চণ্ডীগড় (Chandigarh) উত্তৰ ভাৰতত অৱস্থিত এখন চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ই চুবুৰীয়া ৰাজ্য পঞ্জাব আৰু হাৰিয়ানাৰ ৰাজধানী। এই চহৰ দুয়োখন ৰাজ্যৰে অংশ নহয় আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ শাসন চলায়।
চণ্ডীগড়ৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ দিশত পঞ্জাব আৰু পূব দিশত হাৰিয়ানা অৱস্থিত। ইয়াক চণ্ডীগড় ৰাজধানী অঞ্চলৰ অংশ হিচাপে ধৰা হয়। এই অঞ্চলত হাৰিয়ানাৰ পঞ্চকুলা চহৰ আৰু পঞ্জাবৰ খাৰাৰ, খুৰলী, মোহালী আৰু জিৰকপুৰ অৱস্থিত। চণ্ডীগড় ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ১৬২ কিলোমিটাৰ উত্তৰত আৰু অমৃতসৰৰ পৰা ২৯৯ কিলোমিটাৰ দক্ষিণ-পশ্চিমত অৱস্থিত।
ভাৰতৰ স্বাধীনতাৰ আগতে পৰিকল্পিত চহৰ হিচাপে ইয়াৰ স্থাপত্য আৰু চহৰীয়া নক্সাৰ বাবে গোটেই বিশ্বতে জনাজাত।১ চুইছ-ফ্ৰেন্স স্থাপত্যবিদ লী ক'ৰবাজিয়ে চণ্ডীগড়ৰ মুখ্য স্থাপত্যবিদ আছিল। চণ্ডীগড়ৰ বেছিভাগ চৰকাৰী ভৱন তেওঁৰ দলে নিৰ্মাণ কৰিছিল।
২০১৬ চনৰ জুলাই মাহত চণ্ডীগড় ৰাজধানী অঞ্চলক ইষ্টানবুলত অনুষ্ঠিত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ ৪০তম অধিবেশনত "লী ক'ৰবাজিয়েৰ স্থাপত্য আৰু আধুনিক জগতলৈ তেওঁৰ অতুলনীয় অৱদান" হিচাপে বিশ্ব ঐতিহ্যবাহী স্থানত অন্তৰ্ভুক্ত কৰা হয়। চণ্ডীগড় ৰাজধানী অঞ্চলত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়, পঞ্জাব আৰু হাৰিয়ানা সচিবালয়, পঞ্জাব আৰু হাৰিয়ানা বিধানসভাৰ লগতে মুক্তহস্ত সৌধ, ছহিদ স্মৃতিক্ষেত্ৰ, জ্যামিতিক পাহাৰ, ছাঁৰ স্তম্ভ আৰু শিল উদ্যান অন্তৰ্ভুক্ত।
চণ্ডীগড়ৰ জনমুৰী আয় দেশৰ ভিতৰতে সৰ্বাধিকৰ অন্যতম। ই ভাৰতৰ আটাইতকৈ স্বচ্ছ চহৰ।২৩ মানৱ উন্নয়ন সূচাংকতো ইয়াৰ ফলাফল যথেষ্ট সন্তোষজনক।৪ ২০১৫ চনৰ এক সমীক্ষা অনুসৰি ই ভাৰতৰ আটাইতকৈ সুখী চহৰ।৫৬
নামৰ উৎপত্তি
চণ্ডীগড় নামটো দুই শব্দ চণ্ডী আৰু গড়ৰে গঠিত। চণ্ডী শব্দয়ে হিন্দু দেৱী চণ্ডীক সূচায় আৰু গড় হৈছে বেৰেৰে আৱেষ্টিত নগৰ।৭ পঞ্চকুলা জিলাত চহৰ খনৰ নিচেই কাষত অৱস্থিত প্ৰাচীন চণ্ডী মন্দিৰৰ পৰা এই নামৰ উৎপত্তি হৈছে।৮
চণ্ডীগড়ক "সৌন্দৰ্যৰ চহৰ" বুলি অভিহিত কৰা হয়। ১৮৯০ আৰু ১৯০০ ৰ দশকত উত্তৰ আমেৰিকাত প্ৰচলিত নগৰ পৰিকল্পনাৰ জনপ্ৰিয় দৰ্শন "নগৰ সৌন্দৰ্যকৰণ আন্দোলন"ৰ পৰা আহিছে। চণ্ডীগড়ৰ প্ৰাৰম্ভিক পৰ্যায়ৰ স্থাপত্যবিদ এলবাৰ্ট মেয়াৰ আছিল।৯ তেওঁ এখন সুন্দৰ চহৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল। ১৯৭০ ৰ দশকত প্ৰকাশিত হোৱা চৰকাৰী নথি-পত্ৰত এই শাৰী ল'গ' হিচাপে ব্যৱহৃত হৈছিল। তেতিয়াৰ পৰা চণ্ডীগড়ক "সৌন্দৰ্যৰ নগৰী" বুলি কোৱা হয়।১০১১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Business Portal of India: Investment Opportunities and Incentives: State Level Investment: Chandigarh. business.gov.in
- ↑ Ajay Deep. Chandigarh gets the Cleanest City of India title
- ↑ (13 May 2010). India's cleanest: Where does your city stand?: Rediff.com News. News.rediff.com
- ↑ Meghalaya Human Development Report 2008 (p. 23)
- ↑ (12 June 2015). Chandigarh 'happiest' city, claims LG survey
- ↑ Ajay Deep. Chandigarh is the Happiest City of India - LG Survey
- ↑ CII. cii.in
- ↑ Chandigarh: Info on geography, history, government, districts, business, economy, travel, rivers, education, food, arts, culture, music, dance, festivals. newkerala.com
- ↑ Kalia, Ravi. (1987). Chandigarh: in search of an identity. Southern Illinois University Press. পৃ. 54. ISBN 978-0809313105
- ↑ Office of the Registrar General, R. K. Goswami. (1970). Census of India, 1971, Series 25, Chandigarh: Census atlas. পৃ. 20, 22, 33
- ↑ Official website of the Chandigarh Administration. Chandigarh Administration
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চণ্ডীগড়” প্ৰবন্ধৰ সংশোধন ৩৯৯৩৪৩ (২৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।