মক্কা হৈছে চৌদি আৰৱৰ হিজাজত অৱস্থিত এখন নগৰ।১ মক্কা হৈছে দেশৰ মাকাহ অঞ্চলৰ ৰাজধানী। এই নগৰখন জেদাহৰ পৰা প্ৰায় 70 কি.মি. দূৰৈৰ এটা ঠেক উপত্যাকাত, সমূদ্ৰ পৃষ্ঠৰ পৰা 277 মিটাৰ উচ্চতাত অৱস্থিত। ২০১২ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ২ নিযুত। মুছলিম সকলৰ বাৰ্ষিক হজ্জৰ সময়ত প্ৰতি বছৰে ইয়াতকৈ প্ৰায় তিনিগুণতকৈও অধিক লোকৰ সমাৱেশ ঘটে।
মুহাম্মাদ(ছাঃ)ৰ জন্মস্থান তথা কোৰআনৰ প্ৰথম ৰহস্য উৎঘটনৰ স্থান (বিশেষকৈ, মক্কাৰ পৰা 3 কি.মি. দূৰৈত অৱস্থিত এটা গুহাত) হিচাপে,২৩ মক্কা হৈছে ইছলাম ধৰ্মৰ আটাইতকৈ পবিত্ৰতম নগৰ।
ভূগোল
মক্কা সমুদ্ৰপৃষ্ঠৰ পৰা 277 মিটাৰ উচ্চতাত অৱস্থিত। লোহিত সাগৰৰ পৰা মক্কাৰ দূৰত্ব হৈছে প্ৰায় 80 কি.মি.।৪ পৰ্বতৰ মাজৰ এটা অঞ্চলত কেন্দ্ৰিয় মক্কা অৱস্থিত, ইয়াক প্ৰায়ে "হ'লৌ অৱ মক্কা" বুলি কোৱা হয়। এই অঞ্চলটোত আল টানিম উপত্যাকা, বাক্কাহ উপত্যাকা আৰু আবকুৱাৰ উপত্যাকা আছে। মক্কাৰ পাৰম্পৰিক ঘৰবোৰ স্থানীয় শিল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয় আৰু ঘৰবোৰ সাধাৰণতে দুইৰ পৰা তিনি মহলীয়া হোৱা দেখা যায়। বৰ্তমান মক্কাৰ মুঠ কালি প্ৰায় 1200 বৰ্গ কি.মি.তকৈও অধিক।৫
চুবুৰীয়া অঞ্চলসমূহ
- আজয়াদ
- আল আদল৬
- আল ফাইছালিয়াহ
- আল গেম্মেজাহ
- আল ঘাচ্ছালাহ
- আল হিন্দাৱিয়াহ
- আল ইস্কান
- আল খালেডিয়া৬
- আল মাব্দা৬
- আল মুৱাইছেম৬
- আল নুজ্হা
- আল ৰাছাইফাহ
- আল শ্বকুইয়াহ৬
- আল শ্বুবাইকাহ
- আল ছুলেইমনিয়াহ
- আল টুণ্ডবাও
- আল উটাইবিয়াহ
- আল জাহিৰ
- আল জাহ্ৰা
- আজিজিয়াহ৬
- গাজ্জা৭
- জেবাল আল ন'য়ুৰ
- জাৰ্ৱাল
- জুৰ্হুম৮
- মিনা
- মিছফালাহ
- ছেৰ মাঞ্চুৰ৮
- ছাক আল লাইল
জলবায়ু
মক্কাৰ বৈশিষ্ট্য হৈছে এক গৰম মৰুভূমিৰ জলবায়ু। আৰৱৰ অন্য দেশবোৰৰ দৰে শীত কালতো অঞ্চলটো যথেষ্ট গৰম হৈ থাকে। ইয়াত দৈনিক গড় তাপমান ৰাতি ১৮ °ছেলছিয়াছ (৬৪ °ফা) আৰু পিছবেলা প্ৰায় ৩০ °ছেলছিয়াছ (৮৬ °ফা) পৰ্যন্ত হয়। গীষ্মকালত ইয়াৰ উষ্ণতা অত্যধিক বাঢ়ি যায়; পিছবেলা প্ৰায় ৪০ °ছেলছিয়াছ (১০৪ °ফা) পৰ্যন্ত হয়, সন্ধিয়া ৩০ °ছেলছিয়াছ (৮৬ °ফা)লৈ নামি আহে। মক্কাত সাধাৰণতে নৱেম্বৰৰ পৰা জানুৱাৰীৰ মাজভাগত সামান্য পৰিমাণৰ বৰষুণ হয়।
স্বাস্থ্য সেৱা
সকলো তীৰ্থযাত্ৰীক চৌদি চৰকাৰৰ তৰফৰ পৰা মুক্ত স্বাস্থ্য সেৱা প্ৰদান কৰা হয়। মক্কাত দহখন চিকিৎসালয় আছে।:৯
- আজায়াদ চিকিৎসালয় (আৰৱি: مستشفى أجياد)
- কি ফিছাল চিকিৎসালয় ( আৰৱি: مستشفى الملك فيصل بحي الششه )
- কিং আব্দুল আজিজ চিকিৎসালয় ( আৰৱিক: مستشفى الملك عبدالعزيز بحي الزاهر)
- আল নুৰ স্পেচিয়েলিষ্ট হস্পিতেল ( আৰৱিক: مستشفى النور التخصصي )
