অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হংকং

হংকং, চৰকাৰীভাৱে প্ৰজাতান্ত্ৰিক চীনৰ হংকং বিশেষ প্ৰশাসনিক অঞ্চল, হৈছে চীনৰ পাৰ্ল নদীৰ ব-দ্বীপ আৰু দক্ষিণ চীন সাগৰৰ দক্ষিণ তীৰত অৱস্থিত এখন স্বায়ত্ত্বশাসিত ৰাজ্য।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১,১৭৮ শব্দ · ৭ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হংকং, চৰকাৰীভাৱে প্ৰজাতান্ত্ৰিক চীনৰ হংকং বিশেষ প্ৰশাসনিক অঞ্চল, হৈছে চীনৰ পাৰ্ল নদীৰ ব-দ্বীপ আৰু দক্ষিণ চীন সাগৰৰ দক্ষিণ তীৰত অৱস্থিত এখন স্বায়ত্ত্বশাসিত ৰাজ্য।১ হংকং ইয়াৰ দিগন্ত ৰেখা আৰু প্ৰাকৃতিক সুগভীৰ বন্দৰৰ বাবে বিখ্যাত২ ইয়াৰ মটিকালি হৈছে ১১০৪ কিমি২ আৰু ইয়াৰ উত্তৰ সীমান্তত মূল চীনৰ গুৱাণ্ডন প্ৰান্ত আছে। প্ৰায় ৭.২ নিযুত নাগৰিকৰ সৈতে, হংকং হৈছে পৃথিৱীৰ আটাইতকৈ জনবহুল মহানগৰ সমূহৰ ভিতৰত এক অন্যতম নগৰ।

নাম

"হংকং" নামটো হৈছে কথিত কেণ্ট'নিজ বা হাক্কা ভাষাৰ 香港 নামৰ প্ৰায় ধ্বনিগত মিল থকা শব্দ, যাৰ অৰ্থ হৈছে "সুগন্ধিত বন্দৰ"।৩ ১৮৪২ চনৰ আগলৈকে, হংকং বুলিলে এবাৰডিন দ্বীপ আৰু হংকং দ্বীপৰ দক্ষিণ অঞ্চলৰ মাজত অৱস্থিত, সেইসময়ৰ ব্ৰিটিছ নাবিক আৰু স্থানীয় মাছমৰীয়াসকলৰ যোগাযোগৰ প্ৰধান কেন্দ্ৰস্বৰূপ এটি সৰু প্ৰৱেশ পথক—বৰ্তমানৰ এবাৰডিন বন্দৰ (香港仔 হয়েং১গং২ জাই২, বা হিয়ং১গং৩জাই৩৪ হংকং হাক্কা ভাষাত, আক্ষৰিক অৰ্থ "ক্ষুদ্ৰ হংকং")—বুজাইছিল।৫

হংকঙৰ বহুকেইটা উপনাম আছে: ইয়াৰ ভিতৰত এটা অতি বিখ্যাত নাম হৈছে, "পূৱদেশৰ মুকুতা", যি ভিক্ট'ৰিয়া বন্দৰৰ দুয়োকাষে থকা আকাশলংঘী অট্টালিকাবোৰৰ আলোকসজ্জাৰ আকৰ্ষণীয় নৈশ দৃশ্যক প্ৰতিফলিত কৰে। ইয়াৰ অন্য এটা জনপ্ৰিয় নাম হৈছে "এছিয়াৰ বিশ্ব নগৰ"।

ইতিহাস

হংকং বা ইয়াৰ বিভিন্ন অঞ্চলসমূহত প্ৰায় ৩৫,০০০ৰ পৰা ৩৯,০০০ বছৰ আগৰে পৰা মানুহৰ বসতি আছিল বুলি তথ্যত পোৱা গৈছে।৬৭৮ চীনৰ চাং সাম্ৰাজ্য কালৰ আঠখন পেট্ৰ'গ্লাইফ ইয়াৰ চাৰিওকাশৰ দ্বীপসমূহত আৱিষ্কাৰ কৰা হৈছিল।৯

