অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বেৰেন দ্বীপ, আন্দামান

বেৰেন দ্বীপ আন্দামান সাগৰত অৱস্থিত এখন দ্বীপ। ভাৰত মহাসাগৰৰ বংগোপসাগৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আন্দামান দ্বীপসমূহৰ পূবে এই দ্বীপ অৱস্থিত। বেৰেন দ্বীপত অৱস্থিত বেৰেন আগ্নেয়গিৰি দক্ষিণ এছিয়াৰ একমাত্ৰ প্ৰমাণিত সক্ৰিয় আগ্নেয়গিৰি।

হালনাগাদ: ২৪ মে’ ২০২৪ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বেৰেন দ্বীপ আন্দামান সাগৰত অৱস্থিত এখন দ্বীপ। ভাৰত মহাসাগৰৰ বংগোপসাগৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আন্দামান দ্বীপসমূহৰ পূবে এই দ্বীপ অৱস্থিত। বেৰেন দ্বীপত অৱস্থিত বেৰেন আগ্নেয়গিৰি দক্ষিণ এছিয়াৰ একমাত্ৰ প্ৰমাণিত সক্ৰিয় আগ্নেয়গিৰি।১২৩৪ ইয়াৰ লগতে ই সুমাত্ৰাৰ পৰা ম্যানমাৰলৈ বিস্তৃত আগ্নেয়গিৰি শ্ৰেণীৰ একমাত্ৰ জাগ্ৰত আগ্নেয়গিৰি।৫ শেহতীয়াকৈ ২০১৯ চনত বেৰেন আগ্নেয়গিৰি উদ্গীৰণ হৈছিল। ই ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত আৰু ৰাজধানী পোৰ্ট ব্লেয়াৰৰ পৰা ১৩৮ কিলোমিটাৰ নিলগত অৱস্থিত।

ইতিহাস

১৭৮৭ পোনপ্ৰথমবাৰৰ বাবে বেৰেন দ্বীপৰ আগ্নেয়গিৰি উদ্গীৰণ লিপিবদ্ধ কৰা হৈছিল। তেতিয়াৰে পৰা বৰ্তমানলৈকে দহবাৰতকৈ বেছি উদ্গীৰণ হৈছে।৬ প্ৰথম উদ্গীৰণ লিপিবদ্ধ কৰাৰ পিছত ১৭৮৯, ১৭৯৫, ১৮০৩, ১৮০৪ আৰু ১৯৫২ চনত উদ্গীৰণ দেখা গৈছিল। তাৰপিছত প্ৰায় এটা শতিকা সুপ্ত অৱস্থাত থকাৰ পিছত ১৯৯১ চনত পুনৰাই ছমাহ ধৰি উদ্গীৰণ সংঘটিত হৈছিল।s and caused considerable damage.৭৮

১৯৯১ চনত উদ্গীৰণত বিশেষকৈ দ্বীপৰ প্ৰাণীকুল ক্ষতিগ্ৰস্ত হৈছিল। ভাৰতীয় ভৌগোলিক সমীক্ষাৰ এটা দলে ১৯৯১ চনৰ ৮-৯ এপ্ৰিল তাৰিখে উদ্গীৰণৰ বিস্তৃতি, অভ্যাস আৰু প্ৰাণীকুলৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ গৈছিল। তেওঁলোকৰ সমীক্ষাত দ্বীপত পোৱা চৰাইৰ প্ৰজাতি আৰু সংখ্যা দুয়োটা কম পাইছিল। তাৰপিছত ১৯৯৪, ১৯৯৫, ২০০৫ আৰু ২০০৭ চনত উদ্গীৰণ সংঘটিত হৈছিল।৭

২০১৭ চনৰ ২৩ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় সমুদ্ৰবিজ্ঞান প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ দলে এই আগ্নেয়গিৰিৰ উদ্গীৰণ লক্ষ্য কৰে।৯১০১১ শেহতীয়াকৈ ২০১৯ চনত এই আগ্নেয়গিৰি উদ্গীৰণ হৈছিল।

আৰ্গন-আৰ্গন ডেটিং প্ৰক্ৰিয়াৰে বিজ্ঞানী সকলে এই আগ্নেয়গিৰি ১.৬ মিলিয়ন বৰ্ষ পুৰণি বুলি নিৰ্ণয় কৰিছে। প্ৰায় ১০৬ মিলিয়ন বৰ্ষ পুৰণি মহাসাগৰীয় খাদত এই আগ্নেয়গিৰি অৱস্থিত।১২ সকলো লিপিবদ্ধ উদ্গীৰণ আগ্নেয়গিৰি উদ্গীৰণ সূচাংক মতে কম।৫

