পূৰ্বতে এলাহাবাদ নামেৰে পৰিচিত প্ৰয়াগৰাজ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এখন প্ৰধান মহানগৰ ৷১২৩৪ ই প্ৰয়াগৰাজ জিলাৰ মুখ্য কাৰ্যালয় আৰু হিন্দুসকলৰ বাবে এক প্ৰধান তীৰ্থস্থান ৷ হিন্দু শাস্ত্ৰত উল্লেখ কৰা প্ৰয়াগৰ স্থান পবিত্ৰ গংগা আৰু যমুনা নদীৰ সংগমস্থলত অৱস্থিত ৷ এই সংগমতে সৰস্বতী নদী আহি লগ হৈছে, সেয়েহে ইয়াক ত্ৰিবেণী সংগম বুলি কোৱা হয়, য’ত প্ৰতি বাৰ বছৰৰ মূৰে মূৰে কুম্ভ মেলা অনুষ্ঠিত হয়। ই হৈছে প্ৰয়াগৰাজ জিলাৰ প্ৰশাসনিক সদৰ। চহৰখন উত্তৰ প্ৰদেশৰ ন্যায়িক ৰাজধানী আৰু এলাহাবাদ উচ্চ ন্যায়ালয় ৰাজ্যখনৰ সৰ্বোচ্চ ন্যায়িক সংস্থা। ২০১১ চনলৈকে, প্ৰয়াগৰাজ আছিল ৰাজ্যখনৰ সপ্তম সৰ্বাধিক জনবহুল চহৰ, উত্তৰ ভাৰতৰ ত্ৰয়োদশ আৰু ভাৰতৰ ত্ৰিশতম জনবহুল চহৰ। ইয়াৰ আনুমানিক জনসংখ্যা ১.৫৩ নিযুত।৫৬৭৮ ২০১১ চনত ই বিশ্বৰ ৪০ তম দ্ৰুততম বিকাশশীল চহৰৰ স্থান লাভ কৰে।৯১০
হিন্দু শাস্ত্ৰত কৰা উল্লেখ অনুসৰি, প্ৰয়াগৰাজ পৃথিৱীৰ প্ৰাচীনতম নগৰ। এই তথ্যক আটাইতকৈ ঐতিহাসিক বুলি গণ্য কৰা হয়। বৈদিক যুগৰ শেষৰ ফালে প্ৰয়াগৰাজক কোচম্বি বুলিও জনা গৈছিল, হস্তিনাপুৰৰ কুৰু শাসকসকলে এই নামাকৰণ কৰিছিল আৰু তেওঁলোকৰ ৰাজধানী হিচাপে ইয়াক বিকশিত কৰিছিল। বৈদিক যুগৰ শেষৰ পৰা মৌৰ্য সাম্ৰাজ্যৰ শেষলৈকে কোচম্বি ভাৰতৰ অন্যতম ডাঙৰ নগৰ আছিল আৰু গুপ্ত সাম্ৰাজ্য বাহাল থকালৈকে এই নগৰে নিজৰ প্ৰতিপত্তি ধৰি ৰাখিবলৈ সক্ষম হৈছিল। তেতিয়াৰ পৰা, নগৰখন দ’ৱাব অঞ্চলৰ এক ৰাজনৈতিক, সাংস্কৃতিক আৰু প্ৰশাসনিক কেন্দ্ৰ হৈ পৰিছিল।
আকবৰনামাত উল্লেখ আছে যে, মোগল সম্ৰাট আকবৰে এখন মহান চহৰ ৰূপে এলাহাবাদক বিচাৰি উলিয়াইছিল। আব্দ আল-কাদিৰ বাদায়ুনি আৰু নিজামুদ্দিন আহমেদে উল্লেখ কৰিছে যে, আকবৰে ইয়াত এখন সাম্ৰাজ্যিক চহৰৰ ভেটি স্থাপন কৰিছিল যাক ইলাহাবাচ্ বা ইলাহাবাদ বুলি কোৱা হৈছিল।১১১২ তেওঁ ইয়াৰ কৌশলগত অৱস্থানৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু তাত এটা দূৰ্গ নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে, পিছত ১৫৮৪ চনৰ ভিতৰত ইয়াৰ নাম সলনি কৰি ইলাহাবাচ্ কৰে, যাক ছাহজাহানে এলাহাবাদলৈ পৰিৱৰ্তন কৰে।১৩ সপ্তদশ শতিকাৰ আৰম্ভণিতে, জাহাংগীৰৰ শাসনকালত প্ৰয়াগৰাজ মোগল সাম্ৰাজ্যৰ এখন প্ৰাদেশিক ৰাজধানী আছিল।১৪ ১৮৩৫ চনত উত্তৰ-পশ্চিম প্ৰভিন্সৰ আগ্ৰালৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ আগতে ১৮৩৩ চনত ই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনাধীন আছিল।১৫ ১৮৫৮ চনত প্ৰয়াগৰাজ উত্তৰ-পশ্চিম প্ৰদেশৰ ৰাজধানী হয় আৰু এদিনৰ বাবে ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়।১৬ ১৯০২ চনৰ পৰা ১৯২০ চনলৈ ইউনাইটেড প্ৰভিন্সৰ ৰাজধানী ৰূপে ইয়াত ব্ৰিটিছ চৰকাৰৰ শাসন বাহাল আছিল১৭ আৰু ভাৰতীয় স্বাধীনতাৰ সংগ্ৰামৰ সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।১৮