প্ৰশাসন

মানৱ অধিকাৰ

হংকং চৰকাৰে নাগৰিকসকলৰ মানৱ অধিকাৰক সন্মান কৰে। ইয়াত প্ৰচাৰ মাধ্যম আৰু এছেম্বলিৰ স্বাধীনতাৰ সীমাবদ্ধতা আছে।১০১১ ৰাজহুৱা স্থানত প্ৰতিবাদকাৰীক কঠোৰ-হাতেৰে দমন কৰিলেও পুলিচক ক্ষমা কৰি দিয়া হয়,১২ আৰু পুলিচৰ এই বৰ্ধিত ক্ষমতা সন্দৰ্ভত বহু মতানক্য আছে।১৩

সম-লিংগীয় অপৰাধৰ বাবে হংকঙত কঠোৰ শাস্তি প্ৰদান কৰা হয়।১৪

হংকং ইণ্টাৰনেট চেঞ্চৰশ্বিপৰ নীতি আৰু নিয়মসমূহ চীনৰ ইণ্টাৰনেট চেঞ্চৰশ্বিপতকৈ পৃথক।১৫

অঞ্চল আৰু জিলাসমূহ

হংকঙক তিনিটা অঞ্চলত ভাগ কৰা হৈছে: হংকং দ্বীপ, কৌলোন, নিউ টেৰিট'ৰিজ। অঞ্চলসমূহক ১৮খন জিলা আছে। জিলাসমূহৰ ৰাজহুৱা সেলৃৱা, সামাজিক আঁচনি, সাংস্কৃতিক কাৰ্যসূচী, আৰু পৰিৱেশৰ উন্নতি আদিৰ বাবে কিছুমান জিলা পৰিষদ আছে।১৬

জিলা পৰিষদসমূহৰ মুঠ ৫৪১খন আসন আছে, ইয়াৰে ৪১২খন আসনৰ প্ৰতিনিধি নিৰ্বাচন কৰা হয়; হাকী সকলক মুখ্য সহকাৰী আৰু গ্ৰাম্য সমিতিৰ ২৭ "অৱসৰ প্ৰাপ্ত" পদাধিকাৰীৰ দ্বাৰা নিয়োগ কৰা হয়।১৬ জিলা কাৰ্যালয়ৰ জৰিয়তে গৃহ বিভাগে জনতাৰ সৈতে চৰকাৰী আঁচনি আৰু পৰিকল্পনাসমূহৰ ৰূপায়ণ কৰে।১৭ হংকঙৰ একতান্ত্ৰিক পদ্ধতিৰ চৰকাৰ আছে; ২০০০ চনত ইয়াৰ দুখন পৌৰ সমিতিৰ ভংগৰে পৰা কোনো স্থানীয় প্ৰশাসন নাই। ইয়াত নগৰ অথবা চহৰৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। জিলাসমূহ হৈছে: ১. দ্বীপসমূহ, ২. ক্বাই ছিং, ৩. উত্তৰ, ৪. ছাই কুং, ৫. ছা টিন, ৬. টাই প', ৭. ছুৱেন ৱান, ৮. টুৱেন মুন, ৯. য়ুৱেন লং, ১০. কৌলুন চিটি, ১১. ক্বুন টং, ১২. ছাম ছুই প', ১৩. ৱং টাই ছিন, ১৪. য়াউ ছিম মং, ১৫. কেন্দ্ৰীয় আৰু পশ্চিম, ১৬. পূৱ, ১৭. দক্ষিণ, ১৮. ৱান চাই

সৈন্যবাহিনী

PLA হংকং গেৰিছন আৰ্ম বেজ
PLA হংকং গেৰিছন আৰ্ম বেজছবি: Tksteven · CC BY 3.0

১৯৯৭ চনৰ ১ জুলাইত হংকঙৰ শাসনভাৰ চীনৰ হাতলৈ হস্তান্তৰ কৰাৰ লগে লগে ব্ৰিটিছ বেৰেকসমূহ স্থল, সমুদ্ৰ আৰু বায়ু সেনাৰে সমৃদ্ধ গেৰিছন অৱ পিপুলছ লিবাৰেশ্বন আৰ্মিৰ দ্বাৰা প্ৰতিষ্ঠাপন কৰা হৈছিল, যাৰ আধিকাৰিত্বত আছিল চীনা চেণ্ট্ৰেল মিলিটেৰী কমিশ্বন।

