অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নিউজিলেণ্ড

নিউজিলেণ্ড ( ইং: New Zealand, ) হ'ল দক্ষিণপশ্চিম প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ। দেশখন দুটা প্ৰধান দ্বীপ – উত্তৰ দ্বীপ (নৰ্থ আইলেণ্ড), বা Te Ika-a-Māui, আৰু দক্ষিণ দ্বীপ (চাউথ আইলেণ্ড), বা Te Waipounamuৰ লগতে ষ্টুৱাৰ্ট দ্বীপ আৰু অসংখ্য সৰু সৰু দ্বীপপুঞ্জৰে গঠিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নিউজিলেণ্ড ( ইং: New Zealand, ) হ'ল দক্ষিণপশ্চিম প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ। দেশখন দুটা প্ৰধান দ্বীপ – উত্তৰ দ্বীপ (নৰ্থ আইলেণ্ড), বা Te Ika-a-Māui, আৰু দক্ষিণ দ্বীপ (চাউথ আইলেণ্ড), বা Te Waipounamuৰ লগতে ষ্টুৱাৰ্ট দ্বীপ আৰু অসংখ্য সৰু সৰু দ্বীপপুঞ্জৰে গঠিত। ই অষ্ট্ৰেলিয়াৰ পৰা ১৫০০ কি:মি: দক্ষিণ-পূব দিশত অৱস্থিত। নিউজিলেণ্ড ভৌগোলিকভাৱে এখন বিচ্ছিন্ন দেশ। সেইবাবে ইয়াৰ জীৱবৈচিত্ৰ্য আৰু পৰিৱেশ যথেষ্ট পৃথক। ৱেলিংটন হৈছে দেশখনৰ ৰাজধানী আৰু অকলেণ্ড বৃহত্তম চহৰ।

নিউজিলেণ্ডৰ অধিকাংশ লোক ইউৰোপীয় মূলৰ আৰু স্থানীয় মাওৰি সকল বৃহত্তম সংখ্যালঘু জাতি। ইয়াৰোপৰি এচীয় মূলৰো বহুতো লোক নিউজিলেণ্ডত বসবাস কৰে। ইংৰাজী ভাষা নিউজিলেণ্ডৰ সৰ্বাধিক প্ৰচলিত ভাষা।

নিউজিলেণ্ড এখন উন্নত ৰাষ্ট্ৰ। দেশখন জীৱন যাত্ৰাৰ মান, শিক্ষাৰ হাৰ, শান্তি আৰু প্ৰগতি, অৰ্থনৈতিক স্বাধীনতা, ব্যৱসায়-বাণিজ্যৰ সুযোগ, গণমাধ্যমৰ স্বাধীনতা, ৰাজনৈতিক অধিকাৰ ৰক্ষা আদি ক্ষেত্ৰত যথেষ্ট আগবঢ়া। পৃথিৱীৰ সৰ্বাধিক বাসোপযোগী চহৰ সমূ্হৰ ভিতৰত নিউজিলেণ্ডৰ সমূহ অন্যতম।

ইতিহাস

প্ৰায় ৭০০ বছৰ আগতে পলিনেচীয় বিভিন্ন জাতিয়ে নিউজিলেণ্ড আৱিষ্কাৰ কৰে আৰু ইয়াত বসতি স্থাপন কৰে। ১৬৪২ চনত প্ৰথম ইউৰোপীয় অভিযাত্ৰী এবেল তাছমানে নিউজিলেণ্ডত প্ৰৱেশ কৰে। ১৮শ শতিকাৰ শেষ ভাগত ব্ৰিটিছ অভিযাত্ৰী, নাবিক আৰু মিছনেৰীসকলৰ নিয়মিতভাৱে ইয়ালৈ আগমন ঘটে।

ভূগোল আৰু জলবায়ু

৩৪° দক্ষিণ অক্ষাংশৰ পৰা ৪৭° দক্ষিণ অক্ষাংশলৈকে অৱস্থিত এই দ্বীপপুঞ্জৰ উত্তৰে উষ্ণ নাতিশীতোষ্ণ আৰু দক্ষিণে শীত নাতিশীতোষ্ণ জলবায়ু পোৱা যায়। পূব অষ্ট্ৰেলিয় উষ্ণ সমুদ্ৰৰ সোঁত ইয়াৰ ওচৰেদি বৈ গৈছে। ঠেক দীঘলীয়া দ্বীপপুঞ্জটো বহলে ৪৪৮ কি:মি:ৰ অধিক নহয়। সমগ্ৰ দ্বীপপুঞ্জৰ মাজেৰে এশাৰী পৰ্বত বিস্তৃত হৈ আছে। পৰ্বতশাৰী উত্তৰ দ্বীপত কিছু চাপৰ আৰু দক্ষিণ দ্বীপটোত ই অতি ওখ। দক্ষিণ দ্বীপত এই পৰ্বতশাৰীৰ নাম দক্ষিণ আল্প্ছ। পৰ্বতশাৰীৰ গড় উচ্চতা প্ৰায় ২,৪৩,৮৪০ মি:। ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ নাম মাউণ্ট কুক (৩,৭৬৮ মি:)।১

কৃষি

নিউজিলেণ্ডৰ প্ৰধান কৃষিজাত দ্ৰব্য হৈছে ঘেঁহু। ই প্ৰধানকৈ বৃহত্তৰ কেণ্টাৰবাৰী অঞ্চলৰ সমভূমিত কৰা হয়। এই অঞ্চলৰ আন শস্যসমূহ হ'ল ওট আৰু বাৰ্লি। দক্ষিণ দ্বীপত ওটৰ খেতি কৰা হয়। উত্তৰ দ্বীপৰ অকলেণ্ডত মাকৈৰ খেতি ভাল হয়। নিউজিলেণ্ডৰ প্ৰতিটো দ্বীপতেই আঙুৰ, আপেল, নাচপতি, নেমু, সুমথিৰা আদি ফলৰ বাগান দেখিবলৈ পোৱা যায়। উত্তৰ দ্বীপৰ অকলেণ্ডত এইবোৰৰ বাগান বেছিকৈ আছে। আনহাতে দক্ষিণ দ্বীপৰ ফল-মূলৰ বাগানবোৰত আপেল, বেৰী, নাচপতি, এপ্ৰিকট্, চেৰি আদি ফলৰ খেতি কৰা হয়। ২

তথ্যসূত্ৰ

  1. ↑ ভূ-দৰ্শন. (২০০২). নিউজিলেণ্ড. কামাখ্যা বুক ষ্টল
  2. ↑ ভূ-দৰ্শন. (২০০২). নিউজিলেণ্ড. কামাখ্যা বুক ষ্টল

সম্পৰ্কিত শ্ৰেণী

ওচেনিয়াৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউজিলেণ্ড” প্ৰবন্ধৰ সংশোধন ৩৮১৫৪৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।