অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ

বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ। শ্ৰীশ্ৰীমাধৱদেৱে ১৫০৫ শকত (১৫৮৩ খ্ৰীষ্টাব্দ) বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল। এই সত্ৰৰ মূল কীৰ্তনঘৰ আৰু মণিকূট গৃহত মহিলাৰ প্ৰৱেশ নিষেধ।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২৫ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ।১ শ্ৰীশ্ৰীমাধৱদেৱে ১৫০৫ শকত (১৫৮৩ খ্ৰীষ্টাব্দ) বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল।২ এই সত্ৰৰ মূল কীৰ্তনঘৰ আৰু মণিকূট গৃহত মহিলাৰ প্ৰৱেশ নিষেধ। অৱশ্যে পুষ্পিতা হোৱাৰ আগতে ছোৱালীয়ে আৰু বিয়াৰ পিছত দৰা-কইনা শৰণ লোৱাৰ সময়ত কইনায়ে কীৰ্তন ঘৰত প্ৰৱেশত নিষেধাজ্ঞা নাই। এই নিষেধাজ্ঞা সন্দৰ্ভত ১৯১৯ চনৰ পৰা বিভিন্ন যুক্তিযুক্ততা চলি আহিছে।৩

পটভূমি

পৰম্পৰাগতভাবে বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশৰ বাধা মানি অহা হৈছে। লোকবিশ্বাস অনুসৰি মহাপুৰুষ মাধৱদেৱে এই সত্ৰত মহিলাৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছিল। যদিও এই তথ্যৰ কোনো লিখিত সমল উপলব্ধ নাই সেই নিষেধাজ্ঞাকে সত্ৰ পৰিচালনা সমিতিয়ে বৰ্তমানেও বাহাল ৰাখিছে।৪ বৰপেটা সত্ৰৰ ভকত সকল উদাসীন সম্প্ৰদায়ৰ। তেওঁলোকৰ দৈনন্দিন কাম-কাজত বাধা নেপেলোৱাৰ কাৰণে ইয়াত মহিলাৰ প্ৰৱেশ নিষেধ কৰিছিল বুলি কোৱা হয়।৫

ইতিহাস

ইতিহাসত বৰপেটা সত্ৰত নাৰী প্ৰৱেশৰ নিষেধাজ্ঞা সম্পৰ্কে কেইবাটাও ঘটনা লিপিবদ্ধ আছে। ১৯২১ চনত মোহনদাস কৰমচান্দ গান্ধীৰ অসম ভ্ৰমণৰ সময়ত বৰপেটালৈ গৈ নাৰী সোমাব নিদিয়াৰ দৰে ‘অসমতা’ নীতিক বিৰোধ কৰি বৰপেটা কীৰ্তন ঘৰক বৰ্জন কৰি অৰ্থাৎ প্ৰৱেশ নকৰাকৈ ঘূৰি আহিছিল। ১৯৬২ চনত আচাৰ্য ৱিনোবা ভাৱে একে কাৰণতে কীৰ্তন ঘৰত প্ৰৱেশ নকৰি ঘূৰি আহিছিল।৬

১৯৪৮ চনত কোনো বৰপেটা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী সৰলাবালা দেৱীয়ে বৰপেটা কীৰ্তন ঘৰত নাৰী প্ৰৱেশক লৈ সৰৱ হৈ উঠে আৰু সেই মৰ্মে গোহাৰি ছপা কৰাৰ লগতে বিতৰণত আগভাগ লৈছিল। ১৯৫০ চনত মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে এই কাৰ্যৰ তেতিয়াই প্ৰতিবাদ কৰিছিল।৬

১৯৭৬ চনত মঙলদৈত অনুষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দ্বিতীয়খন অধিৱেশনত বৰপেটাৰ কীৰ্তন ঘৰত নাৰীক প্ৰৱেশ কৰিবলৈ দিব লাগে বুলি নীলিমা দত্তই প্ৰস্তাৱ উত্থাপন কৰিছিল। বৰপেটাত বহা অধিৱেশনৰ (১৯৮২) গ্ৰহণ কৰা প্ৰস্তাৱ মৰ্মে যুগুত কৰা এখন আৱেদন-পত্ৰ সত্ৰাধিকাৰক দিবলৈ সদৌ অসম লেখিকা সমাৰোহৰ প্ৰাক্তন সভানেত্ৰী ড° শীলা বৰঠাকুৰসহ ১২গৰাকী প্ৰতিনিধিৰ দল এটা কীৰ্তন ঘৰলৈ গৈছিল। পিছে সত্ৰাধিকাৰৰ হাতত আৱেদন-পত্ৰখন দি ঘূৰি আহিবলৈ লওঁতেই আচম্বিতে এদল লোকে প্ৰতিনিধি দলটোক আক্ৰমণ কৰে। বৰপেটা অধিৱেশনলৈ অহা মুখ্য অতিথি অমৃতা প্ৰীতম আৰু মামণি ৰয়ছম গোস্বামীকো তেওঁলোকে অপমানিত কৰিছিল।৬

১৯৮৮ চনৰ ৩ জানুৱাৰীত সাহিত্যিক স্বৰ্ণ গোস্বামীয়ে লেখিকা সমাৰোহ সমিতিৰ হৈ বৰপেটা কীৰ্তন ঘৰলৈ যাওঁতে সত্ৰৰ একাংশ মহিলাই বাধা দিছিল।৬