হংকঙৰ ষষ্ঠোৰ্ধ শিশু সকলৰ বাবে ২০১৫ চনৰ ১ জানুৱাৰীত হংকং আৰ্মি কেডেট এছ'চিয়েশ্বন প্ৰতিষ্ঠা কৰা হয়। উদ্বোধনী অনুষ্ঠান হংকঙৰ PLA নৌ শিবিৰত অনুষ্ঠিত কৰা হৈছিল; কেৱল প্ৰ'-বেইজিং প্ৰেছকহে ইয়ালে আমন্ত্ৰণ কৰা হৈছিল।১৮

ভূগোল আৰু জলবায়ু

গ্ৰাম্য বিকাশ আৰু কৃষিক্ষেত্ৰৰ উপগ্ৰহীয় চিত্ৰ।
গ্ৰাম্য বিকাশ আৰু কৃষিক্ষেত্ৰৰ উপগ্ৰহীয় চিত্ৰ।ছবি: NASA · Public domain

হংকং পাৰ্ল নদীৰ ব-দ্বীপৰ বিপৰীতে মাকাওৰ পৰা 60 কি.মি. পূৱত চীনৰ দক্ষিণ উপকূলত অৱস্থিত। ইয়াৰ পূৱ, দক্ষিণ আৰু পশ্চিমে দক্ষিণ চীন সাগৰে আগুৰি আছে আৰু উত্তৰে ছেনঝেং নদীৰ সিপাৰে ছেনঝেং নগৰ গুৱাণ্ডং আছে। ইয়াৰ কালি 1104 বৰ্গ কি.মি.। ইয়াৰ প্ৰায় ২০০টা দূৰৱৰ্তী দ্বীপ আছে; সৰ্ববৃহৎ দ্বীপ লানটাও। মুঠ কালিৰ, 1054 বৰ্গ কি.মি. হৈছে মাটি আৰু 50 বৰ্গ কি.মি. হৈছে পানী। হংকঙৰ বাৰ্ষিক গড় সূৰ্যৰ পোহৰৰ পৰিমাণ হৈছে ১,৯৪৮ ঘণ্টা,১৯ আনহাতে বৰ্তমানলৈকে Hong Kong Observatoryৰ তথ্যমতে আটাইতকৈ উচ্চতম আৰু নিম্নতম তাপমান হৈছে ক্ৰমে 36.3 and।

জনগাঁঠনি

ছেণ্ট জনছ কেথড্ৰেল, হংকঙৰ আটাইতকৈ পুৰণি গীৰ্জা
ছেণ্ট জনছ কেথড্ৰেল, হংকঙৰ আটাইতকৈ পুৰণি গীৰ্জাছবি: BrokenSphere · CC BY-SA 3.0

, লানটাউ দ্বীপ, হংকং]]

]]

, হংকঙৰ কেথলিক কেথড্ৰেল]]

২০১১ চনৰ মতে হংকঙৰ জনসংখ্যা ৭.০৭ নিযুত। যোৱা পাঁচ বছৰ ধৰি ইয়াৰ বাৰ্ষিক গড় বৃদ্ধি হৈছে ০.৬%তকৈও অধিক।২০ হংকঙৰ বৰ্তমান জনসংখ্যাৰ প্ৰায় ৯৩.৬% লোক থলুৱা চীনাভাষী।২০ গৰিষ্টসংখ্যক কেণ্টনিজভাষী হংকঙীয়ানৰ মূল হৈছে চুবুৰীয়া গুৱাণ্ডং সীমান্ত,২১ যিসকলৰ বেছিভাগেই দ্বিতীয় চীনা-জাপানী যুদ্ধ, চীনা চিভিল ৱাৰ, আৰু চীনৰ সমাজবাদী শাসনৰ সময়ত পলাই আহিছিল।২২২৩২৪২৫

ধৰ্ম

হংকঙৰ গৰিষ্ঠসংখ্যক লোকৰ কোনো ধৰ্ম নাই, ধৰ্মবিহীন বা নাস্তিক।২৬ ইউএছ বিভাগৰ মতে প্ৰায় ৪৩ শতাংশ লোকে যিকোনো ধৰ্ম পালন কৰে।২৭ এক সমীক্ষামতে ইয়াৰ ৬৪% লোকে ইশ্বৰ বিশ্বাস নকৰে,২৮২৯ আৰু সম্ভৱতঃ প্ৰায় ৮০% লোকৰ কোনো ধৰ্ম নাই।৩০

