ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
টকিঅ'
টকিঅ, হৈছে জাপান ৪৭খন মহানগৰ প্ৰশাসনৰ অন্যতম, অঞ্চল তথা ইয়াৰ ৰাজধানী। ই জাপানৰ আটাইতকৈ ডাঙৰ নগৰ। বৃহত্তৰ টকিঅ' অঞ্চল হৈছে পৃথিৱীৰ এখন সৰ্বাধিক জনবহুল মহানগৰীয় অঞ্চল। এসময়ত টকিঅ' জাপানৰ সম্ৰাটসকলৰ আৰু জাপানী শাসনকৰ্তাৰ আসন আছিল।
-
মৰিছাছ
মৰিছাছ (Mauritius) আফ্ৰিকাৰ দক্ষিণ-পূব উপকূলৰ ওচৰত ভাৰত মহাসাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ সম্পূৰ্ণ নাম ৰিপাব্লিক অৱ মৰিছাছ। দেশৰ ৰাজধানী প’ৰ্ট লুইছ, যি দেশৰ প্ৰধান সাগৰীয় বন্দৰ।
-
আগৰতলা
আগৰতলা (আগব়তলা; Agartala, ) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী, আৰু উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ চহৰ। চহৰখন আগৰতলা পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হয়। চহৰখন ত্ৰিপুৰা চৰকাৰৰ আসন।
-
পৰ্তুগাল
পৰ্তুগাল, আনুষ্ঠানিকভাৱে পৰ্তুগীজ গণৰাজ্য (República Portuguesa), দক্ষিণ-পশ্চিম ইউৰোপৰ আইবেৰিয়ান উপদ্বীপৰ এখন দেশ। ইউৰোপ মহাদেশীয় আটাইতকৈ পশ্চিমীয়া বিন্দুটোৰ সৈতে পৰ্তুগালে ইয়াৰ উত্তৰ আৰু পূব দিশত স্পেইনৰ সীমাৰেখাৰে আবৃত, যাৰ সৈতে ই ইউৰোপীয় সংঘৰ আটাইতকৈ দীঘলীয়া নীৰৱচ্ছিন্ন সীমান্তৰ অংশীদাৰ;…
-
ভূপাল
ভূপাল হৈছে ভাৰতীয় ৰাজ্য মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ আৰু ভূপাল জিলা তথা ভূপাল বিভাগ—দুয়োটাৰে প্ৰশাসনিক মুখ্য কাৰ্যালয়। চহৰখনৰ সীমাৰ ওচৰে-পাঁজৰে থকা বিভিন্ন প্ৰাকৃতিক আৰু কৃত্ৰিম হ্ৰদৰ উপস্থিতিৰ বাবে ভূপালক হ্ৰদৰ চহৰ বুলি জনা যায়।
-
ইটানগৰ
ইটানগৰ (Itanagar ) হৈছে ভাৰতবৰ্ষৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী। ই হিমালয়ৰ নামনি অংশত অৱস্থিত। অৰুণাচলৰ ৰাজধানী হিচাপে সমগ্ৰ ভাৰতৰ লগত বিমান আৰু পথৰ দ্বাৰা ইটানগৰলৈ পৰিবহণৰ সু-ব্যৱস্থা আছে। গুৱাহাটীৰপৰা নাহৰলগুন (ইটানগৰ)লৈ নিয়মীয়াকৈ হেলিকপ্তাৰ চলাচল কৰে।
-
ভূগোল
ভূগোল (ইংৰাজী:- Geography গ্ৰীক ভাষাৰ γεωγραφία - geographiaৰ পৰা, যাৰ অৰ্থ "পৃথিৱীৰ পৃষ্ঠভাগৰ বৰ্ণনা") হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু পৃথিৱীৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা বিজ্ঞানৰ ভাগ। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হ'ব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"।
-
সিন্ধু নদী
সিন্ধু নদী (Indus River/Sindhu River /Abasin (اباسين)) এছিয়াৰ দীৰ্ঘতম নদীসমূহৰ ভিতৰত অন্যতম। এই নদী পাকিস্তান, ভাৰতৰ জম্মু আৰু কাশ্মীৰ আৰু পশ্চিম তীব্বতৰ মাজেৰে বৈ গৈছে।
-
কুৱেইট
