অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভাৰতৰ সংৰক্ষিত আৰু নিষিদ্ধ অঞ্চল

বিদেশী (সংৰক্ষিত অঞ্চল) আইন, ১৯৫৮ত উল্লেখ কৰা হৈছে যে, ভাৰতৰ কিছুমান অঞ্চল (মূলতঃ উত্তৰ-পূব ভাৰতৰ) ভ্ৰমণ কৰিবলৈ অনা-ভাৰতীয় নাগৰিকৰ বাবে সংৰক্ষিত এলেকাৰ অনুমতি (PAP)ৰ প্ৰয়োজন। এই অনুমতি পত্ৰ লাভ কৰিবলৈ হ’লে কিছুমান বিশেষ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বিদেশী (সংৰক্ষিত অঞ্চল) আইন, ১৯৫৮ত উল্লেখ কৰা হৈছে যে, ভাৰতৰ কিছুমান অঞ্চল (মূলতঃ উত্তৰ-পূব ভাৰতৰ) ভ্ৰমণ কৰিবলৈ অনা-ভাৰতীয় নাগৰিকৰ বাবে সংৰক্ষিত এলেকাৰ অনুমতি (PAP)ৰ প্ৰয়োজন।১ এই অনুমতি পত্ৰ লাভ কৰিবলৈ হ’লে কিছুমান বিশেষ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব। এই অঞ্চলসমূহৰ বাসিন্দা নোহোৱা ভাৰতীয় নাগৰিকসকলকো এই স্থানসমূহত প্ৰৱেশ কৰিবলৈ ইনাৰ লাইন পাৰ্মিট (আই এল পি)ৰ প্ৰয়োজন। ইনাৰ লাইন পাৰ্মিট লাভ কৰাটো যথেষ্ট সহজ।

তদুপৰি “বিদেশী (নিষিদ্ধ অঞ্চল) আদেশ, ১৯৬৩’’ত উল্লেখ আছে যে, ভাৰতৰ কিছুমান বিশেষ অঞ্চল ভ্ৰমণ কৰিবলৈ অনা-ভাৰতীয় লোকৰ বাবে নিষিদ্ধ এলেকা অনুমতি (RAP)ৰ প্ৰয়োজন। ২০০৯ চনৰ পৰা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কিছু অংশ২ আৰু ছিকিম ৰাজ্যৰ কিছু অংশ ভ্ৰমণৰ বাবে আৰ এ পিৰ প্ৰয়োজন হয়। আৰএপি সাধাৰণতে ব্যক্তিগত ভ্ৰমণকাৰীৰ বাবে উপলব্ধ আৰু বহিঃৰাজ্যৰ দূতাবাসৰ দ্বাৰা বা আনকি কিছুমান ক্ষেত্ৰত যেনে প’ৰ্ট ব্লেয়াৰৰ বীৰ চাভাৰকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰেও ইয়াক ঠাইতে জাৰি কৰিব পাৰে। ভাৰতীয় নাগৰিকক নিষিদ্ধ অঞ্চল ভ্ৰমণ কৰিবলৈ বিশেষ অনুমতিৰ প্ৰয়োজন নাই।

সংৰক্ষিত আৰু নিষিদ্ধ অঞ্চলৰ তালিকা৷

২০১৮ চনৰ মতে,৩

সংৰক্ষিত অঞ্চল

নিষিদ্ধ অঞ্চল

পূৰ্বে সংৰক্ষিত আৰি নিষিদ্ধ অঞ্চল

সাধাৰণ সংৰক্ষিত এলেকাৰ অনুমতিৰ বাবে প্ৰয়োজন

  • পৰ্যটকসকলে কমেও ২ জনীয়া গোটত যাত্ৰা কৰিব লাগিব
  • পঞ্জীয়নভুক্ত ট্ৰেভেল এজেণ্টৰ সৈতে যাত্ৰা কৰিব লাগিব
  • কিছুমান অঞ্চলত কেৱল কিছুমান নিৰ্দিষ্ট প্ৰৱেশ/প্ৰস্থান স্থানৰ অনুমতি দিয়া হৈছে। কিছুমান বিশেষ অঞ্চলত অ-ভাৰতীয়সকলে একেবাৰেই প্ৰৱেশ কৰিব নোৱাৰিব৷
  • পাকিস্তান, বাংলাদেশ, চীন আৰু ম্যানমাৰৰ নাগৰিকে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদন লৈহে পিএপি লাভ কৰিব পাৰিব৷

সাধাৰণতে পিএপিৰ সময়সীমা ১০ দিন, আৰু ৭ দিনৰ বাবে বৃদ্ধি কৰাৰ বিকল্প থাকে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই পিএপি জাৰি কৰে। কিন্তু সংশ্লিষ্ট ভাৰতীয় ৰাজ্যসমূহৰ বিভিন্ন কৰ্তৃপক্ষইও পিএপি জাৰি কৰিব পাৰে, লগতে বিদেশত থকা ভাৰতীয় মিছনসমূহেও জাৰি কৰিব পাৰে। সাধাৰণতে ট্ৰেভেল এজেণ্টে পৰ্যটকৰ বাবে পিএপি পোৱাৰ বাবে যাৱতীয় কাম কৰে।

তথ্যসূত্ৰ

  1. ↑ Foreigners (Protected Area Order) (1958). Aasc.nic.in
  2. ↑ আৰ্কাইভ কপি
  3. ↑ www.mha.gov.in/PDF_Other/AnnexVII_01022018.pdf
  4. ↑ আৰ্কাইভ কপি
  5. ↑ Cook, Sharell. (23 October 2016). Information About Permits for North East India. TripSavvy

সম্পৰ্কিত শ্ৰেণী

পৰ্যটনভাৰতৰ অঞ্চলসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ সংৰক্ষিত আৰু নিষিদ্ধ অঞ্চল” প্ৰবন্ধৰ সংশোধন ৬০২৫৭২ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।