মালদ্বীপ ভাৰত মহাসাগৰৰ এটি দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম মালে। দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থাৰ সদস্য দেশ। অপৰূপ সৌন্দৰ্য্যৰ লীলাভূমি এই দেশ বিশ্বৰ সবাতোকৈ নিম্ন। পৰ্যটনৰ বাবে বিখ্যাত এই দেশ সমুদ্ৰপৃষ্ঠৰ পৰা সৰ্বোচ্চ উচ্চতা মাত্ৰ ২.৩ মিটাৰ আৰু গড় উচ্চতা মাত্ৰ ১.৫ মিটাৰ। ১২০০ তকৈয়ো বেছি সৰু সৰু দ্বীপেৰে মালদ্বীপ গঠিত।
মালদ্বীপ নাম সম্ভৱতঃ "মালে দিভেহী ৰাজ্য"ৰ পৰা উদ্ভৱ হৈছে। যাৰ অৰ্থ হল মালে অধিকৃত দ্বীপ ৰাষ্ট্ৰ। কিছুমানৰ মতে সংস্কৃত 'মালা দ্বীপা' অৰ্থ দ্বীপ-মাল্য বা 'মহিলা দ্বীপা' অৰ্থ নাৰীসকলৰ দ্বীপৰ পৰা মালদ্বীপ নাম উদ্ভৱ হৈছে। কিন্তু প্ৰাচীন সংস্কৃতত এনেকুৱা কোনো অঞ্চলৰ উল্লেখ পোৱা নাযায়। কিন্তু প্ৰাচীন সংস্কৃতত লক্ষদ্বীপ নামৰ এক অঞ্চলৰ উল্লেখ আছে। লক্ষদ্বীপ বুলিলে মালদ্বীপৰ বাহিৰে লাক্ষাদ্বীপ পুঞ্জ অথবা চাগচ দ্বীপপুঞ্জকো বুজাবলৈ পাৰে। আন এটি মতবাদ হল তামিল ভাষাত 'মালা তিভু' অৰ্থ দ্বীপমাল্যৰ পৰা মালদ্বীপ নামটো উদ্ভৱ হৈছে।
মধ্যযুগত ইবন বটুতা আৰু অন্যান্য আৰৱ পৰ্যটকসকলে এই অঞ্চলক 'মহাল দিবিয়াত' নামে উল্লেখ কৰিছে। আৰৱীত মহালৰ অৰ্থ প্ৰসাদ। বৰ্তমান এই নামটি মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতীকত লিখা হৈছে।
অৱস্থান
শ্ৰীলংকাৰ পৰা আনুমানিক ৪০০ মাইল দক্ষিণ-পশ্চিমে ১০১০টা প্ৰৱাল দ্বীপেৰে মালদ্বীপ গঠিত।
জনসংখ্যা
মালদীপৰ জনসংখ্যা প্ৰায় তিনি লক্ষ। শতকৰা ১০০ ভাগ মুছলমান লোকে তাত বসবাস কৰে।১
বাহ্যিক সংযোগ
- Official tourist information
- Presidents Office
- Maldives from UCB Libraries GovPubs
- Maldives from the BBC News
- Key Development Forecasts for the Maldives from International Futures
- Constitution of the Republic of Maldives
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালদ্বীপ” প্ৰবন্ধৰ সংশোধন ৬১৯০৬২ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।