ছে লা(লা মানে পাছ) অৰ্থাৎ ছেলা পাছ (Sela Pass) হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পশ্চিম কামেং জিলাৰ সীমাত অৱস্থিত এক উচ্চতম পাহাৰীয়া পথ। ইয়াৰ উচ্চতা ৪১৭০ মিটাৰ (১৩,৭০০ ফুট) আৰু ই ভাৰতীয় বৌদ্ধ চহৰ টাৱাঙক দিৰাং আৰু গুৱাহাটীৰ সৈতে সংযোগ কৰে। এই পাহাৰীয়া পথটো ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (আগতে ৰাষ্ট্ৰীয় ঘাইপথ ২২৯) ৰ অংশ, যি টাৱাঙক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে। এই পথছোৱাত বহুতো দুৰ্লভ গছ-গছনি পোৱা যায় আৰু ই সাধাৰণতে বছৰটোৰ অক্টোবৰ মাহৰ মাজভাগৰ পৰা মাৰ্চ মাহলৈ বৰফৰে আবৃত্ত হৈ থাকে। ছেলা পাছত সোমাওঁতেই বাওঁহাতে ছেলা হ্ৰদ পোৱা যায়। তিব্বতীয় বৌদ্ধ ধৰ্মমতে, এই হ্ৰদটো হৈছে প্ৰায় ১০১টা পবিত্ৰ হ্ৰদৰ ভিতৰত এটা। শীতকালত প্ৰচুৰ তুষাৰপাত হয় যদিও ছেলা পাছটো সাধাৰণতে বছৰটোৰ সকলো সময়তে খোলা থাকে। অৱশ্যে হঠাৎ হোৱা ভূমিস্খলন বা বৰফৰ বাবে পাছটো কেতিয়াবা অস্থায়ীভাৱে বন্ধ হ’ব পাৰে। ছেলা পাছ অৰুণাচল প্ৰদেশৰ পৰ্যটনস্থলী সমূহৰ মাজত অন্যতম আকৰ্ষণীয় স্থান।

ভৌগোলিক অৱস্থান
ছেলা পাছে হিমালয়ৰ এটা চাব-ৰেঞ্জ অতিক্ৰম কৰে যি টাৱাং জিলাক ভাৰতৰ বাকী অংশৰ পৰা পৃথক কৰে।১ পাছটো ৪১৭০ মিটাৰ (১৩,৭০০ ফুট) ওখ২৩ আৰু টাৱাং চহৰৰ পৰা ৭৮ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা ৩৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।৪ যদিও ভাৰতৰ সীমান্ত পথ সংস্থাই (বৰ্ডাৰ ৰ’ড অৰ্গেনাইজেছনে) গোটেই বছৰটো পাছটো খোলা ৰখাৰ বাবে কাম কৰে, ভূমিস্খলনৰ পিছত আৰু প্ৰচণ্ড বৰফৰ সময়ত ই অস্থায়ীভাৱে বন্ধ হোৱাৰ সম্ভাৱনা থাকে। গ্ৰীষ্মকালত ছেলা পাছত বৰ ঠাণ্ডা নহয়, কিন্তু শীতকালত তাপমাত্ৰা -১০ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়।৫ ছেলা হ্ৰদ হৈছে ছেলা পাছৰ উত্তৰ ফালে অৱস্থিত এটা ডাঙৰ হ্ৰদ যাৰ উচ্চতা ৪১৭০ মিটাৰ।৬ এই হ্ৰদটো প্ৰায়ে শীতকালত হিমায়িত হয় আৰু টাৱাং নদীৰ উপনদী নুৰানাঙত নিষ্কাশিত হয়। হ্ৰদটোৰ চাৰিওফালে সীমিত পৰিমাণৰ গছ-গছনি গজে আৰু গ্ৰীষ্মকালত খাদ্যৰ সন্ধানত ইয়াত য়াক সমূহে বিচৰণ কৰে।৩
সুৰংগ
বছৰটোৰ সকলো সময়তে যাতায়াত কৰিব পৰাকৈ, ভাৰত চৰকাৰে ছেলা টানেল বা ছেলা পথ পৰিবহণ সুৰংগ নিৰ্মাণৰ বাবে, ২০১৮-১৯ বৰ্ষৰ বাজেটত পুঁজি যোগান ধৰাৰ কথা ঘোষণা কৰে।৭ ইয়াৰ নিৰ্মাণ কাৰ্য ২০১৯ চনৰ জানুৱাৰীত আৰম্ভ হৈছিল।৮৯ পৰিকল্পনাটোত দুটা সুৰংগ (৯৮০ মিটাৰ আৰু ১,৫৫৫ মিটাৰ দীঘল) আৰু এটা সংযোগী পথ (১,২০০ মিটাৰ দীঘল) অন্তৰ্ভুক্ত হৈ আছে।৯ ভাৰতীয় ৰে’লৱেই ভালুকপুং-টাৱাং ৰে'লৱেৰ জৰিয়তে টাৱাঙক ৰে'লমানচিত্ৰলৈ অনাৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্পৰ চূড়ান্ত অৱস্থান জৰীপ হাতত লৈছে, এই প্ৰকল্পটোৰ জৰীপ ২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে।
ধৰ্মীয় বিশ্বাস
ছেলা পাছ তিব্বতীয় বৌদ্ধ ধৰ্মৰ এক পৱিত্ৰ স্থান। বৌদ্ধসকলে বিশ্বাস কৰে যে, পাছটোৰ ভিতৰত আৰু ইয়াৰ চাৰিওফালে প্ৰায় ১০১টা পৱিত্ৰ হ্ৰদ আছে।১২
জনশ্ৰুতি
