নাইজেৰিয়া ( ইংৰাজী: Nigeria) পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম আবুজা। তেল সমৃদ্ধ নাইজেৰিয়া আফ্ৰিকাৰ আটাইতকৈ বেছি জনবহুল দেশ। ইয়াৰ পশ্চিমে বেনিন, পূবে চাদ আৰু কেমেৰুণ, উত্তৰে নাইজাৰ আৰু দক্ষিণে গিনি উপসাগৰ অৱস্থিত।
নাইজেৰিয়া ১৯৬০ চনৰ ১ অক্টোবৰ তাৰিখে ব্ৰিটেনৰ পৰা স্বাধীনতা লাভ কৰে। বৰ্তমান দেশখন ৩৬টা ৰাজ্য আৰু কেন্দ্ৰীয় ৰাজধানী এলেকাৰে গঠিত। ১৯৬৬ চনৰ পৰা ১৯৯৯ চনলৈ দেশখন বিভিন্ন সময়ে সামৰিক শাসনৰ সন্মুখীন হৈছিল। ১৯৯৯ চনত দেশ খনত পুনৰবাৰ গণতন্ত্ৰ স্থাপন হয়।
নামৰ উৎপত্তি
নাইজেৰিয়া নাম দেশখনৰ মাজেৰে প্ৰৱাহিত নাইজাৰ নদীৰ পৰা আহিছে। এই নাম ঊনৈছ শতিকাৰ শেষৰ ফালে ফ্ল'ৰা শ্ব'য়ে গঠন কৰে। দেশখনৰ নাম সম্পৰ্কে আৰু কোনো তথ্য পোৱা নাযায়। ইউৰোপীয় উপনিৱেশবাদৰ পিছৰ পৰা তুয়াৰেগ শব্দৰ পৰিৱৰ্তে এই নাম ব্যৱহৃত হবলৈ ধৰে। ১২
ভূগোল
নাইজেৰিয়াৰ মুঠ মাটিকালি 923768 বৰ্গ কি.মি.।৩ ই পৃথিৱীৰ ৩২তম বৃহৎ দেশ। ইয়াৰ উপকূলীয় সীমাৰেখাৰ দৈৰ্ঘ্য ৮৫৩ km.৪

নাইজেৰিয়াৰ উচ্চতম স্থান হৈছে চাপ্পাল ৱাদ্দি ( 2419 মিটাৰ)। নাইজাৰ নদী আৰু বেণু নদী দেশখনৰ প্ৰধান নদী। এই দুখন নদীৰ মোহনাত নাইজাৰ ব-দ্বীপ অৱস্থিত। এই ব-দ্বীপ মধ্য আফ্ৰিকাৰ বিস্তৰ মেনগ্ৰ'ভ অৰণ্যৰ মুখ্য স্থান।
নগৰ-মহানগৰ
২০১২ চনৰ মতে নাইজেৰিয়াৰ ১০ লাখকতকৈ বেছি জনবসতি থকা চহৰ সমূহ হল:
| চহৰ | জনসংখ্যা |
|---|---|
| লাগছ | ১,১৫,৪৭,০০০ |
| কান' | ৩৪,৬৬,০০০ |
| ইবাদান | ৩০,২৮,০০০ |
| আবুজা | ২২,৪৫,০০০ |
| পোৰ্ট হাৰকোৰ্ট | ১৯,৪৭,০০০ |
| কাডোনা | ১৫,৬৬,০০০ |
| বেনিন চিটি | ১৩,৯৮,০০০ |
| জাৰিয়া | ১০,৭৫,০০০ |
বহিঃসংযোগ
<div style="-moz-column-count:2; column-count:2;"> চৰকাৰী
- নাইজেৰিয়াৰ চৰকাৰী ৱেবছাইট
- Constitution of the Federal Republic of Nigeria - 1999
- ৰাষ্ট্ৰ প্ৰধান আৰু মন্ত্ৰীপৰিষদ সদসবৃন্দ
সাধাৰণ তথ্য
- Nigeria from UCB Libraries GovPubs
- Climate Change in Nigeria From OneWorldUK'সংবাদ মিডিয়া'''
- Vanguard daily newspaper
- This Day daily newspaper
- Nigeria Compendium of Nigeria Related News
তথ্যসূত্ৰ
- ↑ The Arabic name nahr al-anhur is a direct translation of the Tuareg
- ↑ Online Etymological Dictionary. Etymonline.com
- ↑ Rank Order – Area. The World Factbook. Central Intelligence Agency
- ↑ (17 May 2011). Africa:: Nigeria. The World Factbook. Central Intelligence Agency
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাইজেৰিয়া” প্ৰবন্ধৰ সংশোধন ৫৩৭৪৭৯ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।