অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৰুৱাচুক (কলিয়াবৰ)

বৰুৱাচুক (Baruahchook) অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ এখন গাঁও। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে সুদূৰ কনৌজৰ পৰা অহা ৰামলাল ভাগৱতী নামৰ এজন ব্যৱসায়ীয়ে বণিজৰ উদ্দেশ্যে আহি এই ঠাইতে থাকিবলৈ লয় আৰু তেওঁৰ সতি-সন্ততিৰ পৰাই এই গাঁওখন ঠন ধৰি উঠে।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বৰুৱাচুক (Baruahchook) অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ এখন গাঁও। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে সুদূৰ কনৌজৰ পৰা অহা ৰামলাল ভাগৱতী নামৰ এজন ব্যৱসায়ীয়ে বণিজৰ উদ্দেশ্যে আহি এই ঠাইতে থাকিবলৈ লয় আৰু তেওঁৰ সতি-সন্ততিৰ পৰাই এই গাঁওখন ঠন ধৰি উঠে।

অৱস্থান

বৰুৱাচুক গাঁওখন নগাঁও চহৰৰ পৰা পূব দিশে প্ৰায় ৪৯ কিলোমিটাৰ দূৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁফালে অৱস্থিত। ই চতিয়াল মৌজাৰ অন্তৰ্গত এখন গাঁও।

ইতিহাস

ইতিহাসত সন্নিৱিষ্ট তথ্য মতে, আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত কনৌজৰ পৰা ৰামলাল ভাগৱতী নামৰ এজন লোক বেপাৰ কৰাৰ মানসেৰে কলং সুঁতিৰে আহি এজোপা আমগছৰ তলত থাকি বেপাৰ কৰিছিল। তেওঁৰ তিনিপুত্ৰ কানাই, নদাই আৰু বলাই। মোমাই তামোলী বৰবৰুৱাই তিনিওকে কানাইক বৰুৱা, নদাইক হাজৰিকা আৰু বলাইক শইকীয়া পাতে। কানাই বৰুৱা সাতজন ল’ৰা আছিল, নকুল, গকুল, বৃন্দাবন, বনমালী, পুনাই, মথুৰা আৰু কমললোচন। কালক্ৰমত এই সাতজন ৰাজপ্ৰদত্ত বিষয়বাব বৰুৱা উপাধি পোৱা লোকে বসতি কৰিবলৈ লোৱা গাঁওখনৰ নাম বৰুৱাচুক হয়গৈ।১২

বিৱৰণ

চাৰিসীমা

গাঁওখনৰ পূবে ন-সত্ৰ, পশ্চিমে নিজ-চতিয়াল আৰু পুৰণি সত্ৰ, উত্তৰে কলং সুঁতি আৰু দক্ষিণে চতিয়াল দলনি আৰু বিস্তীৰ্ণ খেতি পথাৰ আছে।১

জনসংখ্যা

বৰুৱাচুক গাঁৱৰ জনসংখ্যাৰ ঘনত্ব অধিক। ২০১১ চনৰ পিয়লমতে গাঁৱত ৬০০ৰো অধিক লোক আৰো ১২০টা পৰিয়াল আছে। মুঠ ভোটাৰৰ সংখ্যা ৪০০ জন।১

চুবুৰী

গাঁওখন তিনিটা চুবুৰীৰে গঠিত। আলি চুক, ডোঙৰ চুক আৰু পথাৰ চুক। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ অঞ্চলক আলিচুক, পথাৰৰ সম্মুখেৰে যোৱা গাঁৱলীয়া বাটৰ কাষৰ বসতিক পথাৰ চুক আৰু নামঘৰৰ কাষৰ অঞ্চলক ডোঙৰ চুক বোলা হয়। পূৰ্বে কলঙৰ পানী সোমাই এই ঠাইৰ দ খাল-ডোংবোৰ উপচি আছিল। সেইবাবেই ডোঙৰ চুক বোলা হয়।১

ঐতিহ্য

বৰুৱাচুক গাঁৱত বহু পুৰণি প্ৰায় ১২ বিঘা মাটিৰ এটা ৰাজহুৱা পুখুৰীৰ উপৰি দুবিঘা মাটিৰ মাছ পোহাৰ বাবে আন এটা পুখুৰী আছে। এই পুখুৰীৰ পৰা উপাৰ্জিত ধন ৰাজহুৱা কামত খৰচ কৰা হয়। গাঁৱৰ ঠিক মাজভাগত শ্ৰীশ্ৰী গোপাল মন্দিৰ নামকৰণেৰে এটা বৰ নামঘৰ আছে। গাঁৱৰ একাধিক পৰিয়ালত সাঁচিপতীয়া পুথি সংগৃহীত হৈ আছে।১

শিক্ষা

বৰুৱাচুক গাঁৱৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে “বৰুৱাচুক নিম্ন বুনিয়াদী বিদ্যালয়’’ নামৰ এখন প্ৰাথমিক শিক্ষা কেন্দ্ৰ আৰু অংগনবাদী শিশু কেন্দ্ৰ এটা আছে।

তথ্যসূত্ৰ

  1. ↑ বৰা, গোলাপ. (২০১৭). কলীয়াবড় কলীয়াবৰ কলিয়াবৰৰে. প্ৰভাত চন্দ্ৰ গোস্বামী. পৃ. ৩২৮
  2. ↑ ভট্টাচাৰ্য্য, বিপুল চন্দ্ৰ. (২০১২). কৃষ্ণবটগ্ৰাম. কামধেনু প্ৰকাশন. পৃ. ২২৭

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁওনগাঁও জিলাৱিকি লাভ্‌ছ ডকুমেণ্টশ্যন - অসম অধ্যায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰুৱাচুক (কলিয়াবৰ)” প্ৰবন্ধৰ সংশোধন ৪৭১৪২৭ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।