ভূগোল

ভূতাত্বিকভাবে এই দ্বীপ সুমাত্ৰা-ম্যানমাৰ আগ্নেয়বলয় আৰু ইণ্ডো-অষ্ট্ৰেলিয়া ফলক আৰু বাৰ্মা ফলকৰ মাজত অৱস্থিত। এই অঞ্চলতে আন এটা সুপ্ত আগ্নেয়গিৰি নাৰকন্দাম দ্বীপত অৱস্থিত। ১৭৮৯ চনৰ পৰা উদ্গীৰিত আগ্নেয়গিৰিটো কেৱল জাগ্ৰত পলিজেনেটিক চিন্দাৰ শংকু। ই এক মিশ্ৰিত আগ্নেয়গিৰি। ইয়াৰ সাগৰপৃষ্ঠৰ পৰা সৰ্বাধিক উচ্চতা ৩৫৩ মিটাৰ আৰু বেছিভাগ আগ্নেয়গিৰি সাগৰৰ পানীৰ তলত অৱস্থিত। দ্বীপটোৰ ব্যাস প্ৰায় ৩ কিলোমিটাৰ আৰু মাটিকালি প্ৰায় ৮.৩৪ বৰ্গ কিলোমিটাৰ।১৩

জৈৱবৈচিত্ৰ

ইংৰাজীত ইয়াৰ নাম বেৰেন মানে অনুৰ্বৰ। ইয়াৰ বেছিভাগ অঞ্চল অনুৰ্বৰ।৫ ইয়াত মানুহৰ জনবসতি শূণ্য যদিও কিছুসংখ্যক বনৰীয়া ছাগলী দেখা যায়।১৪ ইয়াৰ লগতে কিছুসংখ্যক চৰাই, বাদুলী আৰু কিছু নিগনি জাতীয় জীৱৰ ই বাসস্থান।১৫

পৰ্যটন

বেৰেন দ্বীপৰ চাৰিওফালৰ সাগৰীয় অঞ্চল বিশ্বৰ শ্ৰেষ্ঠ স্কুবা ডাইভিং স্থলৰ অন্যতম হিচাপে বিখ্যাত। ইয়াৰ উল্লেখযোগ্য আকৰ্ষণসমূহ হৈছে সুস্পষ্ট দৰ্শনশীলতা, মাণ্টা ৰে নামৰ সাগৰীয় মাছ, বেচাল্ট শিলৰ গাঁথনি, পুৰণি লাভাৰ টপ'গ্ৰাফী আৰু সোনকালে বৃদ্ধি হোৱা কৰাল বাগিচা। এই স্থান মানুহৰ বসতিৰ পৰা অলপ নিলগত হোৱা বাবে স্কুবা অপেৰেটৰ সকল মূলতঃ ওচৰৰ হেভলক দ্বীপৰ। ১৬১৭

তথ্যসূত্ৰ

  1. ↑ Priya Srivastava. (2018-11-21). All about Barren Island, South Asia's Only Active Volcano in Andaman. Times of Indian
  2. ↑ Benjamin Elisha Sawe. Which Is The Only Active Volcano In South Asia?
  3. ↑ Dr. Aditi Jain. Volcanic spewing in Barren Island is continuation of 2005 eruption
  4. ↑ Rashmi Mishra. List of Volcanoes in India: The only Indian live Volcano at Andaman & Nicobar Islands is Active again!
  5. ↑ Koshy, Jacob. Why did Barren Island volcano erupt again?. The Hindu
  6. ↑ Barren Island
  7. ↑ Jørgen S. Aabech. Barren Island, Andaman Islands, Indian Ocean
  8. ↑ Mallet, F.R. (1895). Bibliography of Barren Island and Narcondam, from 1884 to 1894. Records of the Geological Survey of India. পৃ. 34-38
  9. ↑ NIO finds Andaman volcano spewing lava - Times of India. The Times of India
  10. ↑ (18 February 2017). India’s only live volcano active again: National Institute of Oceanography. The Indian Express
  11. ↑ (18 February 2017). Barren Island volcano, India’s only live volcano, became active in January. hindustantimes.com/
  12. ↑ Ray et al., Bull Volcanol 77: 57, 2015
  13. ↑ Barren Island Volcano, Indian Ocean - facts & information. Volcanodiscovery.com
  14. ↑ G. S. Mudur. (3 August 2003). Mystery that got science's goat - Barren Island puzzle solved: springs, not special kidneys, sustain animals. The Telegraph (Kolkata)
  15. ↑ (2003). Scientific Expedition to Barren Island (Andaman Islands, Indian Ocean)
  16. ↑ Miranda Krestovnikoff; Monty Halls. (17 July 2006). Scuba Diving. DK Publishing. পৃ. 275–. ISBN 978-0-7566-4063-7
  17. ↑ timesofindia.indiatimes.com/india/Scuba-dive-at-

সম্পৰ্কিত শ্ৰেণী

সাগৰীয় দ্বীপআগ্নেয়গিৰি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেৰেন দ্বীপ, আন্দামান” প্ৰবন্ধৰ সংশোধন ৪২১৫৬৪ (২৪ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।