অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ছুইজাৰলেণ্ড

ছুইজাৰলেণ্ড ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। ইয়াৰ ৰাজধানী হৈছে বাৰ্ণ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ছুইজাৰলেণ্ড ইউৰোপৰ অন্তৰ্গত এখন দেশ। ইয়াৰ ৰাজধানী হৈছে বাৰ্ণ।

ইতিহাস

ছুইজাৰলেণ্ড অতীজৰ পৰা সম্পূৰ্ণ স্বাধীন দেশ। ইয়াৰ পূৰ্বৰ নাম হেলভেটিয়া। ১২৯১ চনত ২৬খন অঞ্চল লগ লগাই ৰাজনৈতিক ভাৱে ছুইচ মিত্ৰজোঁট গঠন কৰা হয়। আৰু ১২৯১ চনৰ ১ আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়।১২

অৱস্থিতি

ছুইজাৰলেণ্ড ইউৰোপৰ মধ্য-পশ্চিম দিশৰ এখন দেশ। ইয়াৰ দক্ষিণে ইটালী, পশ্চিমে ফ্ৰান্স, উত্তৰে জাৰ্মানী আৰু পূবে অষ্ট্ৰিয়া। ছুইজাৰলেণ্ড ৪৫° আৰু ৪৮° উঃ অক্ষাংশ আৰু ৫° ৰ পৰা ১১° পূ: দ্ৰাঘিমাংশ ৰ মাজত অৱস্থিত।৩

ভূগোল

ছুইজাৰলেণ্ডৰ মাটিকালি ৪১২৮৫ বৰ্গ কিঃমিঃ। ই এল্পচ পৰ্বতৰ দ্বাৰা ভৌগোলিক ভাৱে দ্বিখণ্ডিত।৪

জনসংখ্যা

২০১৩ চনৰ লোকপিয়ল মতে ৮১,৩৯,৬০০। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ১৯৮জন। জনসংখ্যাৰ অধিকাংশই খ্ৰীষ্টধৰ্ম।৫৬

অৰ্থনীতি

ছুইজাৰলেণ্ডৰ অৰ্থনীতি সুস্থিৰ আৰু সমৃদ্ধিশালী। মুঠ ঘৰুৱা উৎপাদনৰ ফালৰ পৰা ছুইজাৰলেণ্ডৰ স্থান পৃথিবীৰ ভিতৰতে নৱম। ছুইজাৰলেণ্ডৰ অৰ্থনীতিৰ মূল ক্ষেত্ৰ হৈছে ঔদ্যোগিক সামগ্ৰী নিৰ্মাণ আৰু ৰপ্তানি। ইয়াৰ পৰা ৰাসায়নিক পদাৰ্থ, দৰৱ, মাপ জোখা সঁজুলি, ঘড়ী, বাদ্য আদি ৰপ্তানি হয়। ভৌগোলিক ভাৱে আন বৃহৎ দেশৰ তুলনাত ক্ষুদ্ৰাকৃতিৰ হোৱা সত্ত্বেও ৰপ্তানিৰ ক্ষেত্ৰত ছুইজাৰলেণ্ডৰ স্থান বিশ নম্বৰত আছে। তদুপৰি সেৱাখণ্ড যেনে পৰ্যটন, বীমা, বেংকিং আদি ক্ষেত্ৰত দেশখন যথেষ্ট আগবঢ়া। ১৯৯০ চনৰ পৰা ছুইজাৰলেণ্ডত কঠোৰ বেংক গোপনীয়তা নীতি প্ৰৱৰ্তন কৰা হয়। ইয়াত নিবনুৱাৰ সংখ্যা খুব কম। ছুইজাৰলেণ্ডৰ মুদ্ৰা ছুইচ ফ্ৰাংক।৭৮

অন্যান্য

ছুইজাৰলেণ্ডৰ চহৰ জেনেভা হৈছে ৰেডক্ৰ’ছৰ জন্মস্থান। তদুপৰি বিশ্ব স্বাস্থ্য সংস্থা, আঃন্তৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা আদিকে ধৰি বহু কেইটা সংগঠনৰ মুখ্য বা আঞ্চলিক কাৰ্য্যালয় অৱস্থিত।৯

তথ্যসূত্ৰ

  1. ↑ English Wikipedia
  2. ↑ Manorama Year Book, 2013
  3. ↑ English Wikipedia
  4. ↑ English Wikipedia
  5. ↑ English Wikipedia
  6. ↑ Manorama Year Book,2013
  7. ↑ English Wikipedia
  8. ↑ Manorama Year Book,2013
  9. ↑ English Wikipedia

সম্পৰ্কিত শ্ৰেণী

ইউৰোপৰ দেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুইজাৰলেণ্ড” প্ৰবন্ধৰ সংশোধন ৩৮০৯৪২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।