ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কেৰালা
কেৰালা (কেৰল বা কেৰেলা বুলিও কোৱা হয়; Kerala, കേരളം কেৰলম্) ভাৰতৰ দক্ষিণ-পশ্চিমাঞ্চলৰ মালবাৰ উপকূলত অৱস্থিত এখন ৰাজ্য। পূৰ্বৰ ট্ৰাভঙ্কৰ-ক’চিন ৰাজ্য আৰু মাদ্ৰাজ ৰাজ্যৰ মালয়ালমভাষী অঞ্চলসমূহক একত্ৰিত কৰি ৰাজ্য পুনৰ্গঠন আইনৰ অনুসৰি ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰালা ৰাজ্যৰ গঠন কৰা হয়।
-
দিল্লী
দিল্লী (Delhi, दिल्ली), আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (National Capital Territory of Delhi, NCT), হৈছে ভাৰতৰ এক মহানগৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত।
-
উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশ (পূৰ্বৰ নাম, সংযুক্ত প্ৰদেশ) উত্তৰ ভাৰতৰ এখন ৰাজ্য। ২৪ কোটি ১০ লাখতকৈ অধিক বাসিন্দাৰ সৈতে ই ভাৰতৰ আটাইতকৈ জনবসতিপূৰ্ণ ৰাজ্যৰ লগতে বিশ্বৰ আটাইতকৈ জনবহুল দেশ মহকুমা – বহিঃভাৰতৰ আন চাৰিখন দেশৰ বাহিৰে আন সকলো দেশতকৈ ই অধিক জনবহুল, আৰু ইয়াৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ১৬.৫ শতাংশ।
-
শ্ৰীলংকা
শ্ৰীলংকা ( or;) (ශ්රී ලංකාව, শ্ৰী লাংকাবা, இலங்கை, ইলাংকাই) দক্ষিণ এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলংকা। ১৯৭২ চনৰ আগেয়ে এই দ্বীপ ছিলন নামেও পৰিচিত আছিল। ইয়াৰ ৰাজধানীৰ নাম শ্ৰী জয়াবৰ্ধনপুৰ কোট। ইয়াৰ প্ৰধান চহৰ কলম্বো।
-
জাপান
জাপান (আই.পি.এ: zapan) (日本 নিপ্পন) এছিয়া মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, হোক্কাইডো, কিয়ুছু আৰু ছিক’কু।
-
বিহাৰ
বিহাৰ এখন ভাৰতীয় ৰাজ্য, যি পূব ভাৰতত অৱস্থিত। ইয়াৰ ৰাজধানী পাটনা।
-
গুজৰাট
গুজৰাট (ગુજરાત) ভাৰতৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাজ্য। গুজৰাটৰ ৰাজধানী গান্ধীনগৰ। গুজৰাটত ৩৩খন জিলা আছে। গুজৰাটৰ গৱৰ্ণৰ ওম প্ৰকাশ কহলী।
-
ওড়িশা
ওড়িশা (ইংৰাজী: /əˈdɪsə/; ওড়িয়া: [oɽiˈsa] m), পূৰ্বতে উৰিষ্যা (২০১১ চনলৈকে চৰকাৰী নাম), পূব ভাৰতত অৱস্থিত এখন ৰাজ্য। আয়তনৰ হিচাপত ই অষ্টম বৃহত্তম ৰাজ্য, আৰু জনসংখ্যাৰ হিচাপত একাদশ বৃহত্তম ৰাজ্য, ইয়াৰ জনসংখ্যা ৪ কোটি ১০ লাখতকৈ অধিক।
-
ম্যানমাৰ
ম্যানমাৰ (Myanmar) বা মানদেশ হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন্য এক নাম হৈছে ব্ৰহ্ম দেশ (Burma)। Republic of the Union of Myanmar হৈছে এই দেশৰ চৰকাৰী নাম। কোনো কোনো ৰাষ্ট্ৰই এই দেশক Union of Burma বুলিও কয়।
-
কৰ্ণাটক
কৰ্ণাটক (কন্নড়: ಕರ್ನಾಟಕ) দক্ষিণ ভাৰতৰ এখন ৰাজ্য। ১৯৫৬ চনৰ ১ নবেম্বৰত ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত এই ৰাজ্য গঠন হয়। ৰাজ্যখনৰ প্ৰাচীন নাম আছিল মহীশূৰ ৰাজ্য। ১৯৭৩ চনত ৰাজ্যখনৰ নাম কৰ্ণাটকলৈ সলনি হয়।
-
ইউৰোপ
ইউৰোপ হৈছে সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধ আৰু বেছিভাগ পূৱ গোলাৰ্ধত অৱস্থিত এখন মহাদেশ। ইয়াৰ উত্তৰে আৰ্কটিক মহাসাগৰ, পশ্চিমে আটলান্টিক মহাসাগৰ, দক্ষিণে ভূমধ্য সাগৰ আৰু পূবে এছিয়া সীমাবদ্ধ। ইউৰোপে ভূমি এছিয়াৰ সৈতে ইউৰেছিয়া আৰু আফ্ৰিকা আৰু এছিয়া দুয়োৰে সৈতে আফ্ৰো-ইউৰেছিয়া ভাগ বতৰা কৰে।