সাংবিধানিক অধিকাৰ

২০১৮ চনৰ ছেপ্টেম্বৰ মাহত কেৰালাৰ বিখ্যাত সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ ওপৰত চলি থকা গোচৰৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ত ৰায়ত ন্যায়ালয়ে লিংগ নিৰ্বিশেষে সকলো হিন্দু তীৰ্থযাত্ৰী এই মন্দিৰত প্ৰৱেশ কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে কৈছিল যে "জৈৱিক পাৰ্থক্যৰ বাবে মহিলাৰ ওপৰত ৰখা যিকোনো ব্যতিক্ৰমে সংবিধান উলংঘা কৰে।" এনেধৰণৰ নিষেধাজ্ঞাই ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪ৰ অধীনত সমতাৰ অধিকাৰ আৰু অনুচ্ছেদ ২৫ৰ অধীনত ধৰ্মৰ স্বাধীনতা উলংঘা কৰে।৭৮ উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ে ৮০০ বছৰ পুৰণি প্ৰথাক অস্বীকাৰ কৰি মন্দিৰত নাৰী প্ৰৱেশ কৰাৰ সপক্ষে ৰায়দান কৰাৰ লগতে লিংগৰ ভিত্তিত পূজা-অৰ্চনা তথা শ্ৰদ্ধাক ভেদ-ভাৱ কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিয়ে।৯

বৰ্তমান স্থিতি

বৰপেটা কীৰ্তন ঘৰত মহিলা প্ৰৱেশৰ সন্দৰ্ভত বিভিন্ন মতভেদ আছে। বৰপেটা সত্ৰ পৰিচালনা সমিতি অথবা এই কীৰ্তন ঘৰৰ সৈতে জড়িত লোকসকলে পাৰম্পৰিক ঐতিহ্য অনুসৰি সত্ৰৰ ভিতৰত নাৰী প্ৰৱেশত বাধা দি আহিছে। বৰপেটা সত্ৰৰ কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশৰ সম্পৰ্কত মহিলাৰ মাজতো মতবিৰোধ আছে।৩তেওঁলোকৰ এক পক্ষয়ে গুৰুৰ নিৰ্দেশ পালন কৰি পৰম্পৰা ভংগ কৰিব নিবিচাৰে আৰু আন এটি পক্ষই যুক্তিযুক্ততা উত্থাপন কৰি প্ৰৱেশ কৰিব বিচাৰে। সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ সপক্ষে ৰায়দান কৰাৰ পিছত ২০১৬ চনৰ মাজ ভাগত এনে বিতৰ্কৰ পুনৰ সূত্ৰপাত হৈছিল।১০এই ২০১৬ চনৰ ৭ আগষ্টত এখন ৰাজহুৱা সভা হৈছিল। সেই ৰাজহুৱা সভাত সভাত সিদ্ধান্ত লোৱা হৈছিল যে বৰপেটা কীৰ্তন ঘৰত পূৰ্বৰ পৰম্পৰা অনুসৰি মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া নিষেধাজ্ঞা বাহাল থাকিব।৩৫

জনপ্ৰিয় মাধ্যমত

ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ‘অনুৰাধাৰ দেশ’ নামৰ উপন্যাসখনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক বৰপেটা কীৰ্তন ঘৰত সোমাবলৈ নিদিয়া কথা উল্লেখ আছে।৬

তথ্যসূত্ৰ

  1. ↑ Tourism. Barpeta.gov.in
  2. ↑ Barpeta Satra (Xatra), Barpeta Kirtan Ghar - Barpeta, Assam, Religious and Cultural Centre. Onlinesivasagar.com
  3. ↑ মৃদুল কুমাৰ সন্দিকৈ. (28 September 2018). বৰপেটা সত্ৰত মহিলাক প্ৰৱেশৰ অনুমতি কেতিয়া?. asomiyapratidin.in
  4. ↑ Gargi Kalita. Why Is Menstruation An Excuse To Ban Women From Entering Temples?. youthkiawaaz.com
  5. ↑ কৰেন্দ্ৰ চক্ৰৱৰ্তী. বৰপেটাৰ কীৰ্তন ঘৰত মহিলা. as.vikaspedia.in
  6. ↑ বুবুল শৰ্মা. (18 September 2019). সীতাৰ দ্বাৰ মুকলি কৰা: বৰপেটা কীৰ্তন ঘৰ প্ৰসংগ. assameseonline.com
  7. ↑ Sabarimala Temple: India's Supreme Court lifts ban on women entering shrine. CNN
  8. ↑ (28 September 2018). Sabarimala verdict: SC upheld Constitution in letter and spirit by giving preference to equality in recent judgments. firstpost.com. FirstPost
  9. ↑ Parvin Sultana. After Sabarimala, why not Barpeta Satra?. nenow.in
  10. ↑ Bhupen Goswami. Women entry: Sabarimala Verdicts Opens The Gate For Barpeta Satra. apnnews.com

সম্পৰ্কিত শ্ৰেণী

লিংগ বৈষম্যবৰপেটা জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ” প্ৰবন্ধৰ সংশোধন ৫৩৮২৮৯ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।