তেলঙ্গানা (తెలంగాణ,; ) হৈছে ভাৰতৰ ২৯ তম ৰাজ্য। ই ভাৰতৰ দাক্ষিণাত্যত অৱস্থিত। ইয়াৰ সৰহভাগ অংশ নিজামৰ দ্বাৰা শাসিত হায়দৰাবাদ ৰাজ্যৰ (মেডাক আৰু ৱাৰাংগাল মহকুমা) অংশ আছিল। ব্ৰিটিছ শাসন কালত ১৯৪৭ চনলৈ আৰু স্বাধীনতাৰ পিছত ১৯৪৮ চনত ভাৰতৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে ই নিজামৰ দ্বাৰা শাসিত আছিল। ১৯৫৬ চনত হায়দৰাবাদ ৰাজ্যখন ভংগ কৰি ইয়াক অন্ধ্ৰপ্ৰদেশৰ লগত অন্তৰ্ভুক্ত কৰি অন্ধ্ৰপ্ৰদেশ ৰাজ্যখন সৃষ্টি কৰা হয়। ২০১৪ চনৰ ২ জুন তাৰিখে অন্ধ্ৰপ্ৰদেশৰ উত্তৰ-পশ্চিমাঞ্চলৰ দহখন জিলা লগলগাই ভাৰতৰ ২৯তম ৰাজ্য তেলঙ্গানা গঠন কৰা হয়।১ হায়দৰাবাদ চহৰখন অহা ১০ বছৰলৈ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ দুয়োখন ৰাজ্যৰে উমৈহতীয়া ৰাজধানী হৈ থাকিব।২
তেলঙ্গানাৰ চৰিসীমাত উত্তৰ আৰু উত্তৰ-পশ্চিমত মহাৰাষ্ট্ৰ, পশ্চিমত কৰ্ণাটক, উত্তৰ পূৱত ছত্তীসগঢ় আৰু দক্ষিণ-পূৱত অন্ধ্ৰপ্ৰদেশ অৱস্থিত। ২০১১ চনৰ লোকপিয়ল মতে তেলঙ্গানাৰ জনসংখ্যা হৈছে ৩৫,২৮৬,৭৫৭ জন আৰু ইয়াৰ মাটিকালি ১১৪৮৪০ বৰ্গ কিঃমিঃ।৩ হায়দৰাবাদ, ৱাৰাংগাল, কৰিমনগৰ আৰু নিজামাবাদ হৈছে ৰাজ্যখনৰ চাৰিখন আটাইতকৈ ডাঙৰ চহৰ।
নামৰ উৎপত্তি
তেলঙ্গানা শব্দটো তেলুগু শব্দৰ পৰা অহা বুলি ধাৰণা কৰা হৈছে। তেলুগু ভাষাত তেলুগু শব্দৰ অৰ্থ হ'ল তেলুগু ভাষী লোক বসবাস কৰা অঞ্চল। এক প্ৰবাদমতে তেলুগুৰ উৎপত্তি হৈছে ত্ৰিলিংগ বা ত্ৰিলিংগ দেশ যাৰ অৰ্থ হ'ল তিনি লিংগৰ দেশ। হিন্দু মতবাদ মতে ভগৱান শিৱই তেলেংগানাক আৱৰি থকা তিনিখন পৰ্বত ক্ৰমে কালেশ্বৰম, শ্ৰীচাইলাম আৰু দ্ৰক্ষৰামাত লিংগ হিচাপে নামি আহিছিল, সেইকাৰণে নাম হৈছিল ত্ৰিলিংগ। তাৰ পৰা অপভ্ৰংশ হৈ থেলিংগা, তেলুংগা আৰু তেলুগু হ'ল।৪৫
অতীতৰ হায়দৰাবাদ ৰাজ্যৰ মাৰাঠী ভাষী অধ্যুষিত অঞ্চল মাৰাঠাৱাডাৰ পৰা তেলুগু ভাষী অধ্যুষিত অঞ্চলটো পৃথককৈ বুজাবলৈ এই তেলঙ্গানা শব্দটো ব্যৱহাৰ কৰা হৈছিল।৬
তেলঙ্গানা শব্দৰ প্ৰাচীনতম উল্লেখ পোৱা যায় মালিক মকবুলৰ (Malik Maqbul) নামত। তেওঁক তিলাংগিনী বোলা হৈছিল, অৰ্থাৎ তেওঁ তিলাংগানা অঞ্চলৰ লোক আছিল। তেওঁ এক হিন্দু পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ নাম আছিল যুগন্ধৰ। যুগন্ধৰ ৱাৰাংগাল (Warangal Fort) দুৰ্গৰ সেনানায়ক আছিল।৭
ইতিহাস
প্ৰাচীন যুগ