-
ইণ্ডোনেছিয়া
ইণ্ডোনেছিয়া ( Indonesia) বা ইণ্ডোনেছিয়া গণৰাজ্য ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ মাজৰ দক্ষিণ-পূব এছিয়া আৰু ওচেনিয়াৰ এখন দেশ। ইণ্ডোনেছিয়া সুমাট্ৰা, জাভা, চুলাৱেছি, আৰু বৰ্নিও আৰু নিউ গিনিৰ বিভিন্ন অংশকে ধৰি ১৭,০০০ৰো অধিক দ্বীপেৰে গঠিত।
-
নতুন দিল্লী
নতুন দিল্লী (New Delhi, नई दिल्ली) হৈছে ভাৰতৰ ৰাজধানী। ই ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ দিল্লী চৰকাৰ কেন্দ্ৰ ৰূপে কাম কৰে। নতুন দিল্লী দিল্লী মহানগৰ অন্তৰ্গত আৰু ই দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১খন জিলাৰ ভিতৰত এখন।
-
ৰাজস্থান
ৰাজস্থান (Rajasthan) ভাৰতৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন ৰাজ্য। ই মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। 'ৰাজস্থান'ৰ অৰ্থ 'ৰজা থকা ঠাই'। ৩৩°৩ উত্তৰ অক্ষাংশৰপৰা ৩১°১২ উত্তৰ অক্ষাংশৰ আৰু ৬৯°৩০ পূব দ্ৰাঘিমাংশৰপৰা ৭৮°১৭ পূব দ্ৰাঘিমাংশৰ অন্তৰ্গত ৰাজস্থানৰ জলবায়ু যেনেদৰে বিচিত্ৰ তেনেদৰেই অন্যতম এই…
-
অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়া (Australia; স্থানীয় উচ্চাৰণ আ-ধ্ব-ব-তে /ə.ˈstɹæɪ.ljə/, /ə.ˈstɹæɪ.liː.ə/ বা /ə.ˈstɹæɪ.jə/) এখন দ্বীপ-মহাদেশ। ই এচিয়াৰ দক্ষিণ-পূবত ওচেনিয়া অঞ্চলত অৱস্থিত। অষ্ট্ৰেলিয়াৰ মূল ভূ খণ্ড আৰু দক্ষিণৰ তাছমেনিয়া দ্বীপ লৈ এই কমনৱেল্থ অফ অষ্ট্ৰেলিয়া গঠিত হৈছে।
-
অন্ধ্ৰপ্ৰদেশ
অন্ধ্ৰ প্ৰদেশ দক্ষিণ ভাৰতৰ পূব উপকূলৰ এখন ৰাজ্য। ই দেশৰ সপ্তম বৃহত্তম ৰাজ্য আৰু দশম সৰ্বাধিক জনবহুল ৰাজ্য। তেলেগু ৰাজ্যখনৰ সৰ্বাধিক প্ৰচলিত ভাষা, লগতে ইয়াৰ চৰকাৰী ভাষা। অমৰাৱতী ৰাজ্যৰ ৰাজধানী, আনহাতে আটাইতকৈ ডাঙৰ চহৰখন হৈছে বিশাখাপট্টনম।
-
থাইলেণ্ড
থাইলেণ্ড ( বা; ประเทศไทย), চৰকাৰী নাম Kingdom of Thailand (ราชอาณาจักรไทย; ), সাধাৰণতে চিয়াম দেশ বুলি কোৱা হয় (สยาม), দক্ষিণপূৱ এচিয়াৰ এখন দেশ। ইয়াৰ উত্তৰে মানদেশ আৰু লাউচ, পূৱত লাউচ আৰু কম্বোডিয়া, দক্ষিণে থাইলেণ্ড উপসাগৰ আৰু মালয়েছিয়া, আৰু পশ্চিমত আন্দামান সাগৰ আছে।
-
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশ (अरुणाचल प्रदेश, ) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক।
-
ফ্ৰান্স
ফ্ৰান্স পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰ পৰা ফ্ৰান্স পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত ফ্ৰান্সৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এচিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল।
-
যুক্তৰাজ্য
যুক্তৰাজ্য (United Kingdom ইউনাইটেড্ কিংডম্) ইউৰোপীয় মূল ভূখণ্ডৰ উত্তৰ-পশ্চিম উপকূলৰ কাষতে অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখনৰ চৰকাৰী নাম হ'ল গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য (The United Kingdom of Great Britain and Northern Ireland)।
-
চেন্নাই
