অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

গোসাঁইগাঁও

গোসাঁইগাঁও (Gossaigaon)অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন ঠাই। ই জিলাখনৰ এটা মহকুমা।

হালনাগাদ: ৩১ জুলাই ২০২৬ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গোসাঁইগাঁও (Gossaigaon)অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন ঠাই। ই জিলাখনৰ এটা মহকুমা।

ভৌগোলিক বিৱৰণ

গোঁসাইগাওঁ ভৌগোলিকভাৱে .১ত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৫০ মিটাৰ (১৬৪ফুট)।

আন্তঃগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি গোসাঁইগাঁৱৰ মুঠ জনসংখ্যা ১৩,২৬৭ জন। ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা। মুঠ জনসংখ্যাৰ ১৩% ছয় বছৰৰ অনুৰ্ধৰ।

গোসাঁইগাঁৱৰ গড় সাক্ষৰতাৰ ৭৬% হাৰ। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮২% আৰু ৬৮%।

যাতায়ত ব্যৱস্থা

গোসাঁইগাঁও ৰে'লপথ তথা আলিবাটেৰে অন্যান্য ঠাইসমূহৰ সৈতে সংযোজিত হৈ আছে। ৰে'ল ষ্টেচনবোৰ- গোসাঁইগাঁও হাট, চৌতাৰা আৰু শ্ৰীৰামপুৰ

শিক্ষা

বিদ্যালয়-

  • গোসাঁইগাঁও উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়

  • গোসাঁইগাঁও মহাবিদ্যালয়
  • ভাওঁৰাগুৰী-বিন্নাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ১০৭৯ নং বৰুৱাপাৰা এল পি স্কুল

ৰাজনীতি

গোসাঁইগাঁও কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।২

উল্লেখযোগ্য ব্যক্তি

শ্ৰীতন্ময় ঘোষ ভাওৰাগুৰীৰ প্ৰথম অসম চৰকাৰৰ অসামৰিক সেৱক। লগতে ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পদ্মশ্ৰী উপাধিৰে সন্মানিত, গোসাঁইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ কামেশ্বৰ ব্ৰহ্মৰ ঘৰ। বিশিষ্ট ৰাজনৈতিক নেতা ৰনেন্দ্ৰ নাৰায়ণ বসুমতাৰী, অমৃত লাল বসুমতাৰী, ৰাজেন্দ্ৰ মুছাহাৰী, বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পৰমেশ্বৰ ব্ৰহ্ম, মিথিয়াচ টুডু, মাজেন্দ্ৰ নাৰ্জাৰী, বিটিচি পৰিষদৰ প্ৰাক্তন সদস্য সোভাৰাম ব্ৰহ্ম, জিৰণ বসুমতাৰী, বিশিষ্ট অধিবক্তা লহেন্দ্ৰ নাথ বসুমতাৰী, গুনেশ্বৰ মুছাহাৰী, বিশিষ্ট সমাজকৰ্মী কমল নাথ চৌধুৰী, যোগেন্দ্ৰনাথ চৌধুৰী ইত্যাদিৰো অৱদান লেখতলবলগীয়া।

উল্লেখযোগ্য স্থান

গোসাঁইগাঁও অসমৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত তথা ই পশ্চিম বংগৰ লগত ব্যৱসায় বাণিজ্যৰ সংযোগ থকা মুখ্য স্হান। ই গোসাঁইগাঁও মহকুমাৰ সদৰ ঠাই।কোকৰাঝাৰ জিলাৰ তিনিটা মহকুমাৰ ভিতৰত গোসাঁইগাঁও মহকুমা সকলো ফালৰ পৰাই উন্নত। ইয়াত মহকুমা প্ৰশাসনৰ কাৰ্যালয়ৰ লগতে বিভিন্ন বিভাগৰ মহকুমা পৰ্যায়ৰ কাৰ্যালয় অৱস্থিত। গোসাঁইগাঁও মহকুমাত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত।

চিকিৎসা সুবিধা

গোসাঁইগাঁওত ১০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয় আছে যত মানুহৰ চিকিৎসা কৰা হয়। লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত বিনামূলীয়া ৰোগ নিৰ্ণয়ৰ সুবিধা উপলব্ধ। গোসাঁইগাঁও চাৰিআলিৰ সমীপত গোসাঁইগাঁও CHC অৱস্হিত।

পশুচিকিৎসাৰ সুবিধা

গোসাঁইগাঁওত পশুচিকিৎসালয়ৰ ভাল সুবিধা আছে। চহৰখনৰ মুল কেন্দ্ৰত গোসাঁইগাঁও পশুচিকিৎসালয় অৱস্হিত। লগতে মহকুমা পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ কাৰ্যালয় আছে। চিকিৎসা কেন্দ্ৰটোত ডাক্তৰ তৰণী কান্ত কলিতা (9864848639) নামৰ এজন জনপ্ৰিয় চিকিৎসকে যোৱা ৩০ বছৰে ৰাইজৰ সেৱা কৰি আহিছে।

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Gossaigaon
  2. ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰকোকৰাঝাৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোসাঁইগাঁও” প্ৰবন্ধৰ সংশোধন ৬২১৯৪২ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।