অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মহীশূৰ চন্দন তেল

মহীশূৰ চন্দন তেল ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ জিলাৰ চান্টালুম এলবাম জাতৰ চন্দন কাঠৰ পৰা আহৰণ কৰা ট্ৰেডমাৰ্কযুক্ত সুগন্ধি তেল।

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২৫ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মহীশূৰ চন্দন তেল ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ জিলাৰ চান্টালুম এলবাম জাতৰ চন্দন কাঠৰ পৰা আহৰণ কৰা ট্ৰেডমাৰ্কযুক্ত সুগন্ধি তেল।১২৩

ইতিহাস

প্ৰথম অৱস্থাত ভাৰতত খাৰুৱা পদ্ধতিৰে চন্দন তেল নিষ্কাশন কৰা হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ পূৰ্বে মহীশূৰ জিলাৰ চন্দন কাঠৰ নিৰ্যাস নিষ্কাশন কৰি জাৰ্মানীত বিক্ৰী কৰা হৈছিল। কিন্তু ১৯১৪ চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল, তেতিয়া এই নিষ্কাশনৰ পথ বন্ধ কৰিবলগীয়া হৈছিল, যাৰ ফলত ৰাজকোষৰ ৰাজহৰ ক্ষতি হৈছিল। এই বজাৰ বন্ধ হোৱাৰ বাবে মহীশূৰৰ মহাৰাজই মহীশূৰৰ উদ্যোগ সঞ্চালক আলফ্ৰেড চেটাৰটনক তেলৰ নিৰ্যাস নিষ্কাশনৰ বিকাশৰ বাবে নিযুক্তি দিয়ে। চেটাৰটনে অধ্যাপক জে জে ছাডব'ৰ' আৰু এইচ ই ৱাটছনৰ সহায় লয় যিয়ে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত ভাৰতত চন্দন তেলৰ প্ৰথম নমুনা উলিয়ায়।৪ ১৯১৬–১৭ চনত তেতিয়াৰ মহীশূৰ চৰকাৰে (বৰ্তমান কৰ্ণাটক চৰকাৰ) মহীশূৰত চন্দন কাঠৰপৰা তেল নিষ্কাশন কেন্দ্ৰ স্থাপন কৰে।৩ ১৯৭৭ চনত মহীশূৰ জিলাত প্ৰায় ৮৫,০০০ চন্দন গছ আছিল আৰু ১৯৮৫-৮৬ চনৰ ভিতৰত উৎপাদনৰ ৰিপৰ্ট অনুসৰি প্ৰায় ২০,০০০ কিলোগ্ৰাম (৪৪,০০০ পাউণ্ড) কেঁচা চন্দন গছ আছিল। অৰ্থনীতিৰ প্ৰতি ইয়াৰ গুৰুত্ব অক্ষুণ্ণ ৰাখিবলৈ চৰকাৰী গেজেটিয়াৰৰ মতে চৰকাৰে বিশেষ আইন-কানুন প্ৰৱৰ্তন কৰিছিল। পূৰ্বৰ ৰাজকীয় ৰাজ্য মহীশূৰত (স্বাধীনতাৰ পিছৰপৰা কৰ্ণাটকৰ অংশ) চন্দন গছ আছিল "ৰাজকীয় গছ", ৰাজ্য চৰকাৰে ইয়াক নিয়ন্ত্ৰণ কৰিছিল।৫

এই তেল বাণিজ্য সম্পৰ্কীয় বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (TRIPS) চুক্তিৰ ভৌগোলিক ইংগিতৰ অধীনত সুৰক্ষাৰ বাবে পঞ্জীয়ন কৰা হৈছে। ২০০৬ চনত ভাৰত চৰকাৰৰ জি আই আইন ১৯৯৯ৰ অধীনত ইয়াক "মহীশূৰ চন্দন তেল" হিচাপে তালিকাভুক্ত কৰা হয়, যাৰ পঞ্জীয়ন পেটেণ্ট ডিজাইন আৰু ট্ৰেডমাৰ্কৰ মহানিয়ন্ত্ৰকে নিশ্চিত কৰে।৬

ব্যৱহাৰ

চন্দন গছৰ কাঠ বা ডাল আৰু লগতে ইয়াৰ শিপা তেল নিষ্কাশন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়।১৭