হংকঙত এক উচ্চ পৰ্যায়ৰ ধৰ্মীয় স্বাধীনতা আছে। ইয়াৰ প্ৰধান ধৰ্মবোৰ হৈছে বৌদ্ধ, টাও আৰু কনফুচিয়ান; ইয়াত প্ৰায় ১.৫ নিযুত বৌদ্ধ আৰু টাও ধৰ্মাৱলম্বী লোক আছে।২৭ প্ৰায় ৮,৩৩,০০০ সংখ্যক লোক খ্ৰীষ্টিয়ান, ই মুঠ জনসংখ্যাৰ প্ৰায় ১১.৭%।৩১ ইয়াৰোপৰি হংকঙত শিখ, মুছলমান, যিয়ুইছ, হিন্দু আৰু বাহাই ধৰ্মী লোকো আছে।৩২ ইয়াত ফালোন গং পালন কৰাতো কোনো বাধা নাই।৩৩

ব্যক্তিগত উপাৰ্জন

পৰিসংখ্যামতে হংকঙৰ আয়ৰ বৈষম্য এছিয়া পেছিফিকৰ ভিতৰত সৰ্বাধিক। ৰাষ্ট্ৰ সংঘৰ মানৱ সংস্থাপন আঁচনি, ২০০৮ৰ মতে হংকঙৰ Gini coefficient হৈছে ০.৫৩, যিটো এছিয়াৰ সৰ্বাধিক আৰু "আন্তঃৰাষ্ট্ৰীয় মানৰ তুলনাত উচ্চ"।৩৪৩৫

শিক্ষা

হংকং বিশ্ববিদ্যালয়
হংকং বিশ্ববিদ্যালয়ছবি: Baycrest · CC BY-SA 2.5

আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা থকাৰ পিছতো, হংকঙৰ শিক্ষা ব্যৱস্থাই ইংলেণ্ডৰ ব্যৱস্থা৩৬ অনুসৰণ কৰে। "মাতৃ ভাষাত শিক্ষা" প্ৰদানৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষ আঁচনি গ্ৰহণ কৰা হয়, যিবোৰত "শিক্ষাৰ মাধ্যম" হৈছে লিখিত চীনা আৰু ইংৰাজীৰ সৈতে কেণ্ট'নিজ,৩৭ অৱশ্যে কিছুমান বিদ্যালয়ৰ শিক্ষাদানত ইংৰাজী ব্যৱহৃত হয়।

স্বাস্থ্য

হংকংত ১৩খন ব্যক্তিগত চিকিৎসালয় আৰু প্ৰায় ৪০ খনতকৈও অধিক ৰাজহুৱা চিকিৎসালয় আছে।৩৮ ব্যক্তিগত আৰু ৰাজহুৱা স্বাস্থ্যসেৱাৰ মাজত কিছু আভ্যন্তৰিণ সমন্বয় আছে।৩৯ এই চিকিৎসালয়বোৰে এক বিশাল পৰিসৰৰ স্বাস্থ্যসেৱা উপলব্ধ কৰোৱাই আৰু ইয়াৰে কেইখনমান ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসাসেৱাৰ মান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বুলি বিবেচনা কৰা হয়।৪০

দেশখনত দুখন চিকিৎসা বিদ্যালয় আছে, এখন হংকঙৰ চীনা বিশ্ববিদ্যালয় আৰু আনখন হংকং বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।৪১৪২ ৰাজহুৱা চিকিৎসালয়ৰ লগত দুয়োখন অনুষ্ঠানৰে যোগসূত্ৰ আছে।৪১৪৩ স্নাতকোত্তৰ শিক্ষাৰ ক্ষেত্ৰত উন্নত প্ৰশিক্ষণৰ বাবে বহু চিকিৎকে বহিঃদেশলৈ গমন কৰে, আৰু বহুতে MRCP(UK) আৰু MRCS(UK)ৰ দৰে ব্ৰিটিছ ৰয়েল ক'লেজৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। যিকিনহওক, বৰ্তমান হংকংৰ নিজাকে চিকিৎসাবিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষানুষ্ঠান গঢ়ি উঠিছে। বিশেষকৈ হংকং একাডেমি অৱ মেডিচিন হৈছে এনে অনুষ্ঠানৰ ভিতৰত অন্যতম। এই অনুষ্ঠানখনে লাহে লাহে দেশখনৰ সকলো স্নাতকোত্তৰ মেডিকেল প্ৰশিক্ষণৰ দায়িত্ব বহন কৰিবলৈ অগ্ৰসৰ হৈছে।

