গোৱালাপাৰা, (Pron: ) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যত অৱস্থিত গোৱালপাৰা জিলাৰ সদৰঠাই। এই নগৰখন গুৱাহাটী মহানগৰীৰ পশ্চিমে ১৩৪ কিমি দূৰত্বত অৱস্থিত। এই নগৰখন ঐতিহাসিকভাৱে কোঁচ ৰাজবংশী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
নামকৰণ
গোৱালপাৰা নামটো ’গোৱালটিপিকা’ (Gwaltippika) যাৰ অৰ্থ গোৱালি গাঁও বা গোৱালৰ গাঁও (The village of the milk men) ৰ পৰা আহিছে বুলি ধাৰণা কৰা হয়।১ স্থানীয় ভাষাত ’পাৰা’ৰ অৰ্থ গাঁও।
ইতিহাস
গোৱালপাৰা নগৰৰ ভূখণ্ড এসময়ত কোঁচ-ৰাজবংশী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
ভৌগোলিক অৱস্থান
গোৱালপাৰা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত সাগৰ পৃষ্ঠাৰ পৰা গড়ে ৩৫ মিটাৰ উচ্চতাত অৱস্থিত।২ এই নগৰতে থকা হুলুকন্দা পাহাৰ ( Hulukanda Hill) ত বিভিন্ন প্ৰজাতিৰ বান্দৰ দেখা পোৱা যায়। নগৰখনত জলাশয় যেনে হশিলা বিল ( Hashila beel), কুমৰী বিল (Kumri beel), উৰপদ বিল (Urpad beel) আদি অৱস্থিত।
নগৰখন আঠটা ব্লকত বিভক্ত- বালিজানা (Balijana), জলেশ্বৰ(Jaleswar), খাৰমোজা (Kharmuza), কৃষ্ণাই (Krishnai), কুশ্বধোৱা (Kuchdhowa), লখিপুৰ (Lakhipur), মাটিয়া (Matia), ৰংজুলি (Rangjuli)।
জনসংখ্যা
২০০১ চনৰ লোকপিয়ল অনুসৰি গোৱালপাৰা নগৰৰ জনসংখ্যা ৪৮,৯১১ জন। ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা।৩ গোৱালপাৰা নগৰৰ গড় সাক্ষৰতাৰ হাৰ ৬৯%। পুৰুষৰ ক্ষেত্ৰত সাক্ষৰতাৰ হাৰ ৭৩% হোৱাৰ বিপৰীতে মহিলাৰ ৬৪%। গোৱালপাৰা নগৰৰ ১২% অধিবাসীৰ বয়স ছবছৰৰ অনুৰ্ধৰ।
গোৱালপাৰা নগৰৰ সংখ্যাগৰিষ্ঠ লোক ইছলামধৰ্মী।৪ প্ৰায়ভাগ লোকেই গোৱালপৰীয়া উপভাষা ব্যৱহাৰ কৰে।
ভাষা
গোৱালপাৰা নগৰৰ প্ৰধান ভাষা হৈছে গোৱালপৰীয়া ভাষা। ইয়াৰ উপৰিও ব্যৱহৃত অন্যান্য ভাষাবোৰ হৈছে বঙালী, ৰাভা, হিন্দী, গাৰো, বড়ো, হাজং, নেপালী আদি।
সংস্কৃতি

এই জিলাৰ মানুহে অসমীয়া আৰু বঙালি সংস্কৃতিৰ মিশ্ৰণ। প্ৰায় ৫৭. ৫২% জনসংখ্যা মুছলিম, ৩৪.৫১% হিন্দু আৰু ৭. ৭২% খ্ৰিষ্টান আৰু ০. ৮% শিখ। বেছিভাগ মানুহ ময়মনসিংহী বঙালী (বাংলাদেশী উপভাষা) আৰু কিছুমান মানুহে গোৱালপৰীয়া উপভাষা (অসমীয়া ভাষা)ত কথা পাতে। যিসকলে গোৱালপৰীয়া উপভাষা(অসমীয়া) ত কথা পাতে সিহঁতে উজানী বা দেশী বুলি কোৱা হয় আৰু যিবিলাকে ময়মনসিংহী বঙালী ভাষা কয় সিহঁত জিলাখনত ভাটিয়া (ভটিয়া) বুলি কোৱা হয়। উজানী আৰু ভাটিয়া সংস্কৃতিসমূহৰ লগতে ভাষাৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। ঘোটি তথা আদিবাসী জনগোষ্ঠী, যিসকল সংখ্যাত কম, সিহঁতেও জিলাটোৰ সংস্কৃতিত অবদান ৰাখিছে। জিলাখনত বসবাস কৰা কোচ জনগোষ্ঠীৰ লোক সকলোৰ সংস্কৃতিও বাৰে বৰণীয়া |
পৰ্য্যটন
গোৱালপাৰাৰ আশে পাশে থকা মূল পৰ্য্যটনস্থলীবোৰ হ’ল-
- শ্যামৰাই সত্ৰ
শ্যামৰাই সত্ৰ প্ৰায় তিনিশ বছৰৰ পূৰ্বে গোৱালপাৰাত স্থাপন কৰা হৈছিল। এই সত্ৰই গোৱালপাৰাত সত্ৰীয়া সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে। এই সত্ৰত মহাপুৰুষ শংকৰদেৱৰ অস্থি সংৰক্ষিত আছে বুলি জনা যায়। এই অস্থি শংকৰ জয়ন্তীৰ সময়ত ৰাইজৰ পৰিদৰ্শনৰ বাবে মুকলি কৰা হয়।
- শ্ৰী চৈতন্য গৌডিয়া মথ
গোৱালপাৰাত চৈতন্য সংস্কৃতিৰ বিকাশৰ অৰ্থে ১৯৬৯ চনত এই মথ প্ৰতিষ্ঠা কৰা হয়। শ্ৰী চৈতন্য কেলেণ্ডাৰ অনুসৰি ইয়াত নিয়মীয়াকৈ পূজা-সংকীৰ্তন আদি ধাৰ্মিক অনুষ্ঠান উদযাপন কৰা হয়।
