অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কাঠমাণ্ডু

কাঠমাণ্ডু হৈছে নেপালৰ ৰাজধানী তথা বৃহত্তম চহৰ। ইয়াক সৌন্দৰ্য্য আৰু শান্তিৰ এক অপূৰ্ব মিলনভূমি বুলি কোৱা হয়। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩৫০ মিটাৰ উচ্চতাত অৱস্থিত এই ৰোমাণ্টিক নগৰী ইয়াৰ নৈশজীৱনৰ বাবেও বিখ্যাত। কাঠমাণ্ডু নেপালৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নগৰ যত পৰ্যটকৰ সকলোতকৈ বেছি আগমন হয়।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

কাঠমাণ্ডু হৈছে নেপালৰ ৰাজধানী তথা বৃহত্তম চহৰ। ইয়াক সৌন্দৰ্য্য আৰু শান্তিৰ এক অপূৰ্ব মিলনভূমি বুলি কোৱা হয়। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩৫০ মিটাৰ উচ্চতাত অৱস্থিত এই ৰোমাণ্টিক নগৰী ইয়াৰ নৈশজীৱনৰ বাবেও বিখ্যাত। কাঠমাণ্ডু নেপালৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নগৰ যত পৰ্যটকৰ সকলোতকৈ বেছি আগমন হয়। পাহাৰেৰে আৱৰা এই সুন্দৰ নগৰখন ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত। বৰ্ণিল সংস্কৃতি আৰু পৰম্পৰাৰ উপৰিও ইয়াত বিশিষ্ট শৈলীত নিৰ্মিত ঘৰসমূহে পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰে। কাঠমাণ্ডুৰ মন্দিৰ আৰু প্ৰাচীন বজাৰসমূহে সমগ্ৰ বিশ্বতে নিজৰ সুকীয়া পৰিচয় ডাঙি ধৰিছে।

Manjushree, with Chandrahrasa, the Buddhist deity said to have created the valley
Manjushree, with Chandrahrasa, the Buddhist deity said to have created the valleyছবি: The original uploader was Medbud at German Wikipedia. · CC BY-SA 3.0

ইতিহাস

সোল্ল আৰু সোতৰ শতিকাত কাঠমাণ্ডুত মল্ল ৰজাসকলে শাসন কৰিছিল। গোৰখা ৰজা পৃথ্বী নাৰায়ণ শাহে ১৭৬৮ চনত ইয়াৰ অস্থিৰতা সমাপ্ত কৰি একত্ৰিত কৰিছিল। ১৯৫০ চনত এই নগৰৰ সীমা বিদেশী পৰ্যটকৰ বাবে খোলা হৈছিল। তেতিয়াৰ পৰা আজিলৈ এই নগৰলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ সোঁত বৈ আছে।

মুখ্য আকৰ্ষণ

কাঠমাণ্ডুৰ কিছুমান মুখ্য আকৰ্ষণ হৈছে: পশুপতিনাথ মন্দিৰ, স্বয়ংভূনাথ, বৌদ্ধনাথ আদি।

পশুপতিনাথ মন্দিৰ

পশুপতিনাথ মন্দিৰ নেপালত হিন্দুসকলৰ আটাইতকৈ পৱিত্ৰ তীৰ্থস্থান। ইয়াক বাৰানচীৰ ক্ষুদ্ৰ ৰূপ বুলিও কোৱা হয়। ইয়াত মন্দিৰৰ দীঘলীয়া শৃংখলা, শ্মশান ঘাট, ধাৰ্মিক স্নান আৰু সাধুৰ জাক দেখিবলৈ পোৱা যায়। ভগৱান শিৱলৈ সমৰ্পিত এই মন্দিৰ বাগমতী নদীৰ পাৰত স্থিত। নেপালৰ বাগমতী নদীক ভাৰতৰ গংগা নদীৰ দৰেই পৱিত্ৰ মানা হয়। পশুপতিনাথ মন্দিৰ ভগৱান শিৱৰ এক ঘৰ গণ্য কৰা হয়। প্ৰতিবছৰে লাখ-লাখ তীৰ্থযাত্ৰীয়ে যাত্ৰীয়ে ইয়ালৈ দৰ্শনৰ বাবে আহে।

স্বয়ংভূনাথ

স্বয়ংভূনাথ বিশ্ব ঐতিহ্যৰ অন্তৰ্ভুক্ত বৌদ্ধ স্থলৰ অন্যতম। ইয়াৰ লগত কাঠমাণ্ডু ঘাটিৰ নিৰ্মাণৰ লগত সম্পৰ্ক আছে। কাঠমাণ্ডুৰ পৰা ৩ কিঃমিঃ নিলগত ৭৭ মিটাৰ উচ্চতাত ই অৱস্থিত। ইয়াৰ চাৰিওফালে থকা চকুৱে গৌতম বুদ্ধয়ে চাৰিওদিশে চাই আছে বুলি বিশ্বাস কৰা হয়।

বৌদ্ধনাথ

পৃথিৱীৰ অন্যতম বৃহৎ বৌদ্ধ স্তুপ বৌদ্ধনাথ কাঠমাণ্ডুৰ পৰা ৬ কিঃমিঃ পূৱত অৱস্থিত। এই স্তুপ বিশ্ব ঐতিহ্যৰ অন্তৰ্ভুক্ত। জনবিশ্বস মতে এই স্তুপ নিৰ্মাণৰ সময়ত ভয়ংকৰ আকাল হৈছিল। সেয়ে পানীৰ নাটনিৰ বাবে নিয়ৰৰ টোপালেৰে ইয়াৰ নিৰ্মাণ কৰা হৈছিল। ৩৬ মিটাৰ ওখ এই স্তুপ কলাৰ এক সুন্দৰ নিদৰ্শন।

Taleju Bhawani Temple, the temple of the Malla clan's deity.
Taleju Bhawani Temple, the temple of the Malla clan's deity.ছবি: Sundar1 · CC BY-SA 3.0

ক্ৰীড়া

নেপালৰ যুৱচামৰ মাজত ফুটবল আৰু ক্ৰীকেট অতি জনপ্ৰিয় খেল আৰু ইয়াৰ বাবে কাঠমাণ্ডুত কেইবাখনো ষ্টেডিয়াম আছে। নেপালৰ ক্ৰীড়াক্ষেত্ৰৰ উল্লেখনীয় সংস্থা আল নেপাল ফুটবল এছচিয়েশ্বন (ANFA)ৰ প্ৰধান কাৰ্যালয় ইয়াতে আছে। ইয়াৰ দশৰথ ৰংগশালা ষ্টেডিয়াম হৈছে এখন আন্তঃৰাষ্ট্ৰীয় মানবিশিষ্ট ষ্টেডিয়াম। ১৯৫৬ চনত নিৰ্মাণ কৰা ষ্টেডিয়াম খনত একেলগে ২৫,০০০ দৰ্শকে খেল উপভোগ কৰিব পাৰে। আৰচিটি, সংকটা আৰু এনআৰটি আদি নেপালৰ পুৰণি ফুটবল সংঘৰ গৃহচহৰ হৈছে কাঠমাণ্ডু। ইয়াৰোপৰি অন্যান্য কিছুমান বিখ্যাত ফুটবল সংঘ হৈছে এমএমচি, মচিন্দ্ৰা এফচি, ত্ৰিভুৱন আৰ্মি ক্লাব (TAC) আৰু এমপিচি।

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰৰাজধানীনেপাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঠমাণ্ডু” প্ৰবন্ধৰ সংশোধন ৬৩৬০৯৮ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।