সংস্কৃতি

হংকঙক প্ৰায়ে "পূৱ-পশ্চিমৰ সমন্বয়"ৰ স্থান বুলি কোৱা হয়, ইয়াৰ সংস্কৃতিত মূল চীনা সংস্কৃতিৰ ওপৰত ব্ৰিটিছ উপনিৱেশ কালৰ প্ৰভাৱ স্পষ্টকৈ প্ৰতিফলিত হয়।৪৪ ফেং ছুইৰ দৰে ধাৰণা সমূহক গম্ভীৰতাৰে লোৱা হয়, অতি খৰচী নিৰ্মাণ প্ৰকল্পৰ বাবে প্ৰায়ে দক্ষ লোকক নিমন্ত্ৰণ কৰি অনা হয়, আৰু কোনো ব্যৱসায়ৰ উন্নতি তথা ধংশত ইয়াৰ প্ৰভাৱ মানি লোৱা দেখা যায়।৪৫ বেয়া আত্মাৰ প্ৰভাৱ নাইকিয়া কৰিবলৈ এতিয়াও বা গোৱা আইনাৰ ব্যৱহাৰৰ দৰে অন্য বস্তুবোৰৰ সততে ব্যৱহাৰ কৰা দেখা যায়,৪৬ আৰু যিকোনো ঘৰ বা অট্টালিকাত ৪ সংখ্যাটো ব্যৱহাৰ কৰা দেখা নেযায়,৪৭ কিয়নো কেণ্ট'নিজ ভাষাত ইয়াৰ সাদৃশ্য "মৃত্যু"ৰ সৈতে আছে।৪৮ পূৱ আৰু পশ্চিমৰ সমন্বয়ে হংকঙৰ খাদ্যাভাষতো বৈশিষ্ট্য প্ৰদান কৰিছে, ইয়াৰ ৰেষ্টুৰেণ্টবোৰত হাউটি খাদ্যাভাষৰ সমান্তৰালভাৱে ডিম চাম, হ'ট পট, আৰু ফাষ্ট ফুড আদিৰ সংমিশ্ৰণ দেখা পোৱা যায়।৪৯

হংকঙক বাণিজ্যৰ গোলকীয় কেন্দ্ৰ বুলি কোৱা হয় আৰু ইয়াৰ লোক সকলে ইয়াক এক "মনোৰঞ্জন কেন্দ্ৰ" বুলি কয়।৫০ ইয়াৰ সমৰ কলা বিষয়ৰ চলচ্চিত্ৰ সমূহে ১৯৬০ আৰু ১৯৭০ দশকৰে পৰা এক উচ্চ স্তৰৰ জনপ্ৰিয়তা লাভ কৰি আহিছে। ব্ৰুছ লী, জেকি চান, চাও য়ুন-ফাট, মিচেল য়ে, মেগী চেয়ুং আৰু জেট লিৰ দৰে বহুতো হলিউড অভিনেতা, তথা সমৰ কলাবিদ হংকঙৰে পৰা বিকশিত হৈছে। জন ৱো, ৱং কাৰ-ৱেই, আৰু ষ্টিফেন চাওৰ দৰে বহু চিত্ৰ-নিৰ্মাতাই হলিউডত এক বিশাল স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।৫০ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা কিছুমান হংকঙৰ চলচ্চিত্ৰ হৈছে: চুংকি এক্সপ্ৰেছ, ইণ্ফাৰ্নেল এফেয়াৰ্ছ, ছাওলিন ছ'কাৰ, ৰাম্বল ইন দ্য ব্ৰ'ঞ্জ, ইন দ্য মুড ফৰ ল'ভ, ইক'জ অৱ দ্য ৰেইন্ ব' আদি। হংকং হৈছে, চীনা সংগীত আৰু পশ্চিমীয়া সংগীতৰ প্ৰভাৱত সৃষ্টি হোৱা আৰু বিশ্বব্যাপী অনেক গুণমুগ্ধৰে সমৃদ্ধ কেণ্ট'প'প সংগীতৰ কেন্দ্ৰ স্থল।৫১

