ভৱানী নদী (Bhavani river) ভাৰতৰ এখন গুৰুত্বপূৰ্ণ নদী, যি কেৰালা আৰু তামিলনাডু ৰাজ্যৰ মাজেৰে বৈ গৈছে। ইয়াৰ উৎপত্তি তামিলনাডুৰ পশ্চিমঘাট পৰ্বতমালাৰ নীলগিৰি অঞ্চলত। নদীখন প্ৰথমে পশ্চিম দিশে বৈ কিছু দূৰ কেৰালাত প্ৰৱেশ কৰে আৰু তাৰ পিছত দিশ সলাই পূবফালে বৈ পুনৰ তামিলনাডুলৈ ঘূৰি আহে। ভৱানী নদীৰ মুঠ দৈৰ্ঘ্য ২৩৪ কিলোমিটাৰ (১৪৫ মাইল)। ই কুডুথুৰাইত কাবেৰী নদীৰ সৈতে মিলিত হয়। নদীখনৰ অৱবাহিকাই তামিলনাডুৰ তিনিখন জিলাত প্ৰায় ১,৪১০ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি লৈছে। ভৱানী নদীৰ প্ৰধান উপনদীসমূহৰ ভিতৰত মোয়াৰ নদী আৰু চিৰুভানি নদী উল্লেখযোগ্য। নদীখনৰ ওপৰত কেইবাটাও বান্ধ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ভিতৰত আপাৰ ভৱানী বান্ধ, ভৱানীসাগৰ বান্ধ আৰু কোডিভেৰী বান্ধ প্ৰধান।
জলপ্ৰণালী
ভৱানী নদী ২৩৪ কিলোমিটাৰ (১৪৫ মাইল) দীঘল এখন বৰ্ষাপুষ্ট চিৰপ্ৰৱহমান নদী।১২ ইয়াৰ উৎপত্তি তামিলনাডুৰ পশ্চিমঘাট পৰ্বতমালাৰ নীলগিৰি অঞ্চলৰ বিল্লিমালা পৰ্বতশ্ৰেণীত,৩ সমুদ্ৰপৃষ্ঠৰপৰা ২,৬৩৪ মিটাৰ (৮,৬৪২ ফুট) উচ্চতাত। নদীখন প্ৰথমে পশ্চিম দিশে বৈ কেৰালাৰ চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানৰ দিশলৈ প্ৰবাহিত হৈছে। তাৰ পিছত পূব দিশলৈ গতি সলাই পালাক্কাড জিলাৰ আট্টাপ্পাডী উপত্যকাৰ মাজেৰে বৈ যায়। পাছত নদীখন পুনৰ তামিলনাডুত প্ৰৱেশ কৰি নীলগিৰি, কোয়েম্বাটুৰ আৰু ইৰোড জিলাৰ মাজেৰে বৈ গৈছে।১২৪ ভৱানী নদীৰ অৱবাহিকাই প্ৰায় ১,৪১০ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি লৈছে।৫ নদীখনৰ গতিপথত বহুতো সৰু সুঁতি আৰু উপনদী ইয়াৰ সৈতে মিলিত হয়। ইয়াৰ প্ৰধান উপনদীসমূহৰ ভিতৰত মোয়াৰ নদী আৰু চিৰুভানি নদী উল্লেখযোগ্য।৪৬৭ ভৱানী নদী কাবেৰী নদীৰ অন্যতম প্ৰধান উপনদী।৩৮ তামিলনাডুৰ ভৱানী নগৰৰ ওচৰৰ কুডুথুৰাইত ভৱানী আৰু কাবেৰী নদীৰ সংগম ঘটে।
নদীখনত ঔদ্যোগিক, পৌৰসভাজনিত আৰু কৃষিজাত প্ৰদূষণৰ ফলত পানীৰ গুণমান অৱনতি ঘটিছে। ইয়াৰ ফলত নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল মানুহ, উদ্ভিদ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিছে। ৯
বান্ধ আৰু জলসিঞ্চন খাল
ভৱানী নদীৰ উৎসৰ ওচৰত নীলগিৰিত আপাৰ ভৱানী বান্ধ নিৰ্মাণ কৰা হৈছে।১০ আনহাতে, সমভূমি অঞ্চলত নদীখনৰ নিম্ন প্ৰৱাহত ভৱানীসাগৰ বান্ধ অৱস্থিত। ১৯ শতিকাৰ আৰম্ভণিৰপৰাই কেইবাটাও প্ৰস্তাৱ আগবঢ়োৱা হৈছিল যদিও ২০ শতিকাৰ মাজভাগত আপাৰ ভৱানী আৰু ল’ৱাৰ ভৱানী প্ৰকল্প ৰূপায়ণ কৰা হয়।১১
ইয়াৰ উপৰি, কেৰালাত নদীখনৰ ওপৰত কেইবাটাও সৰু চেক বান্ধ আৰু জলসিঞ্চন খাল নিৰ্মাণ কৰা হৈছে। এইবোৰৰ অধিকাংশই ২১ শতিকাত নিৰ্মাণ কৰা।১১
ভৱানী সাগৰ বান্ধ
ভৱানীসাগৰ বান্ধ ভৱানী নদীৰ ওপৰত তামিলনাডুৰ ইৰোড জিলাত অৱস্থিত।১২ এই বান্ধটো বিশ্বৰ অন্যতম বৃহৎ মাটিৰে নিৰ্মিত বান্ধ। ১৩ এই বান্ধ সত্যমঙ্গলমৰপৰা প্ৰায় ১৬ কিলোমিটাৰ (৯.৯ মাইল) পশ্চিমে অৱস্থিত।১৪ লৱাৰ ভৱানী প্ৰকল্প স্বাধীন ভাৰতত ১৯৪৮ চনত আৰম্ভ কৰা প্ৰথমটো বৃহৎ জলসিঞ্চন প্ৰকল্প আছিল। বান্ধটোৰ নিৰ্মাণ ১৯৫৫ চনত সম্পূৰ্ণ হয় আৰু ১৯৫৬ চনত ইয়াক মুকলি কৰা হয়।১৩
বান্ধটো ৮ কিলোমিটাৰ দীঘল আৰু ৪০ মিটাৰ ওখ। ইয়াৰ পূৰ্ণ জলাধাৰৰ জলস্তৰ ১২০ ফুট আৰু জলধাৰণ ক্ষমতা ৩২.৮ বিলিয়ন ঘনফুট। বান্ধটোত দুটা জলবিদ্যুৎ কেন্দ্ৰ আছে। এটা পূব পাৰৰ খালত আৰু আনটো নদীৰ ওপৰত। প্ৰতিটো কেন্দ্ৰৰ বিদ্যুৎ উৎপাদন ক্ষমতা ১৬ মেগাৱাট, অৰ্থাৎ মুঠ স্থাপন ক্ষমতা ৩২ মেগাৱাট।১৩