কুৱেইট (আৰৱী: دولة الكويت) পশ্চিম এছিয়াত অৱস্থিত এখন আমিৰাত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে চৌদি আৰৱ আৰু উত্তৰ পশ্চিমত ইৰাক অৱস্থিত। ইয়াৰ উত্তৰ-দক্ষিণকৈ দীঘ সৰ্বোচ্চ ২০০ কিঃমিঃ(১২০ মাইল) আৰু পূব-পশ্চিমকৈ ১৭০ কিঃমিঃ (১১০ মাইল)। কুৱেইট এক আৰৱী শব্দ, ইয়াৰ অৰ্থ হল "পানীৰ কাষৰ মহল"।
-
গুপ্ত সাম্ৰাজ্য
গুপ্ত সাম্ৰাজ্য (गुप्तसाम्राज्य, ) হৈছে প্ৰাচীন ভাৰতত মহাৰাজ শ্ৰী গুপ্তই প্ৰতিষ্ঠা কৰা এক সাম্ৰাজ্য। এই সাম্ৰাজ্য ভাৰত উপমহাদেশৰ প্ৰায়ভাগ অঞ্চললৈকে বিস্তৃত আছিল। গুপ্ত সাম্ৰাজ্যৰ কাল হৈছে ৩২০-ৰ পৰা ৫৫০ চন।
-
চিলেট
চিলেট (Bengali: সিলেট, চিলেটী নাগৰী:ꠍꠤꠟꠐ), )) হৈছে বাংলাদেশৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত এখন মহানগৰ। ই চিলেট বিভাগৰ প্ৰশাসনিক কেন্দ্ৰ। ই ছুৰমা নদীৰ পাৰত অৱস্থিত। প্ৰায় ৭ লাখ লোকৰ জনসংখ্যাৰ ফলত বাংলাদেশৰ পঞ্চম বৃহত্তম চহৰ। চাহ বাগিচা আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে চিলেট পৰিচিত।
-
জেৰুজালেম
জেৰুজালেম ভূমধ্য সাগৰ (Mediterranean Sea) ৰ আৰু মৃত সাগৰ (Dead sea)ৰ মাজত জুডিয়ান পৰ্বতমালা (Judean Mountains)ৰ এক মালভূমিত অৱস্থিত বিশ্বৰ ভিতৰতে এক প্ৰাচীন চহৰ। এই চহৰখন বিশ্বৰ তিনিটা ধৰ্ম, মুছলমান, খ্ৰীষ্টান আৰু ইহুদী লোকৰ বাবে এক পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়।
-
পেলেষ্টাইন
পেলেষ্টাইন বা আনুষ্ঠানিকভাৱে পেলেষ্টাইন ৰাজ্য (State of Palestine), পশ্চিম এছিয়াৰ দক্ষিণ লেভেণ্ট অঞ্চল (Southern Levant region)ত অৱস্থিত এখন প্ৰদেশ। এই প্ৰদেশখন ১৯৮৮ চনৰ ১৫ নৱেম্বৰত প্ৰতিষ্ঠা হয় আৰু আনুষ্ঠানিকভাৱে পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যন (পিএলঅ’)ৰ দ্বাৰা শাসিত।
-
ব্ৰুণেই
ব্ৰুণেই (মালয় ভাষা: Negara Brunei Darussalam) দক্ষিণ পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ৰাজতান্ত্ৰীক ইছলামী দেশ। দেশখন বৰ্ণীও দ্বীপৰ উত্তৰ উপকূলত অৱস্থিত। ইয়াৰ উত্তৰে দক্ষিণ চীন সাগৰ, আৰু বাকী সকলো দিশতে মালয়েছিয়া। ব্ৰুণেই তেল সম্পদত সমৃদ্ধ এখন ধনী ৰাষ্ট্ৰ।
-
মথুৰা
মথুৰা ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন চহৰ আৰু প্ৰশাসনিক মুখ্য কাৰ্যালয়। ই দিল্লীৰপৰা ১৬২ কিলোমিটাৰ (১০১ মাইল) দক্ষিণ-পূবে অৱস্থিত; আৰু বৃন্দাবন চহৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ (৯.৩ মাইল) দূৰত। প্ৰাচীন কালত মথুৰা আছিল এক অৰ্থনৈতিক কেন্দ্ৰ, গুৰুত্বপূৰ্ণ কাৰাভান পথৰ সংযোগস্থলত অৱস্থিত।
-
যমুনা নদী