ক্ৰীড়া

বছৰি মাৰ্চৰ শেষৰ ফালে অনুষ্ঠিত হংকং ছেভেনক ৰাগবি ছেভেনছ প্ৰতিযোগিতাৰ IRB ছেভেনছ ৱৰ্ল্ড ছিৰিজ হিচাপে গণ্য কৰা হয়।
বছৰি মাৰ্চৰ শেষৰ ফালে অনুষ্ঠিত হংকং ছেভেনক ৰাগবি ছেভেনছ প্ৰতিযোগিতাৰ IRB ছেভেনছ ৱৰ্ল্ড ছিৰিজ হিচাপে গণ্য কৰা হয়।ছবি: Jon Parise · CC BY-SA 2.0

হংকং সংস্কৃতিৰ এটা অন্য বৈশিষ্টপূৰ্ণ দিশ হৈছে ক্ৰীড়া। ফুটবল, বাস্কেট বল, সাঁতুৰ, বেডমিণ্টন, টেবল টেনিছ, চাইক্লিং, আৰু দৌৰ হংকঙত অতি জনপ্ৰিয়। ২০০৯ চনত, হংকঙে পঞ্চম ইষ্ট এছিয়ান গেইমছ অনুষ্ঠিত কৰিছিল। ইয়াত অনুষ্ঠিত হোৱা অন্য কিছুমান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হৈছে, ইকুৱেষ্টেৰিয়ান এট দ্য 2008 ছামাৰ অলিম্পিকছ্, হংকং ছেভেন, হংকং মাৰাথন, AFC এছিয়ান কাপ, EAFF ইষ্ট এছিয়ান কাপ, হংকং টেনিছ ক্লাছিক, প্ৰিমিয়াৰ লীগ এছিয়া ট্ৰ'ফি, আৰু লুনাৰ নিউ ইয়েৰ কাপ আদি। ২০১০ চনত বিশ্বৰ শীৰ্ষ ২০ জন এথলীটৰ ভিতৰত হংকঙৰ সাতবিধ ক্ৰীড়াৰ ৩২ জনে স্থান লাভ কৰিছিল আৰু ছবিধ ক্ৰীড়াৰ ২৯ জনে এছিয়াৰ শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছিল। ২০০৯ চনত হংকংৰ প্ৰতিবন্ধী এথলীটেও চাৰিখন বিশ্ব প্ৰতিযোগিতা আৰু দুখন এছিয়াৰ প্ৰতিযোগিতা জয় কৰিছিল।৫২

