অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভাছিলকিভ

ভাছিলকিভ(Vasilkov) ইউক্ৰেইনৰ মধ্যভাগত অৱস্থিত কিয়িভ অব্লাষ্টৰ অবুখিভ ৰায়নৰ ষ্টুহনা নদীৰ পাৰত থকা এখন চহৰ। ই ভাছিলকিভ নগৰ হ্ৰমাদাৰ প্ৰশাসনিক কেন্দ্ৰ। চহৰখনৰ প্ৰথম উল্লেখ দশম শতিকাত পোৱা যায়। ১৭৯৬ চনত ভাছিলকিভে চহৰৰ মৰ্যাদা লাভ কৰে। ভাছিলকিভত ভাছিলকিভ বিমানঘাটি অৱস্থিত।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ৫১৩ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভাছিলকিভ(Vasilkov) ইউক্ৰেইনৰ মধ্যভাগত অৱস্থিত কিয়িভ অব্লাষ্টৰ অবুখিভ ৰায়নৰ ষ্টুহনা নদীৰ পাৰত থকা এখন চহৰ। ই ভাছিলকিভ নগৰ হ্ৰমাদাৰ প্ৰশাসনিক কেন্দ্ৰ।১ চহৰখনৰ প্ৰথম উল্লেখ দশম শতিকাত পোৱা যায়। ১৭৯৬ চনত ভাছিলকিভে চহৰৰ মৰ্যাদা লাভ কৰে।

ভাছিলকিভত ভাছিলকিভ বিমানঘাটি অৱস্থিত। চহৰখন বৈদ্যুতিক সঁজুলি আৰু চামৰাজাত সামগ্ৰী উৎপাদনৰ লগতে ঔদ্যোগিক কেন্দ্ৰ হিচাপে পৰিচিত। ২০২২ চনৰ হিচাপ অনুসৰি চহৰখনৰ জনসংখ্যা ৩৭,০৬৮ জন। ২০২৪ চনৰ অনুমাণিক জনসংখ্যা আছিল ৩৯,০৮৪ জন।২

ভূগোল

ভাছিলকিভ ষ্টুহনা নদীৰ পাৰত অৱস্থিত। ষ্টুহনা হৈছে ডিনিপাৰ নদীৰ এখন উপনদী।৩

ইতিহাস

মধ্যযুগ

৯৮৮ খ্ৰীষ্টাব্দত কিয়িভৰ ৰাজকুমাৰ ভ্লাদিমিৰ দ্য গ্ৰেটে ভাছিলকিভ প্ৰতিষ্ঠা কৰিছিল বুলি ধাৰণা কৰা হয়। লোককথা অনুসৰি, ভ'ল'দিমিৰৰ বাপ্তিস্ম আৰু পেচেনেগসকলৰ আক্ৰমণৰপৰা তেওঁৰ উদ্ধাৰৰ সৈতে এই স্থানৰ সম্পৰ্ক আছে। তেওঁৰ শাসনকালতে চহৰখনত ঘোষণাৰ গীৰ্জা নিৰ্মাণ কৰা হৈছিল।৩

একাদশ শতিকাত চহৰখনত দুৰ্গ নিৰ্মাণ কৰা হৈছিল।৪ প্ৰাইমেৰী ক্ৰনিকল অনুসৰি, ভ'ল'দিমিৰৰ বহু পত্নী এই অঞ্চলত বাস কৰিছিল। কিয়িভৰ খ্ৰীষ্টানীকৰণৰ পিছত ভ'ল'দিমিৰে ইয়াত এখন দুৰ্গ নিৰ্মাণ কৰি তেওঁৰ পৃষ্ঠপোষক সন্ত ছেইণ্ট বেছিলৰ নাম অনুসৰি ইয়াক ভাছিলেভ নাম দিছিল।৫

