মণিপুৰী আই গোসাঁনী থান১খন দুটা শাখাত অৱস্থিত। তাৰে প্ৰাচীন শাখাটো,ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দেওবাৰী বাণ গাঁৱত অৱস্থিত। দ্বিতীয় শাখাটো, ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ সীমান্তৰ বৰহমথুৰিয়নী গাঁৱত (ঘিলামৰা অঞ্চলৰ সমীপত) অৱস্থিত।
ইতিহাস
এই শক্তি পীঠ বৰদলনিৰ দেওবাৰী বাণ গাৱঁত কমতা-ভূঞাসকলৰ দিনত ১৩-১৪ শতিকামানত স্থাপিত হৈছিল।২
কিংবদন্তি
স্থানীয় কিংবদন্তি মতে ইয়াত সতীৰ ডিঙিৰ মণিধাৰ পৰিছিল। পিছে ঐতিহাসিক ড° নিত্যানন্দ গগৈৰ মতে, মধ্যযুগত মণিপুৰ অঞ্চলৰ (বৰ্তমান বৰদলনিক কেন্দ্ৰ কৰি ধেমাজি-ঘিলামৰাৰ একাংশ) ৰাইজৰ বাবে এই থানেই অধিষ্ঠাত্ৰী দেৱীপীঠ স্বৰূপা হিচাপে পৰিগণিত হোৱাত মণিপুৰীয়া থান নামেৰে প্ৰসিদ্ধ হয়। ৩
দুটা শাখা
- বৰদলনি শাখা
এই শক্তি পীঠ প্ৰথমতে, বৰদলনিৰ দেওবাৰী বাণ গাৱঁত কমতা-ভূঞাসকলৰ দিনত ১৩-১৪ শতিকামানত স্থাপিত হৈছিল। বৰ্তমান পুৰুষৰ অৱজ্ঞাৰ বাবে বৰদলনিত থকা পুৰণি থানখনৰ নাম বদলাই ‘পদুমণি থান’ নামেৰে অভিহিত কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে।
- ঘিলামৰা শাখা

১৯৫১ চন মানত ঘিলামৰাৰ ৰাইজে তাৰ একাংশ একে নামেৰেই ঘিলামৰা অঞ্চলৰ উত্তৰ প্ৰান্তৰ বৰহমথুৰি গাঁৱত এই থানখন স্থাপন কৰে। এই থানত বৰ্তমান কলীয়া শিলৰ দেৱী মূৰ্ত্তি এটা আছে। বছৰটোৰ বেছিভাগ সময়তে স্থানীয় মʼহমৰা দিঘলী, বৰহমথুৰিয়নী, খলিহামাৰী, পেহীয়তী, মইনাপৰা আদি গাঁৱৰ ৰাইজে বিভিন্ন ধৰ্মীয় অনুষ্ঠান পালন কৰি আহিেছ। তাৰ ভিতৰত ভাওনা, দুৰ্গা পূজা আদি। এই থানথনত দুৰ্গা পূজা ডাঙৰকৈ আয়োজন কৰা হয়। ১৯৯৭ চনৰপৰা এই দুৰ্গা পূজা পালনৰ আৰম্ভণি হৈছিল। কলীয়া শিলৰ দেৱী মূৰ্ত্তিকে কেন্দ্ৰ কৰি পূজাখন অনুষ্ঠিত হয়। গতিকে ইয়াত অস্থায়ী প্ৰতিমাৰ ব্যৱহাৰ নহয়। ইয়াৰ কাষতে একেটা চৌহদত এটা শিৱ মন্দিৰো আছে।

তথ্যসূত্ৰ
- ↑ অসমৰ পৰ্যটনস্থলসমূহৰ তালিকা
- ↑ হাজৰিকা, ড° কেশৱ (সম্পাদক). ঘিলামৰা. আৰোহণ প্ৰিণ্টাৰ্চ. পৃ. 42
- ↑ হাজৰিকা, ড° কেশৱ (সম্পাদক). ঘিলামৰা. আৰোহণ প্ৰিণ্টাৰ্চ. পৃ. 42
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিপুৰী আই গোসাঁনী থান” প্ৰবন্ধৰ সংশোধন ৫২৯৭৩৯ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।