অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হাটশিঙিমাৰি

হাটশিঙিমাৰি অসমৰ নৱগঠিত জিলা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ। পূৰ্বতে ই ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমাৰ সদৰ ঠাই আছিল। ২০১৫ চনৰ ১৫ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আন চাৰিখন জিলাৰ লগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা ঘোষণা কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হাটশিঙিমাৰি অসমৰ নৱগঠিত জিলা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ। পূৰ্বতে ই ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমাৰ সদৰ ঠাই আছিল। ২০১৫ চনৰ ১৫ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আন চাৰিখন জিলাৰ লগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা ঘোষণা কৰে।১ ২০১৬ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে নৱগঠিত জিলাখনৰ উপায়ুক্ত আমি.আই. আহমেহদে ইয়াক উদ্বোধন কৰে। ২০১১ চনৰ লোকপিয়ল মতে হাটশিঙিমাৰিৰ জনসংখ্যা ৩৪৪৫ জন আৰু সাক্ষৰতা হাৰ ৭৭.৭৩%।

নামৰ উৎপত্তি

হাটশিঙিমাৰি নাম "হাট" আৰু "শিঙিমাৰি" এই দুই শব্দ লগ লগাই সৃষ্টি হৈছে। "হাট" সাপ্তাহিক বজাৰ; প্ৰতি দেওবাৰে এই অঞ্চলত এখন সাপ্তাহিক বজাৰ বহে। "শিঙিমাৰি" মানে শিঙি মাছ মৰা। অতীতত এই অঞ্চলত শিঙি মাছৰ বজাৰ আছিল বুলি কোৱা হয়।

অৱস্থান

হাটশিঙিমাৰি অসমৰ একেবাৰে পশ্চিম প্ৰান্তৰ দক্ষিণ পাৰত অৱস্থিত। ইয়াৰ পূবত মেঘালয়, দক্ষিণত মানকাচৰ চহৰ আৰু পশ্চিমে জিঞ্জিৰাম নদী অৱস্থিত। হাটশিঙিমাৰি ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা মাত্ৰ ৫ কিঃমিঃ নিলগত।

ৰাজনীতি

হাটশিঙিমাৰি লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু বৰ্তমান সাংসদ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল। লগতে ই ২১ নং বিধানসভা সমষ্টি মানকাচৰৰ অন্তৰ্ভুক্ত আৰু বৰ্তমান বিধায়ক ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ ডঃ মটিউৰ ৰহমান মণ্ডল।

শিক্ষা

হাটশিঙিমাৰিত কেইবাখনো প্ৰতিষ্ঠিত চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান আছে। তাৰে ভিতৰত কেইখনমান হল;

  • ৰেইনব' ইংলিছ স্কুল
  • সাৰ্বজনীন হাটশিঙিমাৰি জাতীয় বিদ্যালয়
  • নামনি অসম জাতীয় বিদ্যালয়
  • শংকৰ আজান জাতীয় বিদ্যালয়
  • ইলাইট একাডেমী
  • হাটশিঙিমাৰি মহাবিদ্যালয়
  • আজমল কলেজ
  • এপল' একাডেমী

তথ্যউৎস

তথ্যসূত্ৰ

  1. ↑ (15 August 2015). CM Tarun Gogoi announces 5 new districts in Assam on Independence Day. Daily News and Analysis. PTI

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাটশিঙিমাৰি” প্ৰবন্ধৰ সংশোধন ৩৮৩২৬৪ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।