অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উত্তৰ আমেৰিকা

উত্তৰ আমেৰিকা (North America; América del Norte বা Norteamérica; Amérique du Nord; Noord-Amerika; Nort Amerika; Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত।

হালনাগাদ: ৩ ছেপ্তেম্বৰ ২০২৫ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

উত্তৰ আমেৰিকা (North America; América del Norte বা Norteamérica; Amérique du Nord; Noord-Amerika; Nort Amerika; Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ।১ মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলাণ্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্ৰশান্ত মহাসাগৰ অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত দক্ষিণ আমেৰিকা মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বৰ্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি। মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (The Americas) বুলা হয়।

ৰাষ্ট্ৰসমূহ

এণ্টিগুৱা আৰু বাৰ্বুডাৰ পতাকাবাহামাৰ পতাকাবাৰ্বাদোজৰ পতাকাবেলিজৰ পতাকাকানাডাৰ পতাকাকোষ্টা ৰিকাৰ পতাকাকিউবাৰ পতাকাডোমিনিকাৰ পতাকা* এণ্টিগুৱা আৰু বাৰ্বুডা * বাহামা * বাৰ্বাদোজ * বেলিজ * কানাডা * কোষ্টা ৰিকা * কিউবা * ড'মিনিকা* ড'মিনিকান প্ৰজাতন্ত্ৰ * এল চালভাদৰ * গ্ৰানাডা * গুৱাতেমালা * হাইতি * হণ্ডুৰাচ * জামাইকা * মেক্সিকো* নিকাৰাগুৱা * পানামা * চেণ্ট কিটচ আৰু নেভিচ * চেণ্ট লুচিয়া * চেণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডাইন দ্বীপপুঞ্জ * ত্ৰিনিদাদ আৰু টোবাগো * আমেৰিকা যুক্তৰাষ্ট্ৰ

অঞ্চলসমূহ

এই অংশত সাৰ্বভৌমত্ব নথকা, কিন্তু ওপৰত উল্লিখিত ৰাষ্ট্ৰসমূহৰ অংশ নোহোৱা অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

পৰাধীন অঞ্চল

* অংগুইলা (যুক্তৰাজ্য) * আৰুবা (নেডাৰলেণ্ড সাম্ৰাজ্য) * বাজো নুইভ বেঙ্ক (যুক্তৰাষ্ট্ৰ) * বাৰ্মুদা (যুক্তৰাজ্য) * ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ (যুক্তৰাজ্য) * কেমন দ্বীপপুঞ্জ (যুক্তৰাজ্য) * ক্লিপাৰটন দ্বীপপুঞ্জ (ফ্ৰান্স)* কুৰচাবো (নেডাৰলেণ্ড সাম্ৰাজ্য) * গ্ৰীনলেণ্ড (ডেনমাৰ্ক) * মণ্টচেৰ্ৰাট (যুক্তৰাজ্য) * নাবাসা দ্বীপ (যুক্তৰাষ্ট্ৰ) * পুয়েৰ্তো ৰিকো (যুক্তৰাষ্ট্ৰ) * চেণ্ট বাৰ্থেলমী (ফ্ৰান্স) * চেণ্ট মাৰ্টিন (ফ্ৰান্স)* চেণ্ট প্যেৰ আৰু মিকালোঁ (ফ্ৰান্স) * চেৰানিল্লা বেঙ্ক (যুক্তৰাষ্ট্ৰ) * চিণ্ট মৰ্টেন (নেডাৰলেণ্ড সাম্ৰাজ্য) * টাৰ্কচ আৰু কেইকোচ দ্বীপপুঞ্জ (যুক্তৰাজ্য) * আমেৰিকান ভাৰ্জিন দ্বীপপুঞ্জ (যুক্তৰাষ্ট্ৰ)

আন অঞ্চল

* বৌনাৰ (নেডাৰলেণ্ড) * গুয়াদলুপ (ফ্ৰান্স) * মাৰ্টিনিক (ফ্ৰান্স) * চেবা (নেডাৰলেণ্ড)* চেন এণ্ড্ৰেছ আৰু প্ৰভিদেঞ্চিয়া (কলম্বিয়া) * চিণ্ট ইউষ্টাটিয়াচ (নেডাৰলেণ্ড) * ফেডেৰেল ডিপেণ্ডেচিচ অফ ভেনিজুৱেলা (ভেনিজুৱেলা)

চহৰসমূহ

জনসংখ্যা অনুসৰি উত্তৰ আমেৰিকাৰ বৃহত্তম নগৰসমূহ:

  1. মেক্সিকো চহৰ (মেক্সিকো)
  2. নিউয়ৰ্ক (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  3. লচ এঞ্জেলচ (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  4. চেণ্টো ডমিংগো (ডোমেনিকান প্ৰজাতন্ত্ৰ)
  5. চিকাগো (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  6. টৰোণ্টো (কানাডা)
  7. হাভানা (কিউবা)
  8. হিউষ্টন (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  9. মণ্টৰিয়েল (কানাডা)
  10. এক্টেপেক দি মৰেলোচ (মেক্সিকো)

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ United Nations Statistics Division- Standard Country and Area Codes Classifications (M49). United Nations Statistics Division

সম্পৰ্কিত শ্ৰেণী

মহাদেশআমেৰিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ আমেৰিকা” প্ৰবন্ধৰ সংশোধন ৫৩৭০৫৪ (৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।