প্ৰাচীনভাৰতৰ ১৬খন জনপদৰ ভিতৰত অন্যতম অস্মক জনপদৰ (Assakajanapada) ৰাজধানী আছিল কৰিমনগৰৰ কোটিলিংগালা। এই অঞ্চলত প্ৰাক-সাতবাহন ৰজাসকলে প্ৰচলন কৰা মুদ্ৰা পোৱা গৈছে। সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা চিমুখ আৰু তেওঁৰ পৰৱৰ্তী ৰজাসকলে প্ৰৱৰ্তন কৰা তাম্ৰমুদ্ৰাও ইয়াত পোৱা গৈছে।৮
খ্ৰীষ্টপুৰ্ব ২৩০ ৰ পৰা ২২০ খ্ৰীষ্টাব্দলৈ সাতবাহন ৰাজবংশ এই অঞ্চলৰ প্ৰধান শক্তিলৈ পৰিণত হৈছিল। এই ৰাজবংশৰ উৎস আছিল গোদাবৰী আৰু কৃষ্ণা নদীৰ মধ্যৱৰ্তী অঞ্চল।
সাতবাহন সকলৰ পতনৰ পিছত বাকাটক (Vakataka), বিষ্ণুকুণ্ডিয়া (Vishnukundina), চালুক্য (Chalukya), ৰাষ্ট্ৰকুট (Rashtrakuta), আৰু পশ্চিম চালুক্য (Western Chalukya) ৰাজবংশই এই অঞ্চল শাসন কৰিছিল।
কাকতীয় ৰাজবংশ
১০৮৩ ৰ পৰা ১৩১৩ খ্ৰীষ্টাব্দ পৰ্যন্ত তেলঙ্গানা অঞ্চল শাসন কৰে কাকতীয় ৰাজবংশ। এই যুগটি তেলঙ্গানাৰ ইতিহাসত স্বৰ্ণযুগ নামে পৰিচিত। ১১৯৯ খ্ৰীষ্টাব্দত সৰ্বশ্ৰেষ্ঠ কাকতীয় ৰজা গণপতিদেৱ ক্ষমতালৈ আহে। সাতবাহন ৰজাসকলৰ পাছত তেঁৱেই প্ৰথমে সমগ্ৰ তেলুগুভাষী অঞ্চলক একক ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। তেঁৱে তেলুগু চোল ৰাজ্যৰ শাসনৰ অবসান ঘটাইছিল। ১২১০ খ্ৰীষ্টাব্দত তেলুগু চোলসকলে তেওঁৰ সাৰ্বভৌমত্ব মানি লৈছিল। পূৱে গোদাবৰী বদ্বীপৰ পৰা পশ্চিমে ৰায়চুৰ (এতিয়া কৰ্ণাটক ৰাজ্যত) আৰু উত্তৰে কৰিমনগৰ আৰু বস্তাৰৰ (এতিয়া ছত্তিশগড় ৰাজ্যত)পৰা দক্ষিণে শ্ৰীশৈলম আৰু ত্ৰিপুৰান্তকম (ওঙ্গলৰ ওচৰত) পৰ্যন্ত অঞ্চল তেওঁ নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ ৰাজত্বকালতেই গোলকুণ্ডা দুৰ্গ নিৰ্মিত হৈছিল। কাকতীয় ৰাজবংশৰ অন্যান্য উল্লেখযোগ্য শাসকসকল হʼল ৰুদ্ৰামা দেৱী আৰু প্ৰতাপৰুদ্ৰ। ১৩০৯ খ্ৰীষ্টাব্দত মালিক কাফুৰৰ আক্ৰমণৰ পাছত এই ৰাজ্য দুৰ্বল হৈ পৰে। মহম্মদ বিন টোগলকে ১৩২৩ খ্ৰীষ্টাব্দত প্ৰতাপৰুদ্ৰক পৰাজিত কৰাত এই ৰাজবংশৰ পতন ঘটে।
কুতুবশাহী আৰু নিজাম
চতুৰ্দাশ শতাব্দীত তেলঙ্গানা অঞ্চলটি দিল্লীৰ চুলতানৰ অধীনলৈ যায়। ইয়াৰ পিছত ই বাহমনি চুলতানৰ অন্তৰ্ভুক্ত হয়। ১৫১৮ খ্ৰীষ্টাব্দত গোলকুণ্ডৰ শাসনকৰ্তা কুলি কুতুব মুল্কে বাহমানি চুলতানৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰি কুতুবশাহী ৰাজবংশ প্ৰতিষ্ঠা কৰে। সুদীৰ্ঘ এবছৰ গোলকুণ্ডৰ দুৰ্গ অৱৰোধ কৰাৰ পিছত গোলকুণ্ডৰ চুলতান মোগল সম্ৰাট ঔৰংজেৱৰ অধীনলৈ যায়।৯
