অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভিটিলা

ভিটিলা (ইংৰাজী: Vyttila) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল। ই দক্ষিণ কোচিৰ এক প্ৰধান কেন্দ্ৰবিন্দু। ইয়াৰ ভিটিলা জংচন কেৰালাৰ আটাইতকৈ ব্যস্ত আৰু সৰ্ববৃহৎ পথ সংযোগস্থল। এই জংচনটোৱে কেৰালাৰ প্ৰধান উত্তৰ-দক্ষিণ ধমনী স্বৰূপ কোচি বাইপাছক চহৰখনৰ আন তিনখন প্ৰধান পথ— এছ. এ.

হালনাগাদ: ১৪ আগষ্ট ২০২৬ ৪৬৪ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
ভিটিলা কেৰালা ৰাজ্যৰ অন্যতম প্ৰধান সংযোগস্থল (জংচন)
ভিটিলা কেৰালা ৰাজ্যৰ অন্যতম প্ৰধান সংযোগস্থল (জংচন)ছবি: Austria156 at English Wikipedia · CC BY-SA 3.0

ভিটিলা (ইংৰাজী ভাষা: Vyttila) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল।১২ ই দক্ষিণ কোচিৰ এক প্ৰধান কেন্দ্ৰবিন্দু। ইয়াৰ ভিটিলা জংচন কেৰালাৰ আটাইতকৈ ব্যস্ত আৰু সৰ্ববৃহৎ পথ সংযোগস্থল।৩ এই জংচনটোৱে কেৰালাৰ প্ৰধান উত্তৰ-দক্ষিণ ধমনী স্বৰূপ কোচি বাইপাছক চহৰখনৰ আন তিনখন প্ৰধান পথ— এছ. এ. ৰোড, ভিটিলা-পেট্টা ৰোড আৰু থাম্মানাম ৰোডৰ সৈতে সংযোগ কৰে।

ভিটিলা নামটো "ৱায়েল থলা" শব্দৰপৰা উদ্ভৱ হৈছে বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে ধানখেতি পথাৰৰ প্ৰধান অংশ। এসময়ত ইলামকুলামকে ধৰি এই সমগ্ৰ অঞ্চলটো ধানখেতিৰ পথাৰ আছিল আৰু কৃষিয়েই আছিল স্থানীয় লোকৰ জীৱিকাৰ প্ৰধান উৎস।

১৯৬৭ চনলৈকে ভিটিলা এখন গ্ৰাম পঞ্চায়ত আছিল। ১৯৬৭ চনৰ নৱেম্বৰ মাহত কেৰালা বিধানসভাৰ এক আদেশ মৰ্মে ভিটিলাক নতুনকৈ গঠিত কোচি পৌৰ নিগামৰ অন্তৰ্ভুক্ত কৰা হয়।

ভিটিলা সংযোগী পথৰ এক দৃশ্য
ভিটিলা সংযোগী পথৰ এক দৃশ্যছবি: Casianjoseph · Public domain

ভিটিলা মবিলিটি হাব

ভিটিলা মবিলিটি হাবৰ এক দৃশ্য
ভিটিলা মবিলিটি হাবৰ এক দৃশ্যছবি: Augustus Binu/ www.dreamsparrow.net/ facebook · CC BY-SA 3.0

ভিটিলাত বিখ্যাত ভিটিলা মবিলিটি হাব অৱস্থিত। এই কেন্দ্ৰটোৱে কোচি চহৰৰ বিভিন্ন পৰিবহণ ব্যৱস্থা যেনে স্থানীয় তথা দূৰণিবটীয়া বাছ সেৱা, ৰে’লৱে, কোচি মেট্ৰ’ আৰু অন্তৰ্দেশীয় জল পৰিবহণক একেটা স্থানতে একত্ৰিত কৰে। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ বাছ টাৰ্মিনেলটো ২০১১ চনৰ ২৬ ফেব্ৰুৱাৰীত মুকলি কৰা হয়। এই মবিলিটি হাবটোৱে কোচি চহৰক ইয়াৰ চুবুৰীয়া জিলাসমূহ যেনে থ্ৰিচূৰ, আলাপ্পুঝা, কোট্টায়ম আৰু ইদুক্কিৰ সৈতে সংযোগ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কোচি বাইপাছ

জাতীয় ঘাইপথ ৬৬-ৰ আৰোৰ-এদাপল্লী অংশটো প্ৰথমতে কোচি চহৰৰ যান-জঁট এৰাই চলিবলৈ 'বাইপাছ' হিচাপে নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান চহৰৰ পৰিসৰ বৃদ্ধি পোৱাৰ বাবে ই এখন ব্যস্ত চহৰীয়া পথত পৰিণত হৈছে। এই বাইপাছত অৱস্থিত ভিটিলা জংচনটো কেৰালা ৰাজ্যৰ আটাইতকৈ ডাঙৰ পথ সংযোগস্থল। ২০২১ চনত যান-জঁটৰ সমস্যা হ্ৰাস কৰিবলৈ ইয়াত ভিটিলা ফ্লাইঅভাৰ মুকলি কৰা হয়।