যমুনা (यमुना) উত্তৰ ভাৰতৰ এক অন্যতম প্ৰধান নদী। এইখন ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদী গঙ্গাৰ প্ৰধান উপনদী। যমুনা নদীৰ উৎস মধ্য হিমালয়ৰ বান্দাৰপুচ পৰ্বতশৃঙ্গৰ দক্ষিণ-পশ্চিম পাদদেশত অৱস্থিত যমুনোত্ৰী হিমবাহৰ ৬,৩৮৭ মিটাৰ উচ্চতাত। এই নদীৰ দৈৰ্ঘ্য ১,৩৭৬ কিলোমিটাৰ (৮৫৫ মাইল)।
-
লেবানন
লেবানন, চৰকাৰী ভাবে লেবানন গণৰাজ্য, পশ্চিম এছিয়াৰ ভূমধ্য সাগৰৰ পূব পাৰত অৱস্থিত এখন ৰাষ্ট্ৰ। ইয়াৰ উত্তৰ আৰু পূবত ছিৰিয়া আৰু দক্ষিণত ইজৰাইল দেশ অৱস্থিত। ভূমধ্যসাগৰৰ আৰু আৰৱৰ ভিতৰৰ ভাগৰ এই দেশখনৰ ইতিহাস সমৃদ্ধ আৰু মিশ্ৰিত।
-
চট্টগ্ৰাম
চট্টগ্ৰাম (অন্য নাম: চাটগাঁও / চিটাং), বাংলাদেশৰ দ্বিতীয় বৃহত্তম চহৰ। বন্দৰনগৰী নামেৰে পৰিচিত এই চহৰখন বাংলাদেশৰ দক্ষিণ-পূব অংশৰ চট্টগ্ৰাম জিলাত অৱস্থিত। বাণিজ্যিক ৰাজধানী হিচাপে পৰিচিত, লগতে পাহাৰ, সাগৰ আৰু উপত্যকাৰে আগুৰি থকা চট্টগ্ৰাম চহৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে পূবৰ ৰাণী হিচাপে বিখ্যাত।
-
জাকাৰ্টা
জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰ, (যদিও জাকাৰ্টা নিজে এখন প্ৰদেশ) আৰু বিশ্বৰ এখন লেখত ল'বলগীয়া জনবহুল নগৰ অঞ্চল। জাভাৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, জাকাৰ্টা হৈছে দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰস্বৰূপ। ২০১২ চনৰ ডিচেম্বৰত ইয়াৰ জনসংখ্যা আছিল ৯৭,৬১,৪০৭ জন।
-
বাগদাদ
বাগদাদ হৈছে ইৰাকৰ ৰাজধানী। ২০১১ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ৭২,১৬,০৪০ জন, সেই অনুসৰি ই ইৰাকৰ সৰ্বাধিক জনবহুল নগৰ, আৰৱ বিশ্বৰ দ্বিতীয় সৰ্বাধিক (কাইৰো আৰু ইজিপ্তৰ পিছত) আৰু ইৰাণ আৰু তেহৰাণৰ পিছত এছিয়াৰো দ্বিতীয় সৰ্বাধিক জনবহুল নগৰ। বাগদাদ নগৰ খন টাইগ্ৰীছ নদীৰ তীৰত অৱস্থিত।
-
ৰোম
ৰোম হৈছে ইটালীৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই লাজিঅ’ অঞ্চলৰ কেন্দ্ৰ আৰু ইউৰোপৰ ইতিহাস আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ৰোম খ্ৰীষ্টপূৰ্ব ৭৫৩ চনত প্ৰতিষ্ঠিত বুলি ধৰা হয় আৰু প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ মূল ৰাজ্যিক কেন্দ্ৰ আছিল।
-
ডিমাপুৰ
ডিমাপুৰ (/diməˈpʊər/) হৈছে ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ সৰ্ববৃহৎ চহৰ আৰু পৌৰসভা। ২০২৪ চনলৈকে চহৰখনৰ পৌৰসভাৰ জনসংখ্যা আছিল ১৭২,০০০। চহৰখন নাগালেণ্ডৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু বাণিজ্যিক কেন্দ্ৰ। চহৰখন নাগালেণ্ডৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু বাণিজ্যিক কেন্দ্ৰ।
-
দিছপুৰ