Further reading
- Virendra Kumar. Committees and commissions in India, 1947-1973. D.K. Publishing House. পৃ. 175. ISBN 8170221978
- Sarojini Regani. (1986). Nizam –British Relations 1724–1857. Concept Publishing Company. ISBN 8170221951
- Duncan B. Forrester. (Spring 1970). Subregionalism in India: The Case of Telangana. Pacific Affairs. University of British Columbia. পৃ. 5–21
- Karen Leonard. (May 1971). The Hyderabad Political System and its Participants. The Journal of Asian Studies. Association for Asian Studies. পৃ. 569–582
বাহ্যিক সংযোগ
- eTelangana.org (Telangana Information Task Force)
- Planning Commission Document: Regional Balances in AP
- Srikrishna Committee 2010, Vol I (Main Report), Vol II (Appendix)
তথ্যসূত্ৰ
- ↑ (4 March 2014). Notification. The Gazette of India. Government of India
- ↑ (30 July 2013). Telangana will be 29th state, Hyderabad to be common capital for 10 years. TThe Times of India
- ↑ POPULATION. Govt of Andhra Pradesh
- ↑ History of Kannada language: readership lectures, By R. Narasimhacharya
- ↑ A grammar of the Teloogoo language, commonly termed the Gentoo, peculiar to the Hindoos inhabiting the north eastern provinces of the Indian peninsula(page iii). Alexander Duncan Campbell. Sashachellum, 1816
- ↑ India Today Encyclopedia, An encyclopedia of life in the republic, Vol 1. Arnold P Kaminsky. Library of Congress Cataloging-in-Publication data
- ↑ Sri Marana Markandeya Puranamu, ed. G. V. Subrahmanyam, 1984, Andhra Pradesh Sahitya Academy, Hyderabad
- ↑ Antiquities unearthed at Kotilingala. The Hindu
- ↑ Richards, J. F. (1975). The Hyderabad Karnatik, 1687–1707. Modern Asian Studies. Cambridge University Press. পৃ. 241–260
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেলংগানা” প্ৰবন্ধৰ সংশোধন ৪৪৩৭৬৫ (১০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।