একাদশ শতিকাৰ আৰম্ভণিতে ভাছিলকিভ ছেইণ্ট থিয়'ড'ছিয়াছ অৱ কিয়িভৰ জন্মস্থান আছিল।৬ ১৭৫০ৰ দশকত ইউক্ৰেইনীয় বেৰক স্থাপত্যশৈলীত নিৰ্মিত এন্থনী আৰু থিয়'ড'ছিয়াছ পেচাৰস্কি গীৰ্জাখনে থিয়'ড'ছিয়াছ আৰু এন্থনী অৱ কিয়িভ দুয়োকে স্মৰণ কৰে।৫৭

১২৪০ চনত মংগোল সাম্ৰাজ্যৰ আক্ৰমণত চহৰখন ধ্বংস হয়।

প্ৰাৰম্ভিক আধুনিক যুগ

১৬৫৮ চনত ৰুছ সামৰিক সেনাপতি ইউৰি বাৰিয়াটিনস্কিয়ে ভাছিলকিভৰ ওচৰত হেটমেন ইভান ভিহোভস্কিৰ ভাতৃ কনষ্টাণ্টিনৰ নেতৃত্বাধীন বাহিনীক পৰাস্ত কৰে। সেই সময়ত ইউক্ৰেইনীয় হেটমেনে পোলেণ্ড–লিথুৱানিয়া কমনৱেলথৰ পক্ষত যোগদান কৰিছিল।

১৭৪০ চনত ইউক্ৰেইনৰ প্ৰথম চিকিৎসা-সংক্ৰামক ৰোগৰ কোৱাৰেণ্টাইন গৃহ ভাছিলকিভত স্থাপন কৰা হৈছিল।৭ ৰাছিয়ান সাম্ৰাজ্যৰ শাসনকালত ভাছিলকিভ এখন প'ভিটৰ প্ৰশাসনিক কেন্দ্ৰ আছিল।৩ ১৭৯৬ চনত ইয়াক চহৰৰ মৰ্যাদা প্ৰদান কৰা হয়।৪ ১৮২৫ চনত ৰাছিয়ান সাম্ৰাজ্যৰ বিৰুদ্ধে ব্যৰ্থ ডেকাব্ৰিষ্ট বিদ্ৰোহত ভাছিলকিভত থকা ৰাছিয়ান সৈন্যই অংশগ্ৰহণ কৰিছিল। এই ঘটনাক চেৰ্নিগভ ৰেজিমেণ্ট বিদ্ৰোহ বুলিও জনা যায়।৪

ইউক্ৰেইনৰ স্বাধীনতা যুদ্ধ

১৯১৮–১৯১৯ চনত বলছেভিক নিয়ন্ত্ৰণৰপৰা চহৰখন কেইবাবাৰো ইউক্ৰেনীয় সেনাই⟨⟩ দখল কৰে। ২৮ ফেব্ৰুৱাৰীত ভাছিলকিভৰ যুদ্ধ সংঘটিত হয়। ১৯১৯ চনৰ ফেব্ৰুৱাৰীত ছিমন পেটলিউৰাৰ বাহিনীয়ে ভাছিলকিভত গণহত্যা চলায়; কমিউনিষ্ট বুলি সন্দেহ কৰা ৫০ জন ইহুদী আৰু ৬০ জন ৰুছ লোক নিহত হয় আৰু ইহুদী সম্প্ৰদায়ক বিশেষ কৰ দিবলৈ বাধ্য কৰা হয়।৮ ৫ এপ্ৰিলত চহৰখন আতামান জেলেনিৰ বিদ্ৰোহী বাহিনীয়ে দখল কৰে।

ইউক্ৰেইনৰ স্বাধীনতা যুদ্ধৰ সময়ত মাৰ্কো শ্লিয়াখোভি, অৰ্থাৎ আতামান কাৰ্মেলিউকে, জ্ভিনকোভা গাঁৱৰ ওচৰৰ ক্লাদোভা অঞ্চলত এটা জাতীয়তাবাদী গোটৰ ঘাটি স্থাপন কৰিছিল। এই গোটে আতামান জেলেনিৰ বাহিনীৰ সৈতে মিলি বলছেভিকসকলৰ বিৰুদ্ধে সামৰিক অভিযান চলাইছিল।

