰ; দক্ষিণদিশৰ পৰা মহানদী, গোদাৱৰী, কৃষ্ণা, ইৰাৱতী আৰু কাবেৰী নদী উল্লেখযোগ্য। ৬৪ কিলোমিটাৰব্যাপী (৪০ মাইল) কৌম নদী সবাতোকৈ সৰু নদী হিচাপে আৰু ২,৯৪৮ কিলোমিটাৰব্যাপী (১,৮৩২ মাইল) বিশ্বৰ ২৮তম দীৰ্ঘ নদী ব্ৰহ্মপুত্ৰ বাংলাদেশ, চীন, নেপাল আৰু ভাৰতৰ মাজেৰে প্ৰবাহিত হৈ বংগোপসাগৰত পৰিছে। সুন্দৰবন মেনগ্ৰ'ভ বনাঞ্চল গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদীৰ ব-দ্বীপক আগুৰি গঠিত হৈছে। ম্যানমাৰৰ ইৰাৱাদি (সংস্কৃত: ইৰাৱতী) নদীও এই উপসাগৰত মিলিত হৈছে আৰু এসময়ত গভীৰ আৰু ঘন মেনগ্ৰ'ভ বনাঞ্চলৰ সৃষ্টি কৰিছিল।
সমুদ্ৰবন্দৰ
বা ভাইযাগ, ভাৰতৰ ব্যস্ততম সমুদ্ৰবন্দৰ।]]
বাংলাদেশৰ প্ৰধান দুটা সমুদ্ৰবন্দৰ চট্টগ্ৰাম আৰু মংলা বন্দৰ এই উপসাগৰৰ পাৰত অৱস্থিত। ভাৰতৰ প্ৰধান সমুদ্ৰ বন্দৰৰ ভিতৰত কাকিনাড়া, চেন্নাই, বিশাখাপট্টনম, কলিকতা, তৃণকমলি, পুডুছেৰী আৰু পাৰাদিপ। ম্যানমাৰৰ পূৰ্বৰ ৰাজধানী আৰু সৰ্ববৃহৎ নগৰী য়াংগুন বংগোপসাগৰৰ এটি উল্লেখযোগ্য সমুদ্ৰবন্দৰ।
দ্বীপপুঞ্জ
বংগোপসাগৰত কেইবাটাও দ্বীপমালা আছে। তাৰে ভিতৰত আন্দামান, নিকোবৰ আৰু মাৰ্গুই দ্বীপপুঞ্জ অন্যতম। উত্তৰ-পূবত ম্যানমাৰৰ উপকূলৰ চিদুবা দ্বীপপুঞ্জ কেইবাটাও সুপ্ত আগ্নেয়গিৰিৰ বাবে বিখ্যাত যি মাজে মাজে সক্ৰিয় হয়। গ্ৰেট আন্দামান হৈছে আন্দামান দ্বীপমালাৰ প্ৰধান দ্বীপ; অন্যহাতে ৰিছি দ্বীপ ক্ষুদ্ৰতম দ্বীপপুঞ্জ। ৫৭২ টা দ্বীপৰ ভিতৰত ৩৭ টাতে অধিবাসী আছে। আন্দামান আৰু নিকোবৰ দ্বীপত বেছিভাগ লোক বাস কৰে।৬
সমুদ্ৰতীৰ

| সমুদ্ৰ সৈকত | অৱস্থান |
|---|---|
| কক্সবাজাৰ | বাংলাদেশ |
| কুয়াকাটা | বাংলাদেশ |
| ছেণ্ট মাৰ্টিন'ছ দ্বীপ | বাংলাদেশ |
| বকখালি | ভাৰত |
| দীঘা | ভাৰত |
| চান্দিপুৰ | ভাৰত |
| পুৰী | ভাৰত |
| বিশাখাপট্টনম | ভাৰত |
| মেৰিনা বীচ | ভাৰত |
| গাপালি | ম্যানমাৰ |
| অৰুগ্ৰাম | শ্ৰীলংকা |
বহিঃসংযোগ
- ৪৯৭ ভি সূৰ্য্য নাৰায়ণ: বংগোপসাগৰৰ সম্প্ৰদায়ৰ প্ৰত্যাশা
- বংগোপসাগৰ:HighBeam Encyclopedia
- সংক্ষিপ্ত ব্ৰিটানিকা
তথ্যসূত্ৰ
- ↑ Bay of Bengal. Wildlife Conservation Society
- ↑ (1953). Limits of Oceans and Seas, 3rd edition. International Hydrographic Organization
- ↑ Kuttan. (2009). The Great Philosophers of India. AuthorHouse. ISBN 978-1434377807
- ↑ Dhanushkodi. indiatourism4u.in
- ↑ 1794, Orbis Veteribus Notus by Jean Baptiste Bourguignon d'Anville
- ↑ পোৰ্ট ব্লেয়াৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বংগোপসাগৰ” প্ৰবন্ধৰ সংশোধন ৪৫৫৭৭০ (১৬ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।