অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

টাইৱান

টাইৱান (Taiwan), চৰকাৰীভাবে চীন প্ৰজাতন্ত্ৰ (Republic of China (ROC)), পূব এছিয়াৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান ইউৰেছিয়া ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু ফিলিপাইনৰ দক্ষিণত অৱস্থিত।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ৪৩৫ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

টাইৱান (Taiwan), চৰকাৰীভাবে চীন প্ৰজাতন্ত্ৰ (Republic of China (ROC)), পূব এছিয়াৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান ইউৰেছিয়া ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু ফিলিপাইনৰ দক্ষিণত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দ্বীপপুঞ্জসমূহ চীন প্ৰজাতন্ত্ৰৰ অধীন হয়। সাধাৰণতে চীন প্ৰজাতন্ত্ৰৰ শাসিত অঞ্চলক বুজাবলৈ "টাইৱান" ব্যৱহৃত হয়। চীন প্ৰজাতন্ত্ৰ প্ৰশান্ত মহাসাগৰৰ টাইৱান দ্বীপ, অৰ্কিড আইলেণ্ড, গ্ৰীণ আইলেণ্ড শাসন কৰে। তদুপৰি পেছকাডৰেছ (পৰ্তুগীজ ভাষা: Pescadores অৰ্থাৎ "মৎস্যজীৱী বা মাছমৰিয়া"), কিনমেন, ফুচিয়েন তিৰৱৰ্তী মাৎসু আইলেণ্ড প্ৰভৃতি দ্বীপো শাসন কৰে। টাইৱান আৰু ফেংহু দ্বীপপুঞ্জ সমূহ (টাইপেই আৰু কাওছিউং পৌৰসভা বাদ দি) চীন প্ৰজাতন্ত্ৰৰ টাইৱান প্ৰদেশ হিচাপে প্ৰশাসিত হয়।

টাইৱান দ্বীপৰ মূল ভূখণ্ড ফুৰমোজা (পৰ্তুগীজ ভাষা: Ilha Formosa]] অৰ্থাৎসুন্দৰী দ্বীপ) নামেও পৰিচিত। ই পূব এছিয়াৰ চীনা মূল-ভূখণ্ড তিৰৱৰ্তী অঞ্চল আৰু জাপানৰ মূল- ভূখণ্ডৰ দক্ষিণ-পশ্চিমত অৱস্থিত। জাপানৰ ৰিউকিউ দ্বীপপুঞ্জৰ ঠিক পশ্চিমেই টাইৱান দ্বীপ অৱস্থিত। ইয়াৰ পূবত প্ৰশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ চীন সাগৰ আৰু লুজন প্ৰণালী, পশ্চিমে টাইৱান প্ৰণালী আৰু পূবে পূব চীন সাগৰ অৱস্থিত। টাইৱানৰ দীঘ প্ৰায় কিলোমিটাৰ (২৪৫ মাইল) আৰু প্ৰস্থ প্ৰায় ১৪৪ কিলোমিটাৰ (৮৯ মাইল)। ইয়াত পৰ্বত আৰু ক্ৰান্তীয় অৰণ্য দেখা যায়।

টাইৱানৰ মুঠ জনসংখ্যা প্ৰায় ২ কোটি ৩০ লাখ। তাৰে ভিতৰত হক্কেইন সম্প্ৰদায়ৰ লোক সৰ্বাধিক। আন আন অধিবাসী সমূহ হ'ল হাক্কা, প্ৰাচীন টাইৱানবাসী, চীনা টাইৱানবাসী,প্ৰবাসী টাইৱানবাসী ইত্যাদি। প্ৰধান ভাষা হ'ল মেণ্ডেৰীন আৰু টাইৱানী (মিননান উপভাষা), হাক্কা উপভাষা ইত্যাদি প্ৰধান উপভাষা। উচ্চপ্ৰযুক্তি, উষ্ণমণ্ডলীয় কৃষিজাতপণ্য প্ৰভৃতি ৰপ্তানি কৰি টাইৱানে অজস্ৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। নেন'প্ৰযুক্তি, আলোক ইলেক্ট্ৰনিক্স, পৰ্যটন ইত্যাদি শিল্প টাইৱানৰ উন্নয়নত সহায়ক।

ইতিহাস

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চীন দেশে জাপানী সকলক প্ৰতিৰোধ কৰিবলৈ যুদ্ধকালত চীনৰ কুওমিনতাং পাৰ্টি আৰু কমিউনিষ্ট পাৰ্টিৰ লগত লগ লাগি জাপানৰ আগ্ৰাসন বিৰোধী জাতীয় যুক্তফ্ৰণ্ট গঢ়ি তুলিছিল। জাপান-বিৰোধী প্ৰতিৰোধ যুদ্ধ জয়যুক্ত হোৱাৰ পিছত চিয়াং কাইশেকৰ নেতৃত্বাধীন কুওমিনতাং গোষ্ঠী যুক্তৰাষ্ট্ৰৰ সমৰ্থিত হয়। ইয়াৰ ফলত গোটেই দেশ জুৰি গৃহযুদ্ধৰ সূচনা হয়। চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত চীনা জনগণে তিনি বছৰতকৈ বেছি সময় মুক্তিযুদ্ধ চলায়। তেতিয়া কুওমিনতাং গোষ্ঠীৰ অনুসৃত গণবিৰোধী নীতিৰ গোটেই দেশৰ বিভিন্ন জাতিৰ জনগণ এই গোষ্ঠী ঘৃণা কৰে। ফলত কুওমিনতাং পাৰ্টিৰ “চীন প্ৰজাতন্ত্ৰ” (বা ৰিপাবলিক অব চায়না) চৰকাৰৰ উত্থান হয়। ১৯৪৯ চনৰ পহিলা অক্টোবৰত চীন গণ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হয় আৰু ই চীনৰ একমাত্ৰ বৈধ চৰকাৰ হিচাপে থিয় দিয়ে। কুওমিনতাং গোষ্ঠীৰ কিছু সৈন্য বাহিনী আৰু চৰকাৰী কৰ্মকৰ্তা গৈ টাইৱানক আগুৰি ধৰে। তেওঁলোকে তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনত টাইৱান প্ৰণালীৰ দুয়ো পাৰৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰে।

বহিঃসংযোগ

সংক্ষিপ্ত বিৱৰণ আৰু তথ্য

চৰকাৰী সংস্থা

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাইৱান” প্ৰবন্ধৰ সংশোধন ৬৩৫৪১০ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।