হৰতালৰদিনা ভিটিলা জংচনৰ এক দৃশ্য (২০১৩)
হৰতালৰদিনা ভিটিলা জংচনৰ এক দৃশ্য (২০১৩)ছবি: Augustus Binu/ www.dreamsparrow.net/ facebook · CC BY-SA 3.0

স্বাস্থ্য আৰু শিক্ষা

ভিটিলাত ৱেলকেয়াৰ হাস্পতাল আৰু 'মাদাৰ এণ্ড চাইল্ড হাস্পতাল'ৰ দৰে প্ৰধান চিকিৎসা প্ৰতিষ্ঠানসমূহ অৱস্থিত। ইয়াৰ উপৰি টোক এইচ পাব্লিক স্কুল, চেইণ্ট ৰীটাছ হাইস্কুল আৰু চি.কে.চি.এল.পি.এছ আদি প্ৰখ্যাত শিক্ষানুষ্ঠানসমূহ ইয়াত অৱস্থিত।

বিদ্যালয়সমূহ

ভিটিলাত তলত উল্লেখ কৰা বিদ্যালয়সমূহ অৱস্থিত:

  • টোক এইচ পাব্লিক স্কুল
  • চি.কে.চি. বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, পুন্নুৰুন্নী
  • চেইণ্ট ৰীটাছ হাইস্কুল, পুন্নুৰুন্নী
  • নালন্দা পাব্লিক স্কুল, থাম্মানাম

বিদেশী ভাষাৰ মহাবিদ্যালয়

  • ট্ৰম একাডেমী ফৰ জাৰ্মান এণ্ড ফ্ৰেন্স লেংগুৱেজেছ
  • মেনন

উপাসনা স্থলসমূহ

  • শ্ৰী নাৰায়ণেশ্বৰম মন্দিৰ, পুন্নুৰুন্নী
  • কাভালামপিল্লিল নীলিনগাট্টু ভগৱতী মন্দিৰ
  • ভিটিলা শিৱ সুব্ৰমণিয়া মন্দিৰ
  • আইয়ামপিল্লিকাভু দেৱী মন্দিৰ
  • কাভালামপিল্লী ধৰ্ম দেৱ মন্দিৰ, জুনিয়ৰ জনতা ৰোড
  • চেইণ্ট পেট্ৰিক গীৰ্জা, ভিটিলা
  • চেইণ্ট ৰাফেল গীৰ্জা, থাইককডাম
  • চেইণ্ট গ্ৰেগৰিয়াছ অৰ্থডক্স চিৰিয়ান গীৰ্জা, শ্বাইন ৰোড, ভিটিলা
  • আৱাৰ লেডী অৱ হেল্থ গীৰ্জা, চালিক্কাভাট্টোম
  • চেইণ্ট জোচেফ শ্ৰাইন, মেজৰ ৰোড
  • শ্বেৰণ ফেল’শ্বিপ গীৰ্জা, কে.এছ.ই.বি. কাৰ্যালয়ৰ বিপৰীতে, ভিটিলা
  • শ্বেৰণ ফেল’শ্বিপ গীৰ্জা, থাইকুডাম
  • ইগ্নেটিয়াস নুৰোনো জেকোপাইট গীৰ্জা, পুন্নুৰুন্নী
  • চালিক্কাভাট্টোম জুমা মছজিদ
  • ইৰুৰ জুমা মছজিদ
  • চেলফি মছজিদ, ভিটিলা

প্ৰতিৱেশী অঞ্চলসমূহ

জনতা, পাৱাৰ-হাউচ, থাইককডাম, কানীয়ামপুঝা আৰু পুন্নুৰুন্নী আদি অঞ্চলসমূহ ভিটিলাৰ নিচেই কাষতে অৱস্থিত। বৰ্তমান ভিটিলা এক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে। অৱশ্যে জংচন বা সংযোগস্থলৰ আশে-পাশে থকা অঞ্চলসমূহত এতিয়াও ঘন জনবসতি দেখিবলৈ পোৱা যায়।

এছ. এ. ৰোড আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বহুতো আৱাসিক অট্টালিকা গঢ়ি উঠিছে। ভিটিলাৰ প্ৰতিটো এলেকাতে একোটাকৈ আৱাসিক সংস্থা আছে। ইয়াৰ ভিতৰত ভিটিলা ৰেচিডেণ্টছ ৱেলফেয়াৰ এছ’চিয়েচন আটাইতকৈ প্ৰধান। মাপলাচেৰী ৰোডত মুখ্য কাৰ্যালয় থকা এই সন্থাই মেপলাচেৰী ৰোড আৰু বেংক ৰোডক সীমা হিচাপে লৈ ভিটিলা জংচনৰ সমগ্ৰ দক্ষিণ-পশ্চিম অঞ্চল সামৰি লৈছে।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Vyttila, Kochi Corporation, Ernakulam District, Kerala, India. Kerala Tourism
  2. ↑ Kochi Water Metro · Vytilla. Kochi Water Metro
  3. ↑ Staff Reporter. (2018-04-07). Unprecedented traffic jam at Vyttila. The Hindu

সম্পৰ্কিত শ্ৰেণী

কোচিকেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিটিলা” প্ৰবন্ধৰ সংশোধন ৬২৬৯৯৮ (১৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।