কডিবেৰী বান্ধ

কোডিভেৰী বান্ধ এৰোড জিলাৰ গোবিচেট্টিপালায়মৰ ওচৰত ভৱানী নদীৰ ওপৰত অৱস্থিত। ১১২৫ খ্ৰীষ্টাব্দত চোল ৰজা কুলোট্টুংগা প্ৰথমৰ শাসনকালত তেওঁৰ অধীনস্থ সামন্ত কোংগালভানে কোডিভেৰীত এটা খাল খনন কৰাইছিল।১৫১৬ ১৭শ শতিকাত মহীশুৰৰ মহাৰজাই এই বান্ধটো নিৰ্মাণ কৰিছিল। ১৭১৮ বান্ধটোৰপৰা জলসিঞ্চনৰ বাবে নিৰ্মাণ কৰা আৰক্কানকোট্টাই আৰু থাডাপল্লী খাললৈ পানী যোগান ধৰা হয়।১৬
কলিংগাৰায়ণ অনিকুট
ভৱানী নদীৰ ওপৰত নিৰ্মিত কলিংগৰায়ন আনিকাট ইৰোড জিলাৰ Bhavaniৰ ওচৰত অৱস্থিত। আনিকাটৰপৰা আৰম্ভ হোৱা ৯০.৫ কিলোমিটাৰ (৫৬.২ মাইল) দীঘল কলিংগৰায়ন খালে প্ৰায় ১৫,৭৪৩ একৰ (৬,৩৭১ হেক্টৰ) কৃষিভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰে। land.১৯আনিকুট আৰু খাল নিৰ্মাণকে ধৰি এই প্ৰকল্পৰ কাম ১২৭১ চনত আৰম্ভ হৈ ১২৮৩ চনত সম্পূৰ্ণ হৈছিল। এই নিৰ্মাণকাৰ্য কংগু অঞ্চলৰ শাসক কলিংগৰায়নে সম্পন্ন কৰিছিল।২০
তথ্যসূত্ৰ
- ↑ (November 2022). Aquifier mapping and groundwater management in Bhavani basin. Central Ground Water Board. পৃ. 12
- ↑ (December 2012). Study of Physico-Chemical Characteristics of Surface Water of Cauvery River and its tributaries. Asian Journal of Chemistry. পৃ. 3199-3203
- ↑ Jain, S. K.; Agarwal, Pushpendra K.; Singh, V. P. (2007). Hydrology and water resources of India. Springer Publishing. পৃ. 708
- ↑ Getting to know the river. দ্য হিন্দু
- ↑ Water resources. Anna University
- ↑ Bhavani. Waterway map
- ↑ (26 June 2012). Human chain formed against Kerala's plan to build dam on River Siruvani. NDTV
- ↑ (23 October 2012). Performing rituals at Kooduthurai becomes risky. দ্য হিন্দু
- ↑ River Bhavani. Rain Water Harvesting
- ↑ Upper Bhavani. Government of Tamil Nadu
- ↑ Velayutham Saravanan. (2020). Water and the Environmental History of Modern India. Bloomsbury Publishing. পৃ. 180. ISBN 978-1-35013-083-8
- ↑ Tourist Information for Erode district. Government of Tamil Nadu
- ↑ Uniqueness of Bhavanisagar dam. Civil Service Training Institute
- ↑ Bhavanisagar dam. Tamil Nadu Agricultural University
- ↑ Kongalavan who built Kodiveri dam. Dinakaran
- ↑ (1994). Indian Archaeology, a Review. Archaeological Survey of India. পৃ. 115
- ↑ (17 August 2015). A watery break from routine. Covai Post
- ↑ Lannerstad, M; Molden, D. (2009). Adaptive water resource management in the South Indian Lower Bhavani Project Command Area. International Water Management Institute. পৃ. 6. ISBN 978-9-29090-703-9
- ↑ (20 June 2011). Kalingarayan sluices opened, Erode all set for farming. দ্য হিন্দু
- ↑ (17 January 2007). Kalingarayan Canal is 725 years old. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৱানী নদী” প্ৰবন্ধৰ সংশোধন ৬৩২২০০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।