অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভিক্টোৰিয়া হ্ৰদ

ভিক্টোৰিয়া হ্ৰদ (Nam Lolwe in Luo; "Nalubaale" in Luganda; Nyanza in Kinyarwanda and some Bantu languages) আফ্ৰিকাৰ বৃহৎ হ্ৰদসমূহ (African Great Lakes) ৰ ভিতৰত এক উল্লেখযোগ্য হ্ৰদ৷ এই হ্ৰদৰ বিষয়ে তথ্য সংগ্ৰহ কৰা প্ৰথম ইংৰাজ পৰিব্ৰাজক জ’ন হেনিং স্পেক ( John Hanning Speke) -এ ৰাণী ভিক্টোৰিয়াৰ…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ
Victoria Nyanza. The black line indicates Stanley's route.
Victoria Nyanza. The black line indicates Stanley's route.ছবি: Henry Morton Stanley · Public domain

ভিক্টোৰিয়া হ্ৰদ (Nam Lolwe in Luo; "Nalubaale" in Luganda; Nyanza in Kinyarwanda and some Bantu languages১) আফ্ৰিকাৰ বৃহৎ হ্ৰদসমূহ (African Great Lakes) ৰ ভিতৰত এক উল্লেখযোগ্য হ্ৰদ৷ এই হ্ৰদৰ বিষয়ে তথ্য সংগ্ৰহ কৰা প্ৰথম ইংৰাজ পৰিব্ৰাজক জ’ন হেনিং স্পেক ( John Hanning Speke) -এ ৰাণী ভিক্টোৰিয়াৰ নামেৰে ইয়াৰ নাম ভিক্টোৰিয়া হ্ৰদ ৰাখে৷ স্পেকে ১৮৫৮ চনত নীলনদীৰ উৎসৰ অনুসন্ধানত আৰম্ভ কৰা এক অভিযানত এই হ্ৰদ আৱিস্কাৰ কৰে ৷২৩

ভৌগোলিক বিৱৰণ

ভিক্টোৰিয়া হ্ৰদৰ কালি (surface area) 68800 বৰ্গ কি.মি.৷ ই আফ্ৰিকাৰ লগতে ক্ৰান্তীয় বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ ৰূপে স্বীকৃতপ্ৰাপ্ত৷ উত্তৰ আমেৰিকাৰ ছুপিৰিঅ’ৰ হ্ৰদ (Lake Superior) ৰ পিছতে এই হ্ৰদ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ হ্ৰদ ৷ আয়তনৰ ফালৰ পৰা ভিক্টোৰিয়া হ্ৰদ পৃথিৱীৰ ভিতৰতে নৱম সৰ্ববৃহৎ মহাদেশীয় হ্ৰদ (largest continental lake) আৰু ই প্ৰায় ২,৭৫০ কিউবিক কিলোমিটাৰ পানী ধৰি ৰাখিছে ৷

ভিক্টোৰিয়া হ্ৰদৰ পানীৰ মূল উৎস পোনপটীয়া precipitation সহস্ৰাধিক সৰু-বৰ জুৰি ৷ এইবোৰৰ ভিতৰত হ্ৰদলৈ প্ৰবাহিত হোৱা সৰ্ববৃহৎ নৈখন হ’ল কাগেৰা নদী (Kagera River) ৷ ৪

এই হ্ৰদৰ আফ্ৰিকাত গভীৰতা কম ৷ গড় গভীৰতা 40 মিটাৰ আৰু আটাইতকৈ গভীৰ অঞ্চলত ই 84 মিটাৰ গভীৰ ৷৫ ভিক্টোৰিয়া হ্ৰদৰ অৱবাহিকা (catchment area) ৰ কালি প্ৰায় ১৮৪,০০০ বৰ্গ কিলোমিটাৰ ৷ এই হ্ৰদৰ পাৰ প্ৰায় 4828 কি.মি. জুৰি বিস্তৃত হৈ আছে ৷৬ ভিক্টোৰিয়া হ্ৰদ তিনিখন দেশ জুৰি বিস্তৃত - কেনিয়া (৬% বা 4,100 বৰ্গ কি.মি.), উগাণ্ডা (৪৫% বা 31,000 বৰ্গ কি.মি.) আৰু টানজানিয়া (৪৯% বা 33,700 বৰ্গ কি.মি.).৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Victoria Nyanza. The Land, the Races and their Customs, with Specimens of Some of the Dialects. World Digital Library
  2. ↑ Dalya Alberge. (11 September 2011). How feud wrecked the reputation of explorer who discovered Nile's source. The Observer (The Guardian)
  3. ↑ Moorehead, Alan. (1960). The White Nile. Harper & Row. ISBN 0-06-095639-9
  4. ↑ vanden Bossche, J.-P.; Bernacsek, G. M. (1990). Source Book for the Inland Fishery Resources of Africa, Issue 18, Volume 1. Food & Agriculture Org. (United Nations). পৃ. 291. ISBN 92-5-102983-0
  5. ↑ United Nations, Development and Harmonisation of Environmental Laws Volume 1: Report on the Legal and Instituional Issues in the Lake Victoria Basin, United Nations, 1999, page 17
  6. ↑ C. F. Hickling. (1961). Tropical Inland Fisheries. Longmans
  7. ↑ J. Prado, R. J. Beare, J. Siwo Mbuga & L. E. Oluka, 1991. A catalogue of fishing methods and gear used in Lake Victoria. UNDP/FAO Regional Project for Inland Fisheries Development (IFIP), FAO RAF/87/099-TD/19/91 (En). Rome, Food and Agricultural Organisation

সম্পৰ্কিত শ্ৰেণী

হ্ৰদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টোৰিয়া হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৬৩১৮৮৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।