- পীৰ মাঝাৰ
গোৱালপাৰা পীৰ মাঝাৰ (tomb) হজৰত চায়েদ আবুল কাচেম খাৰছানি (Hazarat Sayed Abul Kasem Kharasani) ৰ কবৰস্থান। গোৱালপাৰাৰ ইছলামধৰ্মী লোকসকলৰ কবৰস্থানসমূহ এই মাঝাৰক কেন্দ্ৰ কৰি স্থাপিত হৈছে। প্ৰতি বছৰে পীৰ গৰাকীৰ মৃত্যু তিথিৰ দিনা ইয়াত উৰছ-মোবাৰক ( 'Uros-Mubarak') পালন কৰা হয়।
- হুলুকন্দা পাহাৰ
এই পাহাৰ গোৱালপাৰাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত।
শ্ৰী সূৰ্য্য পাহাৰ গোৱালপাৰাৰ পৰা দক্ষিণ-পশ্চিমে বাৰ কিমি দুৰত্বত অৱস্থিত। এই পাহাৰ প্ৰত্নতাত্বিক দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি জনা যায়।
- পাগলাতেক শিৱ মন্দিৰ
গোৱালপাৰা নগৰৰ পৰা প্ৰায় সাত কিমি দুৰত্বত পঞ্চতন্ত্ৰৰ ওচৰত এই প্ৰসিদ্ধ মন্দিৰ অৱস্থিত। ইয়াত মেলাৰ সময়ত দৰ্শনৰ বাবে বহুতো লোকৰ সমাগম হয়।
শিক্ষা
গোৱালপাৰা জিলাৰ উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠানবোৰ হৈছে-
- সৈনিক স্কুল, গোৱালপাৰা
- লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
- পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয়
- আদৰ্শ বিদ্যালয়, ভাটীপাৰা
- গোৱালপাৰা ইংৰাজী বিদ্যালয়
- গোৱালপাৰা জাতীয় বিদ্যালয়
- জৱাহৰ নবোদয় বিদ্যালয়
- জুনিয়েৰ টেকনিকেল বিদ্যালয়
- কেন্দ্ৰীয় বিদ্যালয়
- ৰাখালডুবি হাই মাদ্ৰাছা
- গোৱালপাৰা হিন্দী হাইস্কুল
মহাবিদ্যালয়
- গোৱালপাৰা মহাবিদ্যালয়, গোৱালপাৰা
- চৰকাৰী বি. টি. মহাবিদ্যালয়
- লক্ষীপুৰ মহাবিদ্যালয়
- দুধনৈ মহাবিদ্যালয়
- গোৱালপাৰা আইন মহাবিদ্যালয়
কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান
- গোৱালপৰা পলিটেকনিক
- এছিয়ান মিছন প্ৰতিষ্ঠান
স্বাস্থ্য
গোৱালপাৰা জিলাৰ ভালুকডুবিত ২০০খন বিছনা যুক্ত চৰকাৰী চিকিৎসালয় আছে। তদুপৰি জিলাখনত মুঠ ১৮১টা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আছে। গোৱালপাৰা নগৰখনত অৱস্থিত চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহ হৈছে-
- জিলা চিকিৎসালয়
- চ’লাচ চিকিৎসালয়৫
- ফ্ল’ৰেঞ্চ চিকিৎসালয়
- নিৰ্মলা চিকিৎসালয়
- আল-ছালাম চিকিৎসালয়
- লাইফ কেয়াৰ চিকিৎসালয়
- এপ’ল’ টেলী ক্লিনিক
ৰাজনীতি
গোৱালপাৰা জিলাত বিধানসভাৰ চাৰিটা সমষ্টি আছে- পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা, জলেশ্বৰ আৰু দুধনৈ। ইয়াৰে প্ৰথম তিনিটা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।৬ দূধনৈ সমষ্টিটো গুৱাহাটী লোকসভাৰ অন্তৰ্ভুক্ত
উল্লেখযোগ্য ব্যক্তি
- ভক্তি বল্লভ তীৰ্থ (ভক্তিমূলক গুৰু)৭
- আদিল হুছেইন (অভিনেতা)৮
- আশ্ৰাফুল হক (অভিনেতা)
- বজেন্দ্ৰ দেব মোহন শৰ্মা (প্ৰকৃতিবিদ আৰু লেখক)
তথ্যসূত্ৰ
- ↑ Brief history of Goalpara
- ↑ Falling Rain Genomics, Inc - Goalpara
- ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
- ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
- ↑ solacehospital.in/
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
- ↑ Speaking Tree Spiritual Masters
- ↑ (23 March 2012). Goalpara boy hits the big time. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৱালপাৰা” প্ৰবন্ধৰ সংশোধন ৬২১৯৪৩ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।