চেন্নাই (তামিল: சென்னை) বা পূৰ্বৰ (তামিল: மதறாஸ் মাড্ৰাছ) দক্ষিণ ভাৰতৰ তামিল নাডু ৰাজ্যৰ ৰাজধানী তথা ভাৰতৰ চতুৰ্থতম বৃহত্তম মেট্ৰ'পলিটান চহৰ। এইখন বঙ্গোপসাগৰৰ কৰমণ্ডল উপকূলত অৱস্থিত।
-
উত্তৰ-পূব ভাৰত
উত্তৰ-পূব ভাৰত বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহ, ছিক্কিম আৰু উত্তৰ বংগৰ কিছু অংশক (দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰ জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক।
-
ইৰান
ইৰান, যাৰ আধিকাৰিক নাম ইছলামী প্ৰজাতন্ত্ৰী ইৰান আৰু ঐতিহাসিক নাম পাৰস্য, হ’ল পশ্চিম এছিয়াৰ এখন দেশ। ইয়াৰ পশ্চিমে ইৰাক, উত্তৰ-পশ্চিমে তুৰস্ক, আজেৰবাইজান আৰু আৰ্মেনিয়া, উত্তৰে কাস্পীয় সাগৰ, উত্তৰ-পূৱে তুৰ্কমেনিস্তান, পূৱে আফগানিস্তান, দক্ষিণ-পূৱে পাকিস্তান আৰু দক্ষিণে পাৰস্য উপসাগৰ আৰু ওমান…
-
কানাডা
কানাডা (Canada; উচ্চাৰণ: /'kænədə/ ক্যানাডা) হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ যি উত্তৰ আমেৰিকাৰ উত্তৰ অংশৰ বেছিভাগ অঞ্চল আৱৰি আছে। কানাডাত উত্তৰ আমেৰিকাৰ দহখন প্ৰদেশ আৰু তিনিটা ভূখণ্ড আটলাণ্টিক মহাসাগৰৰ পৰা প্ৰশান্ত মহাসাগৰলৈকে আৰু উত্তৰ দিশলৈ আৰ্কটিক মহাসাগৰলৈকে বিস্তৃত হৈ আছে, যাৰ ফলত ই মুঠ…
-
মধ্য প্ৰদেশ
মধ্য প্ৰদেশ মধ্য ভাৰতৰ এখন ৰাজ্য। এই ৰাজ্যখনক হিন্দুস্তান কা দিল বা ভাৰতৰ হৃদয় বোলা হয়। ২০০০ চনত ৰাজ্যখনৰ পৰা ছত্তীচগড় আঁতৰি যোৱাৰ আগলৈকে আয়তনৰ দিশৰ পৰা মধ্য প্ৰদেশ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য আছিল। মধ্য প্ৰদেশৰ কাষৰীয়া ৰাজ্য উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু ছত্তীচগড় আছে।
-
মেঘালয়
মেঘালয় (Meghalaya, मेघालय) হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। সংস্কৃত ভাষাত "মেঘালয়" শব্দৰ অৰ্থ হৈছে মেঘৰ আলয় (Abode of Clouds)। পূবা-পশ্চিমাকৈ ই প্ৰায় ৩০০ কিঃমিঃ আৰু বহলে প্ৰায় ১০০ কিঃমিঃ। ইয়াৰ উত্তৰে অসম আৰু দক্ষিণে বাংলাদেশ অৱস্থিত। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং।
-
বেংগালুৰু
বেংগালুৰু (পূৰ্বে বাংগালোৰ, Bengaluru. ['beŋgəɭuːru]) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী। এই চহৰক "ভাৰতৰ চিলিকন ভ্যেলী" বুলি জনা যায়।
-
লণ্ডন
লণ্ডন (London) ইংলেণ্ড আৰু যুক্তৰাজ্যৰ ৰাজধানী আৰু বৃহত্তম চহৰ, ইয়াৰ জনসংখ্যা ৯০ লাখতকৈ বেছি। ইংলেণ্ডৰ দক্ষিণ-পূবৰ টেমছ নদীৰ ওপৰত উত্তৰ সাগৰলৈকে ৫০ মাইল (৮০ কিলোমিটাৰ) দৈৰ্ঘ্যৰ মোহনা এটাৰ মূৰত থিয় হৈ আছে আৰু ই দুই সহস্ৰাব্দ ধৰি ই প্ৰধান বসতিস্থল হৈ আহিছে।
-
ভূটান
ভূটান (; འབྲུག་ཡུལ་ ) বা ভোটদেশ দক্ষিণ এছিয়াৰ এখন ৰাজতন্ত্ৰ। দেশখন ভাৰতীয় উপমহাদেশৰ হিমালয় পৰ্বতমালাৰ পূৰ্বাংশে অৱস্থিত। ভুটানৰ উত্তৰে চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চল, আৰু দক্ষিণ, পূৱ তথা পশ্চিমে ভাৰতবৰ্ষ অৱস্থিত। ভূটানৰ শব্দটো সংস্কৃত শব্দ "ভূ-উত্থান" পৰা আহিছে, অৰ্থাৎ উচ্চভূমি।
-
মণিপুৰ
মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূৱ দিশত ম্যানমাৰ আছে।