১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ সময়ত, ব্ৰিগেডিয়াৰ হুছিয়াৰ সিং ৰাথি ভাৰতীয় সেনাৰ এটা ব্ৰিগেডৰ সৈতে ছেলা পাছৰ প্ৰতিৰক্ষাৰ দায়িত্বত আছিল। এই বিগ্ৰেডটো বিভিন্ন ৰেজিমেণ্টৰ বেটেলিয়নৰ সৈনিকক লৈ গঠিত আছিল, য’ত ১শিখ, ২ শিখ এলআই, ৪ শিখ এলআই আৰু লগতে গাড়োৱাল ৰাইফলছৰ সৈনিক আছিল। ছেলা পাছৰ সুৰক্ষাৰ দায়িত্বত থকা এই বিগ্ৰেডটোক যেতিয়া চীনা সৈন্যই আক্ৰমণ কৰিছিল, তেতিয়াই, যুদ্ধাৱস্থাতে ১৯৬২ চনত, নেফা অঞ্চলত ব্ৰিগেডিয়াৰ হুছিয়াৰ সিঙৰ মৃত্যু হয়। ১৯৬২ চনৰ ২৩ নৱেম্বৰৰ আবেলিলৈকে (যুদ্ধবিৰতিৰ ২ দিন পিছত) ১৫৪ ৰেজিমেণ্টৰ (৪১৯ ইউনিট) ২ নং কোম্পানীৰ চীনা সৈন্যই ব্ৰিগেড কমাণ্ডাৰ, তিনিজন বিষয়া আৰু আন ২৯জন বিষয়াক হত্যা কৰিছিল আৰু বাকীসকল বমডিলাৰ দক্ষিণ-পশ্চিমত ফিতাং দলঙৰ ওচৰৰ ফুডুঙত আহত বা বন্দী হৈছিল।
ব্ৰিগেডিয়াৰ হুছিয়াৰ সিঙৰ মৃতদেহ স্থানীয় মনপাসকলে ফুডুঙত সংৰক্ষণ কৰিছিল। বহু পিছত, ভাৰতীয় সেনা বিষয়াসকল ফুদুঙলৈ উভতি আহে আৰু সাহসী সৈনিকজনৰ অন্ত্যেষ্টক্ৰিয়া সম্পন্ন কৰে, তেওঁৰ জ্যেষ্ঠ পুত্ৰই তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিছিল।
জনশ্ৰুতি মতে, যশৱন্ত সিং ৰাৱত নামৰ ভাৰতীয় সেনাৰ এজন চিপাহীয়ে ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত পাছত চীনা সৈন্যৰ বিৰুদ্ধে অকলে যুঁজ দিছিল। এই যুদ্ধৰ সময়ত ছেলা নামৰ এগৰাকী পাহাৰীয়া গাভৰুৱে যশৱন্ত সিঙক বহুদূৰ বাটকুৰি বাই আহি খাদ্য আৰু পানীৰ যোগান ধৰিছিল আৰু যুঁজিবলৈ প্ৰেৰণা দিছিল। এদিন যুদ্ধত যশৱন্ত সিঙৰ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ কথা শুনি ছেলাই আত্মহত্যা কৰে। সিঙক তেওঁৰ সাহস আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ বাবে মৰণোত্তৰভাৱে মহা বীৰ চক্ৰ বঁটা প্ৰদান কৰা হৈছিল।১৩ দুয়োজনৰ মৃত্যুৰ পিছত যি ঠাইৰ পৰা যশৱন্ত সিঙে চীনা সৈন্যৰ বিৰুদ্ধে যুঁজিছিল সেই গড়টো যশৱন্ত গড় আৰু যি ৰাস্তাৰে ছেলা অহা-যোৱা কৰিছিল সেই ৰাস্তা ছেলা পাছ নামে বিখ্যাত হৈ পৰে। যশৱন্ত গড়ত থকা যশৱন্ত গড় ৱাৰ মেম’ৰিয়েলত যশৱন্ত সিঙে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা বিছনা পত্ৰ, টেলিফোন আদি সংৰক্ষণ কৰি তেওঁৰ যুদ্ধ-স্মৃতি ৰক্ষা কৰা হৈছে আৰু ই ছেলা পাছত অৱস্থিত এক অন্যতম পৰ্যটনস্থলী।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Sela Pass. Pan India Internet Private Limited (PIIPL). arunachalonline.in
- ↑ (21 January 2011). High Altitude Sela Pass–Backbone of Tawang District. Sankara Subramanian C (www.beontheroad.com). beontheroad.com
- ↑ Sela Passmountain pass. travelomy.com
- ↑ How To Reach Sela Pass. Travelomy
- ↑ Sela Pass. Travelomy
- ↑ Other Important Attractions of Tawang District. National Informatics Centre, Tawang (Arunachal Pradesh)
- ↑ Sela pass tunnel, Economic Times, 1 Feb 2018
- ↑ (21 November 2018). Work for construction of Sela tunnel to start soon: DGBR. Business Standard. Press Trust of India
- ↑ (2022-05-18). Explained: The Sela Tunnel – importance and the strategic edge it promises. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেলা পাছ” প্ৰবন্ধৰ সংশোধন ৩৮৫০৭৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।