অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মুখ

1. মুখচিদ্ৰ (Mouth): নাকৰ ঠিক তলতে অৱস্থিত অনুপ্ৰস্থীয় বহল মুখচিদ্ৰটো ওপৰোষ্ঠ আৰু নিম্নোষ্ঠৰে আবেষ্ঠিত হৈ থাকে। মুখচিদ্ৰটো খাদ্য গ্ৰহণ কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ১২ মাৰ্চ ২০২৬ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

1. মুখচিদ্ৰ (Mouth): নাকৰ ঠিক তলতে অৱস্থিত অনুপ্ৰস্থীয় বহল মুখচিদ্ৰটো ওপৰোষ্ঠ আৰু নিম্নোষ্ঠৰে আবেষ্ঠিত হৈ থাকে। মুখচিদ্ৰটো খাদ্য গ্ৰহণ কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়। মুখৰ ভিতৰৰ যিখিনি ঠাই বাহিৰৰ ফালে ওঠ আৰু গালেৰে আবৃত আৰু ভিতৰ ফালে দাত আৰু হনুৰে আবৃত সেই অঞ্চলখিনিক মুখ মধ্যগুহা (Vestibule of the mouth) বোলা হয়।

2.মুখগহ্বৰ (Buccal Cavity): দাত আৰু হনুৰ ভিতৰফালে থকা গহ্বৰটোক মুখগহ্বৰ বোলা হয়। মুখগহ্বৰটোক ওপৰৰ ফালে তালু, তলৰ ফালে টেটু আৰু জিহ্বা, আৰু দাতিৰ পিনে দাত আৰু হনুৱে পৰিবেষ্টিত কৰি ৰাখে। মুখগহ্বৰৰ পশ্চাত অংশত ওচৰা ওচৰিকৈ দুটা ৰন্ধ্ৰ থাকে। ওপৰৰৰ ফালে থকা ৰন্ধ্ৰটোক গালেট (Gullet) আৰু ইয়াৰ তলফালে থকা ৰন্ধ্ৰটোৰ গ্লটিছ (Glottis) বোলে। গালেট হ’ল গ্ৰসনীৰ খোলা প্ৰান্ত আৰু গ্লটিছ হ’ল শ্বাসনলীৰ খোলা প্ৰান্ত। গ্লটিছৰ সন্মূখত এখন লৰচৰ কৰিব পৰা পেশীৰে গঠিত ঢাকনি থাকে। ইযাক এপিগ্লটিছ (Epiglottis) বোলা হয়। এপিগ্লটিছে গ্ৰসনী আৰু শ্বাসনলীৰ মাজেৰে যথাক্ৰমে খাদ্য আৰু বায়ুৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰে।

মুখগহ্বৰত থকা অন্য অংশবোৰ হ’ল –

(i) তালু (Palate): মুখগহ্বৰৰ মূধচ অংশক তালু বুলি কোৱা হয়। তালুৰ সন্মূখ প্ৰান্তক কঠিন তালু (Hard palate) আৰু পশ্চাৎ অংশক কোমল তালু (Soft palate) বোলে। কোমল তালুৰ পশ্চাত অংশত থকা মুক্ত পাতৰ দৰে আলজিহ্বাই (Uvula) খাদ্য বস্তু গিলাৰ সময়ত অন্তঃনাসাৰন্ধ্ৰ দুটাক ঢাকি ৰাখে।

সম্পৰ্কিত শ্ৰেণী

শৰীৰস্থান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুখ” প্ৰবন্ধৰ সংশোধন ৫৮৭৫১৫ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।