১৯১৯ চনৰ ২৪ আগষ্টত কিয়িভ অভিমুখী আক্ৰমণৰ সময়ত ইউক্ৰেইনীয় গণৰাজ্যৰ সেনা ভাছিলকিভৰ ওচৰলৈ আহে। যুদ্ধৰ পিছত ব্লেক জাপোৰিঝিয়া কেভেলৰি ৰেজিমেণ্ট ৰেড আৰ্মীৰপৰা ভাছিলকিভ দখল কৰে। অৱশেষত ১৯২০ চনত চহৰখনত বলছেভিক শাসন প্ৰতিষ্ঠিত হয়।

আধুনিক যুগ

ছোভিয়েট শাসন প্ৰতিষ্ঠাৰ পিছত ইহুদীসকলৰ সাম্প্ৰদায়িক জীৱন ব্যাহত হয়। ১৯২৬ চনত ভাছিলকিভত ৩,০৬১ জন ইহুদী আছিল, যি মুঠ জনসংখ্যাৰ ১৪.৪%। ১৯৩৩ চনত চহৰখনৰ মুঠ জনসংখ্যা প্ৰায় ২১,০০০ জনলৈ বৃদ্ধি পায়।৩ ১৯৪১ চনত নাজী বাহিনীয়ে ভাছিলকিভৰ ইহুদীসকলক হত্যা কৰে।৮

২০২০ চনৰ ১৮ জুলাইলৈকে ভাছিলকিভ ইউক্ৰেইনৰ আঞ্চলিক গুৰুত্বৰ চহৰ হিচাপে প্ৰশাসনিকভাৱে পৃথক আছিল আৰু ভাছিলকিভ ৰায়নৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপে কাম কৰিছিল যদিও চহৰখন ৰায়নটোৰ অংশ নাছিল। ২০২০ চনৰ জুলাইত ইউক্ৰেইনৰ প্ৰশাসনিক সংস্কাৰৰ অংশ হিচাপে কিয়িভ অব্লাষ্টৰ ৰায়নৰ সংখ্যা সাতখনলৈ হ্ৰাস কৰা হয় আৰু ভাছিলকিভক অবুখিভ ৰায়নৰ সৈতে একত্ৰিত কৰা হয়।৯

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ

২০২২ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ৰাছিয়াৰ আক্ৰমণকাৰী বাহিনীয়ে ভাছিলকিভ বিমানঘাটি দখল কৰাৰ উদ্দেশ্যে চহৰখনৰ ওচৰত অৱতৰণ কৰে। ইয়াৰ ফলত ভাছিলকিভৰ যুদ্ধ সংঘটিত হয়।১০ চহৰৰ মেয়ৰ নাটালিয়া বালাছিনোভিচৰ মতে, সেইদিনা পিছলৈ যুদ্ধৰ তীব্ৰতা হ্ৰাস পায় আৰু ইউক্ৰেইনৰ নিয়ন্ত্ৰণত চহৰখন থাকি যায়।১১

ইউক্ৰেইনীয়পক্ষই দাবী কৰিছিল যে ইউক্ৰেইনীয় বিমানে আক্ৰমণকাৰী সৈন্য কঢ়িয়াই নিয়া দুয়োখন ৰাছিয়ান ইলিউশিন ইল-৭৬ বিমান ভূপতিত কৰিছিল।১২ অৱশ্যে ২০২৪ চনৰ ১৮ জানুৱাৰীলৈকে বিমান দুখনত থকা ৩৫০ জন পেৰাট্ৰুপাৰ নিহত হোৱাৰ দাবী স্বাধীন উৎসসমূহে নিশ্চিত কৰা নাছিল।

২০২২ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৰাছিয়ান বাহিনীয়ে চহৰখনৰ এটা তেলভঁৰালত আক্ৰমণ চলায়। ইয়াৰ ফলত বৃহৎ বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হয়।