দক্ষিণ উত্তৰ প্ৰদেশত অৱস্থিত এই চহৰখনে ৩৬৫ কি: মি: স্কোৱেৰ (১৪১ বৰ্গ মাইল) আৱৰি আছে।৫ যদিও চহৰ খন আৰু ইয়াৰ চাৰিওফালৰ অঞ্চল কেইবাখনো পৌৰসভাৰ দ্বাৰা পৰিচালিত হয়, প্ৰয়াগৰাজ জিলাৰ এক বৃহৎ অংশ প্ৰয়াগৰাজ পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হয়। চহৰখনত মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু উত্তৰ প্ৰদেশৰ উচ্চ ন্যায়ালয়কে ধৰি বহুতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয় আছে। প্ৰয়াগৰাজে প্ৰয়াগ কুম্ভ মেলা আৰু ইন্দিৰা মাৰাথনকে ধৰি সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান আয়োজন কৰে। যদিও চহৰখনৰ অৰ্থনীতি পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল, ইয়াৰ বেছিভাগ উপাৰ্জন বৰ্তমান ৰিয়েল ইষ্টেট আৰু বিত্তীয় সেৱাৰ পৰা আহৰণ কৰা হৈছে।১৯
তথ্যসূত্ৰ
- ↑ Metropolitan Cities of India. cpcb.nic.in
- ↑ Guidelines for Identifying Census Centres by Reserve Bank of India. Reserve Bank of India. RBI Central Board, Government of India
- ↑ (20 October 2006). Six cities to get metropolitan status. দ্য টাইম্ছ অৱ ইণ্ডিয়া The other five cities were: Agra, Kanpur, Lucknow, Meerut, and Varanasi
- ↑ Urban Scenario by Ministry of Housing and Urban Affairs. MoHUA Government of India. Ministry of Housing and Urban Affairs, Government of India
- ↑ Prayagraj City. allahabadmc.gov.in
- ↑ Slum Free City Plan of Action – Allahabad. Regional Centre for Urban and Environmental Studies. Ministry of Urban Development, Government of India. পৃ. 14
- ↑ Allahabad City Population Census 2011 | Uttar Pradesh. Census2011.co.in
- ↑ Allahabad Metropolitan Urban Region Population 2011 Census. Census2011.co.in
- ↑ The world's fastest growing cities and urban areas from 2006 to 2020. City Mayors Statistics
- ↑ 10 Twin Towns and Sister Cities of Indian States. walkthroughindia.com
- ↑ Ujagir Singh. (1958). Allahabad: a study in urban geography. Banaras Hindu University. পৃ. 31–32
- ↑ Kama Maclean. (2008). Pilgrimage and Power: The Kumbh Mela in Allahabad, 1765–1954. Oxford University Press. পৃ. 67. ISBN 978-0195338942
- ↑ (1962). University of Allahabad Studies. University of Allahabad. পৃ. 8
- ↑ Pletcher, Kenneth. (15 August 2010). The Geography of India: Sacred and Historic Places. The Rosen Publishing Group. পৃ. 128. ISBN 978-1-61530-142-3
- ↑ H.S. Bhatia. (2008). Military History of British India: 1607–1947. Deep and Deep Publications'. পৃ. 97. ISBN 978-81-8450-079-0
- ↑ Ashutosh Joshi. (2008). Town Planning Regeneration of Cities. New India Publishing. পৃ. 237. ISBN 978-81-89422-82-0
- ↑ Kerry Ward. (2009). Networks of Empire: Forced Migration in the Dutch East India Company. Cambridge University Press. পৃ. 340. ISBN 978-0-521-88586-7
- ↑ Akshayakumar Ramanlal Desai. (1986). Violation of Democratic Rights in India. Popular Prakashan. পৃ. 269. ISBN 978-0-86132-130-8
- ↑ Mani, Rajiv. (10 February 2011). City generates 5,34,760 kg domestic waste daily. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰয়াগৰাজ” প্ৰবন্ধৰ সংশোধন ৫০৮১১৬ (১২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।