দিছপুৰ,(Dispur) অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত বৃহত্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা নগৰাঞ্চল। ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে। অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত।
-
মহীশূৰ
মহীশূৰ (ಮೈಸೂರು) কৰ্ণাটকৰ তৃতীয়খন বৃহৎ আৰু জনপ্ৰিয়তাৰ তৃতীয় স্থানত থকা মহানগৰ। কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ দক্ষিণ পশ্চিম দিশলৈ চামুণ্ডী শিলৰ তললৈ অৱস্থিত এই মহানগৰখনৰ কালি ১২৮.৪২ বৰ্গ কিল'মিটাৰ, জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৮৮৭,৪৪৬। ১৩৯৯ চনৰ পৰা ১৯৫৬ চনলৈ মহীশূৰ আছিল মহীশূৰ ৰাজ্যৰ ৰাজধানী।
-
উত্তৰ কোৰিয়া
উত্তৰ কোৰিয়া (North Korea) উত্তৰ-পূৰ্ব এছিয়াৰ এখন ৰাষ্ট্ৰ যি কোৰিয়া উপদ্বীপৰ উত্তৰ অৰ্ধাংশকলৈ গঠিত। ইয়াৰ চৰকাৰী নাম হৈছে গণতান্ত্ৰিক প্ৰজাতন্ত্ৰী কোৰিয়া (조선민주주의인민공화국, চোছন্ মিন্জুজুই্যই ইন্মিন্ কোংহুয়াগুক্)।
-
ওমান
ওমান (سلطنة عُمان সাল্ত্বানাৎ উমান []) আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত ৰাষ্ট্ৰ। ওমান এখন মৰুময় দেশ। ইয়াৰ সুউচ্চ পৰ্বতমালাৰ ঠিক কাষতেই উজ্জ্বল শুভ্ৰ বালিৰ সমুদ্ৰ সৈকত আছে। ইয়াত সংখ্যালঘু মুছলমান গোত্ৰ ইবাদি জাতিৰ লোকসকলে বাস কৰে। ইহঁত চিয়া আৰু চুন্নী সম্প্ৰদায়তকৈ পৃথক।
-
ফিজি
ফিজি আনুষ্ঠানিকভাৱে ফিজি গণৰাজ্য হৈছে দক্ষিণ প্ৰশান্ত মহাসাগৰৰ ওচেনিয়াৰ অংশ মেলানেছিয়াৰ এখন দ্বীপ-দেশ। ই নিউজিলেণ্ডৰ পৰা প্ৰায় ১১০০ নটিকেল মাইল (২,০০০ কিমি; ১,৩০০ মাইল) উত্তৰ-উত্তৰ-পূৱত অৱস্থিত।
-
ভূমধ্য সাগৰ
ভূমধ্য সাগৰ (; Mare Mediterraneo or Mar Mediterraneo; البحر الابيض المتوسط al-Baḥr al-abyaḍ al-Mutawassiṭ; Μεσόγειος Θάλασσα; Mer Méditerranée; Mar Mediterráneo; Akdeniz; Mare Nostrum) আটলাণ্টিক মহাসাগৰৰ লগত সংযোজিত হৈ থকা এখন সাগৰ। এই সাগৰখন ভূমধ্য অঞ্চলে চাৰিওদিশৰ পৰা আৱৰি আছে।
-
আগ্নেয়গিৰি
আগ্নেয়গিৰি বা জ্বালামুখী (Volcano ) দেখাত পিৰামিডৰ দৰে শাংকব৷ আগ্নেয়গিৰিৰ মুখখনক জ্বালামুখ বোলা হয়৷ ইয়াৰ মুখৰপৰা ভূগৰ্ভৰ অন্তৰ্ভাগলৈ এডাল নলী থাকে৷ নলীডাল একেবাৰে মেগমা গহ্বৰ পায়গৈ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত ধোঁৱা,ছাই,লাভা আদি এই নলীয়েদি ওলাই আহি ধৰাপৃষ্ঠ পায়হি৷ যিবোৰ পৰ্ব্বত বা পাহাৰৰ…
-
কিউবা
কিউবা (Cuba), আনুষ্ঠানিকভাৱে কিউবা গণপ্ৰজাতন্ত্ৰ, এখন দ্বীপ-ৰাষ্ট্ৰ। ইয়াত বৃহৎ কিউবা দ্বীপ, আইছলা দে লা জুভেণ্টুড, আৰু প্ৰায় ৪,১৯৫টা সৰু-সুৰা দ্বীপ, দ্বীপচিকা আৰু কেয় অন্তৰ্ভুক্ত। দেশটো উত্তৰ কেৰিবিয়ান সাগৰ, মেক্সিকো উপসাগৰ আৰু আটলাণ্টিক মহাসাগৰৰ সংযোগস্থলত অৱস্থিত।