অৰ্থনীতি

ভাছিলকিভ ঐতিহাসিকভাৱে চামৰা আৰু জোতা উৎপাদন, খাদ্য আৰু নিৰ্মাণ উদ্যোগৰ এক কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে। চহৰখনত এখন মাজোলিকা কাৰখানাও আছিল।৩

জনসংখ্যা

ভাষা

২০০১ চনৰ ইউক্ৰেইনৰ লোকপিয়ল অনুসৰি ভাছিলকিভৰ জনসংখ্যাৰ মাতৃভাষাভিত্তিক বিতৰণ তলত দিয়া ধৰণৰ আছিল।১৩

ভাষাশতাংশ
ইউক্ৰেইনীয় ভাষা৮৭.২৯%
ইউক্ৰেইনত ৰাছিয়ান ভাষা১২.১৯%
অন্যান্য/অনিৰ্ধাৰিত০.৫২%

উল্লেখযোগ্য ব্যক্তি

  • কিয়িভৰ থিয়'ড'ছিয়াছ অৱ পেচাৰস্ক (১০০৯–১০৭৪) – পূব অৰ্থডক্স সন্ত আৰু ধৰ্মপ্ৰচাৰক
  • পিয়'টৰ ইভান'ভিচ প'লেটিকা (১৭৭৮–১৮৪৯) – ইউক্ৰেইনীয় মূলৰ ৰাছিয়ান সাম্ৰাজ্যৰ ৰাজনীতিবিদ
  • মাইকোলা মেলনিচেংকো(জন্ম ১৯৬৬) – ইউক্ৰেইনীয় নিৰাপত্তা সেৱাৰ সদস্য আৰু ৰাজনৈতিক ব্যক্তি
  • ভিটালিনা বিব্লিভ (জন্ম ১৯৮০) – ইউক্ৰেইনীয় অভিনেত্ৰী
  • জেৰী হেইল (জন্ম ১৯৯৫) – ইউক্ৰেইনীয় গায়িকা, গীতিকাৰ আৰু ইউটিউবাৰ

বাহ্যিক সংযোগ

  • vasilkov.INFO – ভাছিলকিভ চহৰৰ ৱেবছাইট
  • vasylkiv.today – ভাছিলকিভৰ প্ৰথম স্বাধীন সংবাদ পৰ্টেল আৰু সামাজিক নেটৱৰ্ক
  • kyiv-obl.gov.ua – কিয়িভ অব্লাষ্ট প্ৰশাসনৰ ৱেবছাইটত ভাছিলকিভ সম্পৰ্কীয় তথ্য

তথ্যসূত্ৰ

  1. ↑ Васильковская городская громада. Gromada.info
  2. ↑ Васильківської міської територіальної громади Київської області
  3. ↑ (1993). Енциклопедія українознавства. Словникова частина (ЕУ-II). পৃ. 213-218
  4. ↑ Vasylkiv · city, Ukraine · Britannica. www.britannica.com
  5. ↑ Vasylkiv. www.encyclopediaofukraine.com
  6. ↑ Theodosius of Kiev. Oxford Reference
  7. ↑ Alkov, Volodymyr. (2018). History of Ukraine and Ukrainian Culture. Kharkiv National Medical University
  8. ↑ Vasilkov. jewishvirtuallibrary.org
  9. ↑ (2020-07-18). Про утворення та ліквідацію районів. Постанова Верховної Ради України № 807-ІХ.. Голос України
  10. ↑ (26 February 2022). Окупанти намагаються висадити десант у Василькові, йдуть бої. www.ukrinform.ua
  11. ↑ (2022-02-26). Fight for Vasylkiv ends with victory of Ukrainian Armed Forces – official. Trend.Az
  12. ↑ Помста за Луганськ 2014: біля Василькова збили ІЛ-76 із ворожими десантниками. Unian
  13. ↑ Рідні мови в об'єднаних територіальних громадах України

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাছিলকিভ” প্ৰবন্ধৰ সংশোধন ৬৩০৩৬৪ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।