বেকাল (Bekal) ভাৰতৰ কেৰালা ৰাজ্যৰ পশ্চিম উপকূলৰ কাছাৰগোড জিলাৰ এখন সৰু চহৰ। ১২৩
অৱস্থিতি
বেকাল কেৰালাৰ কাসাৰাগোড চহৰৰপৰা ১৪ কিলোমিটাৰ (৮.৭ মাইল) দক্ষিণে আৰু কনহানগড় চহৰৰপৰা ১২ কিলোমিটাৰ (৭.৫ মাইল) উত্তৰে, ৰাজ্যিক ঘাইপথ ৫৭ৰ কাষত অৱস্থিত এখন চহৰ। বেকালৰ অন্যতম প্ৰধান আকৰ্ষণ হৈছে বেকাল দুৰ্গ।৪ সাগৰৰ পাৰৰ কাষতে অৱস্থিত এই দুৰ্গটো কেৰালা ৰাজ্যৰ আটাইতকৈ ডাঙৰ দুৰ্গ। বিশাল চাবিৰ ফুটাৰ দৰে আকৃতিৰ ঐতিহাসিক বেকাল দুৰ্গৰ ওখ পৰ্যবেক্ষণ স্তম্ভসমূহৰপৰা আৰৱ সাগৰৰ মনোৰম দৃশ্য দেখা যায়। কেইবা শতিকা পূৰ্বে এই স্তম্ভসমূহত বৃহৎ কামান স্থাপন কৰা হৈছিল।
কেৰালা চৰকাৰে বেকালৰ সৈতে কোল্লামৰ অষ্টমুদি, কুমাৰাকোম, পুন্নামাদা আৰু বিখ্যাত পৰাভুৰৰ বেকৱাটাৰ অঞ্চলসমূহক সংযোগ কৰি ছীপ্লেন সেৱা আৰম্ভ কৰাৰ এক পৰিকল্পনা পৰ্যালোচনা কৰি আছে। উত্তৰ কেৰালাত অৱস্থিত বেকালক ভ্ৰমণ-গাইড প্ৰকাশক লনলি প্লেনেট (Lonely Planet)এ নিৰ্বাচন কৰা বিশ্বৰ শীৰ্ষ দহটা ভ্ৰমণ গন্তব্যস্থানৰ ভিতৰত অন্যতম হিচাপে স্থান দিছিল। ৫স্থানীয় পথসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ ৬৬ (NH 66)-ৰ সৈতে সংযোগ স্থাপন কৰিব পাৰি। এই ঘাইপথে উত্তৰ দিশত মাংগালুৰু আৰু দক্ষিণ দিশত কেলিকটৰ সৈতে বেকালক সংযোগ কৰিছে। বেকালৰ নিকটতম ৰে'ল ষ্টেচন হৈছে কনহানগড় ৰে'ল ষ্টেচন, যিটো মাংগালুৰু–পালাক্কাড ৰে'লপথত অৱস্থিত। বেকালৰপৰা বিমানযোগে যাতায়াতৰ বাবে নিকটৱৰ্তী বিমানবন্দৰসমূহ হৈছে মাংগালুৰু বিমানবন্দৰ, কেলিকট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু কান্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।
যাতায়াত
কেৰালা ৰাজ্যিক ঘাইপথে বেকালক উত্তৰ দিশত কাসাৰাগোড আৰু দক্ষিণ দিশত কনহানগড়ৰ সৈতে সংযোগ কৰিছে। বেকালৰ নিকটৱৰ্তী ৰে'ল ষ্টেচনসমূহ হৈছে বেকাল ফ'ৰ্ট ৰে'ল ষ্টেচন, কোটিকুলাম ৰে'ল ষ্টেচন আৰু কনহানগড় ৰে'ল ষ্টেচন। এই আটাইকেইটা ষ্টেচন মাংগালুৰু–পালাক্কাড ৰে'লপথত অৱস্থিত। বেকালৰপৰা বিমানযোগে যাতায়াতৰ বাবে নিকটৱৰ্তী বিমানবন্দৰসমূহ হৈছে মাংগালুৰু বিমানবন্দৰ, কান্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু কেলিকট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Bekal. keralatourism.org
- ↑ Bekal, Kasaragod, Kerala, India. Kerala Tourism - Bekal
- ↑ Explore Bekal: Best Tourist Places, Sightseeing & Top Attractions. Incredible India
- ↑ Kerala Tourism www.keralatourism.org Bekal Fort - largest and best preserved forts in Kerala
- ↑ Lonely Planet Top Ten Destinations Asia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেকাল” প্ৰবন্ধৰ সংশোধন ৬২৬২৭৩ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।