- হিৰা চিকিৎসালয় ( আৰৱিক: مستشفى حراء )
- মেটাৰ্নিটি এণ্ড চিলড্ৰেণ হস্পিতেল ( আৰৱি: مستشفى الولادة والأطفال )
- কিং আব্দুল্লা মেডিকেল চিটি ( আৰৱি: مدينة الملك عبدالله الطبية )
- খুলাইছ জেনেৰেল হস্পিতেল ( مستشفى خليص العام )
- আল কামেল জেনেৰেল হস্পিতেল ( مستشفى الكامل العام)
- ইবন ছেনা হস্পিতাল ইন বাহৰাহ ( مستشفى ابن سينا بحداء / بحره)
ইয়াত তীৰ্থযাত্ৰী তথা আৱাসী সকলৰ বাবে আৰু বহুতো চিকিৎসা কেন্দ্ৰ আছে।
শিক্ষা
মক্কাত পুৰুষ আৰু মহিলাৰ শিক্ষাৰ বাবে বহুতো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে। ২০০৫ চনৰ তথ্য মতে ইয়াত পুৰুষৰ বাবে ৫৩২খন চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠান আৰু মহিলাৰ বাবে অন্য ৬৮১খন শিক্ষানুষ্ঠান আছে। চৰকাৰী তথা ব্যক্তিগত উভয় খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষাৰ মাধ্যম হৈছে আৰৱিক, ইয়াত ইংৰাজীক দ্বিতীয় ভাষা হিচাপে শিক্ষা প্ৰদান কৰা হয়। কিন্তু আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ দৰে বিদেশী সমাজৰ দ্বাৰা প্ৰতিষ্ঠা কৰা কিছুমান ব্যক্তিগত বিদ্যালয়ত ইংৰাজী মাধ্যমেৰেও শিক্ষা প্ৰদান কৰা হয়। অন্য বিদ্যালয়সমূহত পুৰষ আৰু মহিলাক একেলগে শিক্ষা প্ৰদান নকৰে যদিও এই বিদ্যালয়সমূহত পুৰুষ-মহিলাক একেলগে পাঠদান কৰা হয়। ওম আল-কুৱাৰা বিশ্ববিদ্যালয় হৈছে উচ্চ শিক্ষাৰ বাবে নগৰখনত থকা একমাত্ৰ বিশ্ববিদ্যালয়। ১৯৪৯ চনত ইয়াক এখন মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু ১৯৭৯ চনত ইয়াক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।
তথ্যসূত্ৰ
- ↑ (2001). Merriam-Webster's Geographical Dictionary. পৃ. 724. ISBN 0 87779 546 0
- ↑ Khan, A M. (2003). Historical Value Of The Qur An And The Hadith. Global Vision Publishing Ho. পৃ. 26–. ISBN 978-81-87746-47-8
- ↑ Al-Laithy, Ahmed. (2005). What Everyone Should Know About the Qur'an. Garant. পৃ. 61–. ISBN 978-90-441-1774-5
- ↑ Islamic World, p. 13
- ↑ Mecca Municipality. Holymakkah.gov.sa
- ↑ Makkah districts to have a bigger slice of the pie this time. ArabNews (2010-11-10)
- ↑ Fire Breaks Out In Mecca Neighborhood Near Hajj Pilgrims . news.outlookindia.com (2005-01-17)
- ↑ NigeriaNews: "Kano rents 15 houses in Saudi for pilgrims" . Ndn.nigeriadailynews.com (2009-06-30). Retrieved 2013-02-03
- ↑ "المستشفيات – قائمة المستشفيات". moh.gov.sa
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মক্কা” প্ৰবন্ধৰ সংশোধন ৫৯৬২৭৪ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।