স্থপত্য

হংকঙত প্ৰায় ১,২২৩টা গগন চুম্বী অট্টালিকা আছে।

তথ্যসূত্ৰ

  1. ↑ Geography and Climate, Hong Kong. Census and Statistics Department, Hong Kong Government
  2. ↑ Ash, Russell. (2006). The Top 10 of Everything 2007. Hamlyn. পৃ. 78. ISBN 0-600-61532-4
  3. ↑ Room, Adrian. (2005). Placenames of the World. McFarland & Company. পৃ. 168. ISBN 0-7864-2248-3
  4. ↑ It is Hong Kong Hakka language.http://www.hkilang.org/NEW_WEB/page/dict_hantzu HK Hakka-Punti-Cantonese Online Dictionary
  5. ↑ Bishop, Kevin; Roberts, Annabel. (1997). China's Imperial Way. China Books and Periodicals. পৃ. 218. ISBN 962-217-511-2
  6. ↑ (January 2006). The Trial Excavation at the Archaeological Site of Wong Tei Tung, Sham Chung, Hong Kong SAR. Hong Kong Archaeological Society
  7. ↑ (17 February 2006). zh:港現舊石器製造場 嶺南或為我發源地. People's Daily
  8. ↑ Tang, Chung. (2005). zh:考古與香港尋根. New Asia Monthly. New Asia College. পৃ. 6–8
  9. ↑ (13 January 2010). Declared Monuments in Hong Kong – New Territories. Leisure and Cultural Services Department, Hong Kong Government
  10. ↑ 2008 Human Rights Report: China (Hong Kong). US Department of State
  11. ↑ Same-Sex Marriage / Civil partnership. FamilyCLIC.hk
  12. ↑ (17 January 2010). Protest against HK rail link. The Straits Times
  13. ↑ www.legco.gov.hk/yr03-04/english/counmtg/hansard
  14. ↑ Sexual Orientation and Human Rights in Hong Kong. Hong Kong Human Rights Monitor
  15. ↑ Barme, Geremie R.; Ye, Sang. (1 February 1996). The Great Firewall of China. Wired.com
  16. ↑ Hong Kong– The Facts: District Administration. Hong Kong Government
  17. ↑ (30 June 2009). Mission. Home Affairs Department, Hong Kong Government
  18. ↑ (15 January 2015). Mystery surrounds new Hong Kong army cadet force inaugurated at PLA base. SCMP Hong Kong
  19. ↑ (27 February 2008). Hong Kong in Figures 2008 Edition. Census and Statistics Department, Hong Kong Government
  20. ↑ (February 2012). 2011 Population Census – Summary Results. Census and Statistics Department
  21. ↑ Fan Shuh Ching. (1974). The Population of Hong Kong. World Population Year. Committee for International Coordination of National Research in Demography. পৃ. 18–20
  22. ↑ (18 June 2013). A history of refugees in Hong Kong. Time Out Hong Kong
  23. ↑ (2002). Lonely Planet Hong Kong. Lonely Planet. পৃ. 16. ISBN 1864502304
  24. ↑ Veterans who fled mainland for Hong Kong in 1970s tell their stories. South China Morning Post
  25. ↑ Carroll, John. (2007). A Concise History of Hong Kong. Rowman & Littlefield. পৃ. 127. ISBN 978-0742534223
  26. ↑ (1 July 1997). Hong Kong. Bmm.org
  27. ↑ China (Includes Tibet, Hong Kong, Macau). State.gov
  28. ↑ Carballo, Marita. RELIGION IN THE WORLD AT THE END OF THE MILLENNIUM. Gallup International Association
  29. ↑ Apostasy. Countdown.org
  30. ↑ (14 January 2010). Do Hong Kong youth know how to practice safe sex?. Slidefinder.net
  31. ↑ Hong Kong Year Book (2010): Chapter 18 – Religion and Custom
  32. ↑ (2007). International Religious Freedom Report 2007 – Hong Kong. United States Department of State
  33. ↑ (2006). International Religious Freedom Report 2006 – Hong Kong. United States Department of State
  34. ↑ Piboontanasawat, Nipa. (23 October 2008). Hong Kong Has Highest Income Disparity in Asia, UN Report Says. Bloomberg
  35. ↑ (2009). State of the World's Cities 2008/2009. United Nations Human Settlements Programme
  36. ↑ Chan, Shun-hing; Leung, Beatrice. (2003). Changing Church and State Relations in Hong Kong, 1950–2000. Hong Kong University Press. পৃ. 24. ISBN 962-209-612-3
  37. ↑ zh:母語教學小冊子. Education Bureau, Hong Kong Government
  38. ↑ Clusters, Hospitals & Institutions. Hospital Authority
  39. ↑ Health & safety. Lonely Planet
  40. ↑ Private Hospitals in Hong Kong. The New Economy
  41. ↑ Milestones. Chinese University of Hong Kong
  42. ↑ Education. University of Hong Kong
  43. ↑ Educational objectives. University of Hong Kong
  44. ↑ (8 March 2009). 24 hours in Hong Kong: Urban thrills where East meets West. CNN
  45. ↑ (17 February 2009). Feng shui used in 90% of RP businesses. Philippine Daily Inquirer
  46. ↑ Fowler, Jeaneane D.; Fowler, Merv. (2008). Chinese Religions: Beliefs and Practices. Sussex Academic Press. পৃ. 263. ISBN 978-1-84519-172-6
  47. ↑ Xi, Xu; Ingham, Mike. (2003). City Voices: Hong Kong writing in English, 1945–present. Hong Kong University Press. পৃ. 181. ISBN 978-962-209-605-9
  48. ↑ Chan, Cecilia; Chow, Amy. (2006). Death, Dying and Bereavement: a Hong Kong Chinese Experience. Hong Kong University Press. পৃ. 3. ISBN 978-962-209-787-2
  49. ↑ Stone, Andrew; Chow, Chung Wah; Ho, Reggie. (15 January 2008). Hong Kong and Macau. Lonely Planet. পৃ. 7. ISBN 978-1-74104-665-6
  50. ↑ (23 March 2007). Hong Kong calls itself Asia's entertainment hub. Monsters and Critics
  51. ↑ Corliss, Richard. (24 September 2001). Hong Kong music circles the globe with its easy-listening hits and stars. Time
  52. ↑ (October 2010). Legislative Council Panel on Home Affairs Sports Development Policy and Objectives. Home Affairs Bureau

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হংকং” প্ৰবন্ধৰ সংশোধন ৬৩১১৪৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।