এই তেল চাবোন, ধূপ, সুগন্ধি, প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়; ধৰ্মীয় অনুষ্ঠান, ছাল আৰু চুলিৰ চিকিৎসা আৰু ঔষধত ইয়াৰ কেইবাটাও ব্যৱহাৰ আছে। ১৯৩৮ চনত মহীশূৰ চন্দন তেলক অন্যতম শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছিল।১৮ ১৯৯৬ চনত মহীশূৰত উৎপাদিত চন্দন তেলে বিশ্বৰ ৭০% চন্দন কাঠৰ পৰা উৎপাদন কৰিছিল।৯ ইয়াক বিশ্বৰ বহুতো জনপ্ৰিয় সুগন্ধিৰ মিশ্ৰণত "ব্লেণ্ডাৰ ফিক্সেটিভ" হিচাপে ব্যৱহাৰ কৰা হয়।১০ ১৯৪২ চনত ইয়াৰ নূন্যতম ৯০% চেন্টালল নিশ্চিত কৰা হয় আৰু অন্য ঠাইত উৎপাদিত যিকোনো চন্দন কাঠৰ তেলৰ সৈতে তুলনাযোগ্য মানদণ্ডৰ বুলি মূল্যায়ন কৰা হয়।১১

স্বামী বিবেকানন্দৰ মতে, মহীশূৰক চন্দনৰ সৈতে চিনাক্ত কৰা হৈছিল, যিটো পূবৰ ধৰ্মীয়, সামাজিক আৰু আনুষ্ঠানিক জীৱনৰ অবিচ্ছেদ্য অংগ আছিল। বিবেকানন্দই কৈছিল "এই কাঠৰ দীৰ্ঘদিনীয়া সুগন্ধিয়ে হয়তো সঁচাকৈয়ে ক'ব যে ইয়াৰ দ্বাৰা পৃথিৱী জয় কৰা হৈছে"।১২

পোক-পৰুৱাৰ প্ৰভাৱ নপৰা গছৰ ভিতৰৰ কাঠৰ পৰা ভাৰতত আচবাব আৰু মন্দিৰৰ গঠন ফেশ্বন কৰা হৈছে। ইয়াৰ তেলক কামোদ্দীপক বুলি গণ্য কৰা হৈছে, কাৰণ ইয়াৰ সুগন্ধি পুৰুষৰ হৰম'ন এণ্ড্ৰষ্টেৰনৰ সৈতে সাদৃশ্য আছে।১৩ আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত প্ৰস্ৰাৱৰ সংক্ৰমণ, প্ৰষ্টেটৰ বিসংগতি, ডায়েৰিয়া, কাণৰ বিষ, হাওঁফাওঁৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ চন্দন কাঠ ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত চীনা চিকিৎসাৰ চিকিৎসকসকলে ইয়াক কলেৰা, গনোৰিয়া আৰু পেটৰ বিষৰ চিকিৎসাত ব্যৱহাৰ কৰে।১৪

তথ্যসূত্ৰ

  1. ↑ (29 February 2012). Demise of sandalwood. Times of India
  2. ↑ Pitman 2004, পৃ. 290
  3. ↑ Natarajan, K.R. (1928). Mysore Sandalwood-Oil Factories. Chem. Eng. News. পৃ. 6
  4. ↑ (2 November 2020). Mysore Sandal Soap: A Maharaja's Gift. Live India History
  5. ↑ (India) 1988, পৃ. 1071
  6. ↑ (9 November 2006). 28 Products Registered As Geographical Indications. Ministry of Commerce and Industry
  7. ↑ (India) 1988, পৃ. 1071
  8. ↑ Dept 1938, পৃ. 58
  9. ↑ Rangarajan 1996, পৃ. 240
  10. ↑ Rangarajan 1996, পৃ. 240
  11. ↑ Merrin 1942, পৃ. 121
  12. ↑ Vivekananda 1943, পৃ. 21
  13. ↑ Wilson 2002, পৃ. 120
  14. ↑ Wilson 2002, পৃ. 120

সম্পৰ্কিত শ্ৰেণী

সামগ্ৰীতৈল উদ্যোগভৌগোলিক স্বীকৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহীশূৰ চন্দন তেল” প্ৰবন্ধৰ সংশোধন ৫৩৯৩৫৮ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।