মল্লপল্লী:Mallappally কেৰেলাৰ পাঠানমথিত্তা জিলাৰ মল্লপল্লী তালুকৰ মল্লপল্লী গ্ৰাম পঞ্চায়তৰ এখন লোকপিয়ল গাঁও। এই গাঁও খন তিৰুভাল্লা ৰাজহ সংমণ্ডল আৰু তিৰুভাল্লা বিধানসভা সমষ্টিৰ অন্তৰ্গত। ইয়াৰ নিকটতম ৰেল ষ্টেচন থিৰুভাল্লা আৰু ই মল্লপল্লীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি মালাপল্লীৰ জনসংখ্যা ১৭,৬৯৩ জন আছিল।১
মালাপ্পল্লী বহুতো প্ৰবাসী ভাৰতীয় (NRI)-ৰ আদি বাসস্থান হিচাপে পৰিচিত। ভাৰতৰ ভিতৰত এই অঞ্চলত জনসংখ্যা বৃদ্ধিৰ হাৰ অন্যতম নিম্ন আৰু সাক্ষৰতাৰ হাৰ অন্যতম উচ্চ।
ব্যুৎপত্তি
"মল্লপল্লী " নামটো মালয়ালম ভাষাৰ മല്ലൻ (Mallan) অৰ্থাৎ মল্লযুঁদ্ধা বা পেহেলৱান আৰু പള്ളി (palli) অৰ্থাৎ মন্দিৰ বা উপাসনাস্থলী শব্দ দুটাৰ পৰা উৎপত্তি হোৱা বুলি ধৰা হয়।
জনসংখ্যা
২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি, মল্লপল্লীৰ জনসংখ্যা আছিল ১৭,৬০৩ জন। ইয়াত প্ৰতি ১,০০০ জন পুৰুষৰ বিপৰীতে ১,১০৮ জন মহিলা আছে। ৬ বছৰৰ তলৰ শিশুৰ সংখ্যা মুঠ জনসংখ্যাৰ ৭.২৫%।
অনুসূচিত জাতিৰ লোকসংখ্যা মুঠ জনসংখ্যাৰ ৮.৯৬%, আৰু অনুসূচিত জনজাতিৰ লোকসংখ্যা ১.০১%।
মল্লপল্লীৰ মুঠ সাক্ষৰতাৰ হাৰ ৯৬.৯২%। ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৬.৮৫% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৯৬.৯৯%। এই সাক্ষৰতাৰ হাৰ কেৰালা ৰাজ্যৰ গড় (৯৪%) আৰু ভাৰতৰ ৰাষ্ট্ৰীয় গড় (৭৪.০৪%)তকৈ অধিক।২
সংস্কৃতি
মল্লপল্লী কেৰালাৰ বহু বিশিষ্ট খ্ৰীষ্টান ধৰ্মগুৰুৰ জন্মস্থান। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হৈছে ভাট্টাচেৰিল চেণ্ট ডায়োনিচিয়াছ, ভালাকুঝি যোচেফ চেভেৰিঅ’ছ, কাৰ্ডিনেল বেচেলিঅ’ছ ক্লিমিছ আৰু মেথিউছ মাৰ চেৰাফিম এপিস্কোপা।৩৪৫
উপাসনাস্থলী
পাথিকাডু চেণ্ট পিটাৰ্ছ এণ্ড চেণ্ট প’লছ অৰ্থডক্স গীৰ্জা ১৮৮৮ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। এই গীৰ্জাখন চহৰৰ কেন্দ্ৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত অৱস্থিত। গীৰ্জাখনৰ আধাৰশিলা চেণ্ট গ্ৰেগৰিঅ’ছ অৱ পাৰুমালাই স্থাপন কৰিছিল।
মল্লপল্লীত অৱস্থিত থিৰুমালিদা মহাদেৱ মন্দিৰ ভগৱান শিৱৰ থিৰুমালিদা মহাদেৱন ৰূপলৈ উৎসৰ্গিত। মন্দিৰটো মানিমালা নদীৰ পাৰত মনোৰম পৰিৱেশত অৱস্থিত। ইয়াৰ বাৰ্ষিক মহা শিৱৰাত্ৰি উৎসৱ অতি জাকজমকতাৰে উদ্যাপন কৰা হয় আৰু ইয়াত আশে-পাশৰ বিভিন্ন অঞ্চলৰ পৰা অসংখ্য ভক্তৰ সমাগম ঘটে।
উৎসৱ
প্ৰতি বছৰে গ্ৰীষ্মকালত নদীৰ পানীৰ স্তৰ হ্ৰাস পোৱাৰ পিছত নদীৰ মাজভাগত বহুতো ডাঙৰ বালিচৰ গঠন হয়। এই বালিচৰসমূহত বিভিন্ন ধৰ্মীয় সমাৱেশ, মেলা আৰু উৎসৱ আয়োজন কৰা হয়। এই উৎসৱসমূহত মল্লপল্লী আৰু থিৰুভাল্লা তালুকৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক সমবেত হয়।
চাওক
- মল্লপল্লী তালুক
- আনিক্কাট্টিলাম্মা ক্ষেত্ৰম
তথ্যসূত্ৰ
- ↑ 2011 Census of India
- ↑ 2011 Census of India
- ↑ St. Vattasseril Geevarghese Mar Dionysius. Marthoman.tv
- ↑ Valakuzhy Joseph_Mar_Severios.html ValakuzhyJoseph_Mar_Severios. Malankaracatholicchurch.net
- ↑ hierarchy_home. Catholicate.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মল্লপল্লী” প্ৰবন্ধৰ সংশোধন ৬২৯০২৮ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।