ভৱানী জামাক্কালাম ভাৰতৰ তামিলনাডু ৰাজ্যৰ এৰোড জিলাৰ ভৱানীত উৎপাদিত কম্বল আৰু দলিচাজাতীয় পণ্য।১২ এই শিল্পয়ে ২০০৫-২০০৬ চনত ভাৰতৰ ভৌগোলিক নিদৰ্শন চিহ্ন হিচাপে স্বীকৃতি লাভ কৰিছে।৩
ইতিহাস
১৯ শতিকাৰ ব্ৰিটিছ চৰকাৰৰ লগত প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ ভাৰতীয় শিল্পী সকলে এক প্ৰকাৰৰ নতুন ধৰণৰ পোছাক উদ্ভাৱন কৰে।২ ভৱানীৰ দৰ্জী সম্প্ৰদায়ৰ লোক সকলে ৰঙীন শকত সূতাৰ মাধ্যমত এই কম্বল তৈয়াৰ কৰে।৪ উৎপাদিত জামাক্কালামৰ জনপ্ৰিয়তা অন্যান্য ঐতিহ্যগত শাড়ী আৰু পোছাকৰ সলনি এই জামাক্কালাম উৎপাদনে নেতৃত্ব বহন কৰে। ৪
প্ৰকাৰ
ভৱানীত দুই ধৰণৰ জামাক্কালাম উৎপাদিত হয়।
ভৱানী জামাক্কালামত বাকপাক চাদৰো উৎপাদিত হয়।৬
বিৱৰণ
পৰম্পৰাগত ভাবে জামাক্কালাম আত্মনিৰ্ভৰশীল শিল্পীসকলৰ ঘৰতে উৎপাদিত হয়।৭ তাৰপিছত এই কম্বল প্ৰধান দৰ্জীৰ কাষত পঠিয়াই দিয়া।৮ প্ৰধান দৰ্জীয়ে কম্বল পৰীক্ষা কৰি অন্যান্য কাৰিগৰৰ লগত যোগাযোগ কৰে। এই হস্ত নিৰ্মিত তাঁত বিক্ৰী কৰিবলৈ ব্যৱসায়ী সকলৰ কাষত পঠিয়াই দিয়া হয়।৯ তাৰ পিছত ব্যৱসায়ী সকলে উৎপাদিত পণ্য নিকটবৰ্তী এলাকাসমুহত পঠিয়াই দিয়ে। প্ৰায় ১৫০০ শ্ৰমিক এই জামাক্কালামৰ উৎপাদনৰ লগত জড়িত তাৰে ভিতৰত দুই-তৃতীয়াংশ হল মহিলা। ১০
ৰপ্তানি
উৎপাদিত জামাক্কালাম বিশ্বৰ বিভিন্ন দেশত ৰপ্তানি কৰা হয়, যেন - চুইডেন, জাৰ্মানী, ইটালী, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছিংগাপুৰ।১১ ১৯৯৩ চনত সকলোতকৈ বেছি কাপোৰ ৰপ্তানি কৰা হয়। .১১
ভৌগোলিক অস্তিত্ব
২০০৫ চনত তামিলনাডু চৰকাৰে এই শিল্পক ভৌগোলিক অস্তিত্বৰ ইংগিত বহনকাৰী হিচাপে উপস্থাপন কৰে। ১২ ফলশ্ৰুতিত ২০০৫-০৬ চনত ভাৰত চৰকাৰে জামাক্কালামক ভৌগোলিক অস্তিত্বৰ ইংগিত হিচাপে আনুষ্ঠানিক ভাবে স্বীকৃতি প্ৰদান কৰে। ৩
তথ্যসূত্ৰ
- ↑ Parry, Breman, Kapadia. The worlds of Indian industrial labour. পৃ. 380
- ↑ de Neve. The Everyday Politics of Labour. পৃ. 42
- ↑ Geographical indications of India. Government of India
- ↑ de Neve. The Everyday Politics of Labour. পৃ. 43
- ↑ de Neve. The Everyday Politics of Labour. পৃ. 87
- ↑ (13 April 2014). When passion met fashion. দ্য হিন্দু
- ↑ de Neve. The Everyday Politics of Labour. পৃ. 167
- ↑ de Neve. The Everyday Politics of Labour. পৃ. 45
- ↑ de Neve. The Everyday Politics of Labour. পৃ. 44
- ↑ de Neve. The Everyday Politics of Labour. পৃ. 86
- ↑ Assayag, Fuller. Globalizing India: Perspectives from Below. পৃ. 93
- ↑ (29 August 2013). GI tag: TN trails Karnataka with 18 products. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৱানী জামাক্কালাম” প্ৰবন্ধৰ সংশোধন ১৭৫৩২৫ (২০ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।